--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ ৪×৪০০ মিটাৰ মিক্সড্ ৰীলে দলে ২৬সংখ্যক এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছে। ইয়াৰ লগতে প্রতিযোগিতাখনৰ বুধবাৰে দ্বিতীয় দিনা ভাৰতে বিভিন্ন ইভেন্টত ৪টা ব্যক্তিগত ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক জয় কৰে। 

আগদিনাৰ দুটা পদকসহ ভাৰতে এই পর্যন্ত পদকৰ সংখ্যা ৮টালৈ বৃদ্ধি কৰিছে। ৰূপল চৌধাৰী, সন্তোষ কুমাৰ, বিশাল টি কে আৰু শুভ ভেংকটেছানৰে গঠিত ভাৰতীয় মিক্সড্ ৰীলে দলে ৩ঃ১৮.১২ ছেকেণ্ড সময়মানেৰে শ্রেষ্ঠত্ব অর্জন কৰে আৰু তেনেদৰেই ভাৰতে প্রতিযোগিতাখনত সোণৰ পদক অক্ষত ৰাখে। 

ইয়াৰ আগেয়ে ৰূপলে মহিলাৰ ৪০০ মিটাৰত ব্যক্তিগতভাৱে ৰূপৰ পদক পায়। আনহাতে, ২০২৩ চনত সোণ জয়ী ভাৰতীয় মিক্সড্ ৰীলে দলৰ অন্যতম সদস্য আছিল শুভ। ইফালে, তেজস্বিন শংকৰে ডেকাথলনত ৰূপৰ পদক হস্তগত কৰে। প্ৰবীণ চিত্রাভেলে ১৬.৯০ মিটাৰ জঁপিয়াই পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰে। 

পূজাই মহিলাৰ ১৫০০ মিটাৰত দ্বিতীয় স্থান অধিকাৰ কৰে। আনহাতে, য়ুনাছ শ্বাহে পুৰুষৰ ১৫০০ মিটাৰত ব্ৰঞ্জৰ পদক পায়। প্ৰথম দিনা গুলবীৰ সিঙে ১০,০০০ মিটাৰত সোণ জিকাৰ পাছত আজি মিক্সড ৰীলে ভাৰতলৈ দ্বিতীয়টো স্বৰ্ণ কঢ়িয়াই আনে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত