--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয়পুৰৰ ৰজা জয় সিঙৰ ভূমিত নিৰ্মাণ কৰা হৈছিল তাজমহল। ৰাজস্থানৰ ৰাজসমন্দৰ বিজেপি বিজেপি সাংসদ দিয়া কুমাৰীয়ে শেহতীয়াকৈ এই দাবী কৰিছে। স্মৰ্তব্য যে, যোৱা শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত তাজমহলৰ ভিতৰত ২০ টা কোঠা খোলাৰ দাবীত এখন আবেদন দাখিল কৰা হৈছিল। অযোধ্যা জিলাৰ বিজেপিৰ মিডিয়া ভাৰপ্ৰাপ্ত বিষয়া ৰজনীশ সিঙে দিছিল এই গোচৰ। গোচৰটোৰ শুনানি কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে হোৱাৰ কথা। এই পৰিপ্ৰেক্ষিততে বিজেপি সাংসদ দিয়া কুমাৰীৰ দাবী, তাজমহল জয়পুৰৰ ৰাজা জয় সিঙৰ ভূমিত নিৰ্মাণ কৰা হৈছিল। জয়পুৰৰ ৰজাৰ এই ভূমি মোগল সম্ৰাট শ্বাহজাহানে দখল কৰা বুলিও বিস্ফোৰক মন্তব্য দিয়া কুমাৰীৰ।

জয়পুৰ ৰাজপৰিয়ালৰ সদস্যা দিয়াই কয়, ‘আমাৰ ওচৰত নথিপত্ৰ আছে যে মাটিখিনি জয়পুৰ ৰাজপৰিয়ালৰ। এই ভূমি শ্বাহজাহানে অধিগ্ৰহণ কৰিছিল।’  তেওঁলগতে কয়, ‘মই কৈছোঁ যে আমাৰ ওচৰত ভূমিৰ নথিপত্ৰ আছে। কিন্তু মই নাজানো তেতিয়াৰ পৰিস্থিতি কি আছিল। কিন্তু যদি আদালতে আমাক কিবা দস্তাবেজ দিবলৈ কয়, আমি পোথিখানাৰ (প্ৰাসাদৰ ৰেকৰ্ড কোঠা) পৰা এই তথ্য প্ৰদান কৰিম। যিহেতু সেই সময়ত কোনো ন্যায়পালিকা নাছিল, সেয়েহে সেই সময়ত কোনো আপীল কৰিব পৰা হোৱা নাছিল। ৰেকৰ্ডবোৰ পৰীক্ষা কৰাৰ পিছতহে কথাবোৰ স্পষ্ট হ'ব। ’

ইয়াৰোপৰি দিয়াই কুমাৰীয়ে বিজেপি নেতা ৰজনীশ সিঙে দাখিল কৰা আৱেদনৰ প্ৰতিও জনাইছে পূৰ্ণ সমৰ্থন। আবেদনখনত ৰজনীশে তাজমহলৰ ভিতৰত প্ৰায় ২০ টা কোঠা বন্ধ হৈ আছে আৰু কাকো প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। এই কোঠাবোৰত হিন্দু দেৱতাৰ মূৰ্তি আৰু শাস্ত্ৰ আছে বুলিআও দাবী কৰিছে ৰজনীশে। অৱশ্যে, ন্যায়ালয়ৰ শুনানিৰ পাছতে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ সত্যসত্যতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ