--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমত গড়ে প্ৰায় ২৫ শতাংশ পুৰুষ আৰু ১৫ বছৰৰ অধিক বয়সৰ ৭ শতাংশ মহিলাই সুৰা পান কৰা বুলি শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (এন.এফ.এইচ.এছ.) প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (এন.এফ.এইচ.এছ.) হৈছে সমগ্ৰ ভাৰতত পৰিয়ালবোৰৰ এক প্ৰতিনিধিত্বমূলক নমুনাত কৰা এক বহুমুখী জৰীপ। শেহতীয়া এন.এফ.এইচ.এছ.-৫ জৰীপটো ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭০৭ খন জিলাৰ প্ৰায় ৬.৩৭ লাখ নমুনা পৰিয়ালত কৰা হৈছিল। য'ত জিলা পৰ্যায়লৈকে পৃথক আকলন প্ৰদান কৰাৰ বাবে ৭,২৪,১১৫ গৰাকী মহিলা আৰু ১,০১,৮৩৯জন পুৰুষক সামৰি লোৱা হৈছিল। এনএফএইচএছ-৫ প্ৰতিবেদনখন শেহতীয়াকৈ গুজৰাটৰ বদোদৰাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, ২২ শতাংশ পুৰুষৰ তুলনাত ভাৰতত মাত্ৰ ১শতাংশ মহিলাই সুৰা পান কৰে। অসমত চহৰাঞ্চলত ২.৫ শতাংশ মহিলা আৰু গ্ৰাম্য অঞ্চলৰ ৮.২ শতাংশ মহিলাই (১৫ বছৰৰ ঊৰ্ধ্বৰ) সুৰাপান কৰা বুলি প্ৰকাশ পাইছে। আনহাতে, গ্ৰামাঞ্চলত ২১.২ শতাংশ আৰু চহৰাঞ্চলত ২৬ শতাংশ পুৰুষে অসমত সুৰাপান কৰে। সমগ্ৰ দেশৰ ভিতৰতে অৰুণাচল প্ৰদেশত  সুৰাপানকাৰীৰ হাৰ সৰ্বাধিক। প্ৰতিবেদন অনুসৰি, অৰুণাচল প্ৰদেশ (২৪ শতাংশ) আৰু ছিকিমত (১৬ শতাংশ) ১৫ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলাৰ মাজত সুৰাৰ প্ৰচলন সৰ্বাধিক হিচাপে বিবেচিত হৈছে। অৰুণাচল প্ৰদেশতো পুৰুষৰ মাজত সুৰাৰ ব্যৱহাৰ সৰ্বাধিক ৫৩ শতাংশ, ছিকিমত ৪০ শতাংশ। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত সুৰা পান কৰা মহিলাৰ সৰ্বনিম্ন শতাংশ (০.৯ শতাংশ) নথিভুক্ত কৰা হৈছে। পুৰুষৰ ক্ষেত্ৰত, মিজোৰাম (২৩.৭ শতাংশ) আৰু নাগালেণ্ডত (২৩.৯ শতাংশ) সুৰাপানকাৰীৰ সৰ্বনিম্ন হাৰ নথিভুক্ত কৰা হৈছিল। মেঘালয়ত মাত্ৰ ১.৫ শতাংশ মহিলা আৰু ৩২.৪ শতাংশ পুৰুষে সুৰা পান কৰা বুলি( প্ৰকাশ পাইছে। আনহাতে, ত্ৰিপুৰাত ৬.৩ শতাংশ মহিলা আৰু ৩৩ শতাংশ পুৰুষে সুৰাপান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ