--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমত গড়ে প্ৰায় ২৫ শতাংশ পুৰুষ আৰু ১৫ বছৰৰ অধিক বয়সৰ ৭ শতাংশ মহিলাই সুৰা পান কৰা বুলি শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (এন.এফ.এইচ.এছ.) প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (এন.এফ.এইচ.এছ.) হৈছে সমগ্ৰ ভাৰতত পৰিয়ালবোৰৰ এক প্ৰতিনিধিত্বমূলক নমুনাত কৰা এক বহুমুখী জৰীপ। শেহতীয়া এন.এফ.এইচ.এছ.-৫ জৰীপটো ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭০৭ খন জিলাৰ প্ৰায় ৬.৩৭ লাখ নমুনা পৰিয়ালত কৰা হৈছিল। য'ত জিলা পৰ্যায়লৈকে পৃথক আকলন প্ৰদান কৰাৰ বাবে ৭,২৪,১১৫ গৰাকী মহিলা আৰু ১,০১,৮৩৯জন পুৰুষক সামৰি লোৱা হৈছিল। এনএফএইচএছ-৫ প্ৰতিবেদনখন শেহতীয়াকৈ গুজৰাটৰ বদোদৰাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, ২২ শতাংশ পুৰুষৰ তুলনাত ভাৰতত মাত্ৰ ১শতাংশ মহিলাই সুৰা পান কৰে। অসমত চহৰাঞ্চলত ২.৫ শতাংশ মহিলা আৰু গ্ৰাম্য অঞ্চলৰ ৮.২ শতাংশ মহিলাই (১৫ বছৰৰ ঊৰ্ধ্বৰ) সুৰাপান কৰা বুলি প্ৰকাশ পাইছে। আনহাতে, গ্ৰামাঞ্চলত ২১.২ শতাংশ আৰু চহৰাঞ্চলত ২৬ শতাংশ পুৰুষে অসমত সুৰাপান কৰে। সমগ্ৰ দেশৰ ভিতৰতে অৰুণাচল প্ৰদেশত  সুৰাপানকাৰীৰ হাৰ সৰ্বাধিক। প্ৰতিবেদন অনুসৰি, অৰুণাচল প্ৰদেশ (২৪ শতাংশ) আৰু ছিকিমত (১৬ শতাংশ) ১৫ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলাৰ মাজত সুৰাৰ প্ৰচলন সৰ্বাধিক হিচাপে বিবেচিত হৈছে। অৰুণাচল প্ৰদেশতো পুৰুষৰ মাজত সুৰাৰ ব্যৱহাৰ সৰ্বাধিক ৫৩ শতাংশ, ছিকিমত ৪০ শতাংশ। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত সুৰা পান কৰা মহিলাৰ সৰ্বনিম্ন শতাংশ (০.৯ শতাংশ) নথিভুক্ত কৰা হৈছে। পুৰুষৰ ক্ষেত্ৰত, মিজোৰাম (২৩.৭ শতাংশ) আৰু নাগালেণ্ডত (২৩.৯ শতাংশ) সুৰাপানকাৰীৰ সৰ্বনিম্ন হাৰ নথিভুক্ত কৰা হৈছিল। মেঘালয়ত মাত্ৰ ১.৫ শতাংশ মহিলা আৰু ৩২.৪ শতাংশ পুৰুষে সুৰা পান কৰা বুলি( প্ৰকাশ পাইছে। আনহাতে, ত্ৰিপুৰাত ৬.৩ শতাংশ মহিলা আৰু ৩৩ শতাংশ পুৰুষে সুৰাপান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ