--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে নেপালৰ কাঠমাণ্ডুৰ এটা নাইট ক্লাবত পাৰ্টী কৰি থকা বুলি অভিযোগ কৰি বিজেপিয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ পাছতে ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৰাহুল। নেটিজেনৰ মাজত এই ভিডিঅ’ক লৈ ব্যাপক চৰ্চা চলিছে আৰু শাসকীয় বিজেপি দলে প্ৰধান বিৰোধী নেতাজনৰ এই ভিডিঅ’ক লৈ তেওঁলোকক সমালোচনাৰে থকা-সৰকা কৰাত সামান্যতমো ত্ৰুটি কৰা নাই। 

বিজেপি নেতা অমিত মালৱিয়াই ৰাহুলৰ পাৰ্টীৰ ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুলৰ তীব্ৰ কটাক্ষ কৰা দেখা গৈছিল। বিজেপিৰ এই সমালোচনাত আন একাধিক বিজেপি নেতাই হাত উজান দিয়া দেখা গৈছে। বিহাৰৰ বিজেপি নেতা তথা মন্ত্ৰী শ্বাহনাবাজ হুছেইনে কৈছে যে, ৰাহুল গান্ধীয়ে তেওঁৰ দলটো পৰিচালনা কৰাতকৈ পাৰ্টী কৰাতহে অধিক ব্যস্ত। বিজেপিৰ এই সমালোচনাত নেটিজেনেও হাত উজান দিয়া দেখা গৈছে। বহুতেই ৰাহুলৰ এই কাৰ্যক সহজভাৱে নোলোৱাটো স্পষ্ট হৈ পৰিছে বিভিন্ন টুইটত। 

ৰাহুলৰ এই নেপাল ভ্ৰমণে সৃষ্টি কৰা বিতৰ্কৰ মূল কেন্দ্ৰটোনো পিছে কি? কংগ্ৰেছে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে, ইয়াত দোষণীয় কি? সূৰ্যেৱালাই এখন সংবাদমেল সম্বোধন কৰি কয় যে, ৰাহুল গান্ধীয়ে কাঠমাণ্ডুত এজন বন্ধুৰ বিবাহৰ অনুষ্ঠানত ভাগ ল’বলৈ গৈছিল। তেওঁ এক ব্যক্তিগত ভ্ৰমণত চুবুৰীয়া দেশখনলৈ গৈছে। এইটো বিষয় লৈ হৈ চৈ কৰি থকা বিজেপিয়ে কিয় শক্তিৰ নাটনি, মূল্যবৃদ্ধি দৰে বিয়বোৰক লৈ উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ নিদিয়ে? তেওঁ বিজেপিক তীক্ষ্ণ প্ৰত্যুত্তৰ দি কয় যে, আমাৰ দেশত পৰিয়াল থকাটো, কাৰোবাৰ বিবাহ বা বিবাহপূৰ্ব অনুষ্ঠানত ভাগ লোৱাটো আমাৰ সংস্কৃতি আৰু সভ্যতাৰ অংশ। এই দেশত এতিয়াও বিয়া কৰোঁৱাতো, কাৰোবাৰ বন্ধু হোৱাটো বা কাৰোবাৰ বিবাহৰ শুভ ক্ষণত উপস্থিত থকাটো অপৰাধ বুলি চিহ্নিত হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰসংগ উত্থাপন কৰি সূৰ্যেৱলাই লগতে কয় যে, ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ দৰে অনিমন্ত্ৰিত অতিথি হৈ পাকিস্তানলৈ যোৱা নাই। ৰাহুল গান্ধীয়ে এখন বন্ধু ৰাষ্ট্ৰ নেপাললৈ গৈছে। এজন বন্ধুৰ বিবাহৰ অনুষ্ঠানলৈ জনোৱা নিমন্ত্ৰণ ৰক্ষা কৰি গৈছে।

কিন্তু কোন বন্ধুৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে গৈছিল ৰাহুল? নেপালৰ কাঠমাণ্ডু পোষ্টৰ মতে, ৰাহুল গান্ধী সোমবাৰে তেওঁৰ বন্ধুৰ বিয়াৰ বাবে নেপালত উপস্থিত হৈছিল। বাতৰি কাকতখনে লিখিছে- ৰাহুল গান্ধীয়ে সোমবাৰে আবেলি ৪:৪০ বজাত ভিস্তাৰা এয়াৰলাইনছৰ জৰিয়তে কাঠমাণ্ডুত অৱতৰণ কৰে। তেওঁৰ সৈতে আন তিনিজন লোক আছিল, যাৰ ভিতৰত দুজন আছিল তেওঁৰ নিৰাপত্তাত নিয়োজিত লোক। ৰাহুল গান্ধী আৰু তেওঁৰ বন্ধুসকলে কাঠমাণ্ডুৰ মেৰিয়ট হোটেলত বাহৰ পাতি আছে। ৰাহুল গান্ধীয়ে তেওঁৰ নেপালী বন্ধু সুমনিয়া উদাসৰ বিবাহত ভাগ লোৱাৰ বাবে আহিছিল। সুমনিয়াৰ পিতৃ তথা ম্যানমাৰত নেপালৰ ৰাষ্ট্ৰদূত হৈ থকা ভীম উদাসে কয়, ‘আমি আমাৰ ছোৱালীৰ বিয়াৰ বাবে ৰাহুল গান্ধীলৈ নিমন্ত্ৰণ পঠিয়াইছিলোঁ।’ সুমনিমা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনৰ এগৰাকী প্ৰাক্তন সাংবাদিক আৰু তেওঁ নীমা মাৰ্টিন শ্বেৰ্পাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বিয়াখন মঙলবাৰে অনুষ্ঠিত হৈছিল আৰু ৫ মে'ত বোদ্ধাৰ হায়াত ৰিজেন্সি হোটেলত অভ্যৰ্থনাৰ আয়োজন কৰা হ'ব। এই আড়ম্বৰপূৰ্ণ বিয়া খাবলৈ গৈয়েই এতিয়া ৰাহুলৰ অৱস্থা নাজল-নাথল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি