--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে নেপালৰ কাঠমাণ্ডুৰ এটা নাইট ক্লাবত পাৰ্টী কৰি থকা বুলি অভিযোগ কৰি বিজেপিয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ পাছতে ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৰাহুল। নেটিজেনৰ মাজত এই ভিডিঅ’ক লৈ ব্যাপক চৰ্চা চলিছে আৰু শাসকীয় বিজেপি দলে প্ৰধান বিৰোধী নেতাজনৰ এই ভিডিঅ’ক লৈ তেওঁলোকক সমালোচনাৰে থকা-সৰকা কৰাত সামান্যতমো ত্ৰুটি কৰা নাই। 

বিজেপি নেতা অমিত মালৱিয়াই ৰাহুলৰ পাৰ্টীৰ ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুলৰ তীব্ৰ কটাক্ষ কৰা দেখা গৈছিল। বিজেপিৰ এই সমালোচনাত আন একাধিক বিজেপি নেতাই হাত উজান দিয়া দেখা গৈছে। বিহাৰৰ বিজেপি নেতা তথা মন্ত্ৰী শ্বাহনাবাজ হুছেইনে কৈছে যে, ৰাহুল গান্ধীয়ে তেওঁৰ দলটো পৰিচালনা কৰাতকৈ পাৰ্টী কৰাতহে অধিক ব্যস্ত। বিজেপিৰ এই সমালোচনাত নেটিজেনেও হাত উজান দিয়া দেখা গৈছে। বহুতেই ৰাহুলৰ এই কাৰ্যক সহজভাৱে নোলোৱাটো স্পষ্ট হৈ পৰিছে বিভিন্ন টুইটত। 

ৰাহুলৰ এই নেপাল ভ্ৰমণে সৃষ্টি কৰা বিতৰ্কৰ মূল কেন্দ্ৰটোনো পিছে কি? কংগ্ৰেছে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে, ইয়াত দোষণীয় কি? সূৰ্যেৱালাই এখন সংবাদমেল সম্বোধন কৰি কয় যে, ৰাহুল গান্ধীয়ে কাঠমাণ্ডুত এজন বন্ধুৰ বিবাহৰ অনুষ্ঠানত ভাগ ল’বলৈ গৈছিল। তেওঁ এক ব্যক্তিগত ভ্ৰমণত চুবুৰীয়া দেশখনলৈ গৈছে। এইটো বিষয় লৈ হৈ চৈ কৰি থকা বিজেপিয়ে কিয় শক্তিৰ নাটনি, মূল্যবৃদ্ধি দৰে বিয়বোৰক লৈ উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ নিদিয়ে? তেওঁ বিজেপিক তীক্ষ্ণ প্ৰত্যুত্তৰ দি কয় যে, আমাৰ দেশত পৰিয়াল থকাটো, কাৰোবাৰ বিবাহ বা বিবাহপূৰ্ব অনুষ্ঠানত ভাগ লোৱাটো আমাৰ সংস্কৃতি আৰু সভ্যতাৰ অংশ। এই দেশত এতিয়াও বিয়া কৰোঁৱাতো, কাৰোবাৰ বন্ধু হোৱাটো বা কাৰোবাৰ বিবাহৰ শুভ ক্ষণত উপস্থিত থকাটো অপৰাধ বুলি চিহ্নিত হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰসংগ উত্থাপন কৰি সূৰ্যেৱলাই লগতে কয় যে, ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ দৰে অনিমন্ত্ৰিত অতিথি হৈ পাকিস্তানলৈ যোৱা নাই। ৰাহুল গান্ধীয়ে এখন বন্ধু ৰাষ্ট্ৰ নেপাললৈ গৈছে। এজন বন্ধুৰ বিবাহৰ অনুষ্ঠানলৈ জনোৱা নিমন্ত্ৰণ ৰক্ষা কৰি গৈছে।

কিন্তু কোন বন্ধুৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে গৈছিল ৰাহুল? নেপালৰ কাঠমাণ্ডু পোষ্টৰ মতে, ৰাহুল গান্ধী সোমবাৰে তেওঁৰ বন্ধুৰ বিয়াৰ বাবে নেপালত উপস্থিত হৈছিল। বাতৰি কাকতখনে লিখিছে- ৰাহুল গান্ধীয়ে সোমবাৰে আবেলি ৪:৪০ বজাত ভিস্তাৰা এয়াৰলাইনছৰ জৰিয়তে কাঠমাণ্ডুত অৱতৰণ কৰে। তেওঁৰ সৈতে আন তিনিজন লোক আছিল, যাৰ ভিতৰত দুজন আছিল তেওঁৰ নিৰাপত্তাত নিয়োজিত লোক। ৰাহুল গান্ধী আৰু তেওঁৰ বন্ধুসকলে কাঠমাণ্ডুৰ মেৰিয়ট হোটেলত বাহৰ পাতি আছে। ৰাহুল গান্ধীয়ে তেওঁৰ নেপালী বন্ধু সুমনিয়া উদাসৰ বিবাহত ভাগ লোৱাৰ বাবে আহিছিল। সুমনিয়াৰ পিতৃ তথা ম্যানমাৰত নেপালৰ ৰাষ্ট্ৰদূত হৈ থকা ভীম উদাসে কয়, ‘আমি আমাৰ ছোৱালীৰ বিয়াৰ বাবে ৰাহুল গান্ধীলৈ নিমন্ত্ৰণ পঠিয়াইছিলোঁ।’ সুমনিমা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনৰ এগৰাকী প্ৰাক্তন সাংবাদিক আৰু তেওঁ নীমা মাৰ্টিন শ্বেৰ্পাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বিয়াখন মঙলবাৰে অনুষ্ঠিত হৈছিল আৰু ৫ মে'ত বোদ্ধাৰ হায়াত ৰিজেন্সি হোটেলত অভ্যৰ্থনাৰ আয়োজন কৰা হ'ব। এই আড়ম্বৰপূৰ্ণ বিয়া খাবলৈ গৈয়েই এতিয়া ৰাহুলৰ অৱস্থা নাজল-নাথল হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা