--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ ৪×৪০০ মিটাৰ মিক্সড্ ৰীলে দলে ২৬সংখ্যক এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছে। ইয়াৰ লগতে প্রতিযোগিতাখনৰ বুধবাৰে দ্বিতীয় দিনা ভাৰতে বিভিন্ন ইভেন্টত ৪টা ব্যক্তিগত ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক জয় কৰে। 

আগদিনাৰ দুটা পদকসহ ভাৰতে এই পর্যন্ত পদকৰ সংখ্যা ৮টালৈ বৃদ্ধি কৰিছে। ৰূপল চৌধাৰী, সন্তোষ কুমাৰ, বিশাল টি কে আৰু শুভ ভেংকটেছানৰে গঠিত ভাৰতীয় মিক্সড্ ৰীলে দলে ৩ঃ১৮.১২ ছেকেণ্ড সময়মানেৰে শ্রেষ্ঠত্ব অর্জন কৰে আৰু তেনেদৰেই ভাৰতে প্রতিযোগিতাখনত সোণৰ পদক অক্ষত ৰাখে। 

ইয়াৰ আগেয়ে ৰূপলে মহিলাৰ ৪০০ মিটাৰত ব্যক্তিগতভাৱে ৰূপৰ পদক পায়। আনহাতে, ২০২৩ চনত সোণ জয়ী ভাৰতীয় মিক্সড্ ৰীলে দলৰ অন্যতম সদস্য আছিল শুভ। ইফালে, তেজস্বিন শংকৰে ডেকাথলনত ৰূপৰ পদক হস্তগত কৰে। প্ৰবীণ চিত্রাভেলে ১৬.৯০ মিটাৰ জঁপিয়াই পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰে। 

পূজাই মহিলাৰ ১৫০০ মিটাৰত দ্বিতীয় স্থান অধিকাৰ কৰে। আনহাতে, য়ুনাছ শ্বাহে পুৰুষৰ ১৫০০ মিটাৰত ব্ৰঞ্জৰ পদক পায়। প্ৰথম দিনা গুলবীৰ সিঙে ১০,০০০ মিটাৰত সোণ জিকাৰ পাছত আজি মিক্সড ৰীলে ভাৰতলৈ দ্বিতীয়টো স্বৰ্ণ কঢ়িয়াই আনে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ