--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয়পুৰৰ ৰজা জয় সিঙৰ ভূমিত নিৰ্মাণ কৰা হৈছিল তাজমহল। ৰাজস্থানৰ ৰাজসমন্দৰ বিজেপি বিজেপি সাংসদ দিয়া কুমাৰীয়ে শেহতীয়াকৈ এই দাবী কৰিছে। স্মৰ্তব্য যে, যোৱা শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত তাজমহলৰ ভিতৰত ২০ টা কোঠা খোলাৰ দাবীত এখন আবেদন দাখিল কৰা হৈছিল। অযোধ্যা জিলাৰ বিজেপিৰ মিডিয়া ভাৰপ্ৰাপ্ত বিষয়া ৰজনীশ সিঙে দিছিল এই গোচৰ। গোচৰটোৰ শুনানি কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে হোৱাৰ কথা। এই পৰিপ্ৰেক্ষিততে বিজেপি সাংসদ দিয়া কুমাৰীৰ দাবী, তাজমহল জয়পুৰৰ ৰাজা জয় সিঙৰ ভূমিত নিৰ্মাণ কৰা হৈছিল। জয়পুৰৰ ৰজাৰ এই ভূমি মোগল সম্ৰাট শ্বাহজাহানে দখল কৰা বুলিও বিস্ফোৰক মন্তব্য দিয়া কুমাৰীৰ।

জয়পুৰ ৰাজপৰিয়ালৰ সদস্যা দিয়াই কয়, ‘আমাৰ ওচৰত নথিপত্ৰ আছে যে মাটিখিনি জয়পুৰ ৰাজপৰিয়ালৰ। এই ভূমি শ্বাহজাহানে অধিগ্ৰহণ কৰিছিল।’  তেওঁলগতে কয়, ‘মই কৈছোঁ যে আমাৰ ওচৰত ভূমিৰ নথিপত্ৰ আছে। কিন্তু মই নাজানো তেতিয়াৰ পৰিস্থিতি কি আছিল। কিন্তু যদি আদালতে আমাক কিবা দস্তাবেজ দিবলৈ কয়, আমি পোথিখানাৰ (প্ৰাসাদৰ ৰেকৰ্ড কোঠা) পৰা এই তথ্য প্ৰদান কৰিম। যিহেতু সেই সময়ত কোনো ন্যায়পালিকা নাছিল, সেয়েহে সেই সময়ত কোনো আপীল কৰিব পৰা হোৱা নাছিল। ৰেকৰ্ডবোৰ পৰীক্ষা কৰাৰ পিছতহে কথাবোৰ স্পষ্ট হ'ব। ’

ইয়াৰোপৰি দিয়াই কুমাৰীয়ে বিজেপি নেতা ৰজনীশ সিঙে দাখিল কৰা আৱেদনৰ প্ৰতিও জনাইছে পূৰ্ণ সমৰ্থন। আবেদনখনত ৰজনীশে তাজমহলৰ ভিতৰত প্ৰায় ২০ টা কোঠা বন্ধ হৈ আছে আৰু কাকো প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। এই কোঠাবোৰত হিন্দু দেৱতাৰ মূৰ্তি আৰু শাস্ত্ৰ আছে বুলিআও দাবী কৰিছে ৰজনীশে। অৱশ্যে, ন্যায়ালয়ৰ শুনানিৰ পাছতে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ সত্যসত্যতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ