--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টুৱেণ্টী টুৱেণ্টী ফ’ৰ, মোদী ৱানচ ম’ৰ! সোমবাৰে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনৰ ‘পোষ্টডামেৰ প্লেটজ’ৰ এটা থিয়েটাৰ গৃহৰ সুসজ্জিত মঞ্চত প্ৰৱেশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। হলভৰ্তি প্ৰবাসী ভাৰতীৰ মাজত উঠিছিল এটা মাত্ৰ ধ্বনি—মোদী, মোদী। উৎসাহী একাংশই শ্লোগান দিবলৈ আৰম্ভ কৰিছিল ‘টুৱেণ্টী, টুৱেণ্টী ফ’ৰ, মোদী ৱানচ ম’ৰ’। অৰ্থাৎ ২০২৪ তো আকৌ এবাৰ মোদী! এই দৃশ্য ভাইৰেল হোৱাৰ পাছতে এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে যে, বিজেপিয়ে তেওঁলোকৰ পৰৱৰ্তী নিৰ্বাচনী শ্লোগান বিচাৰি পালে। বাৰ্লিনত প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি সেই মঞ্চৰ পৰা দীঘলীয়া ভাষণ দিছিল। সেই সময়ত চৌদিশে ‘মোদী মোদী’, ‘ভাৰত মাতা কী জয়’, ‘মোদী হ্যে তো মুমকিন হ্যে’ আদিৰ দৰে শ্লোগান গুঞ্জৰিত হৈছিল। তাৰ লগতে ‘টুৱেণ্টী টুৱেণ্টী ফ’ৰ, মোদী ৱানছ ম’ৰ’ শ্লোগানো শুনা গৈছিল।  

মোদীয়ে নিজৰ ভাষণ আৰম্ভ কৰিয়েই কৈছিল যে, মই ইয়ালৈ মোৰ বিষয়ে বা মোদী চৰকাৰৰ বিষয়ে ক’বলৈ অহা নাই। মই সুখী যে, মই জাৰ্মানীত থকা ভাৰতীয় সন্তানসকলৰ আগত এইদৰে কথা ক’বলৈ সুযোগ পাইছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত ‘নিউ ইণ্ডিয়া’ৰ কথাৰে ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় প্ৰবাসী ভাৰতীয়সকলৰ পৰা। 

মোদীয়ে নিজৰ ভাষণত কয় যে, এখন নতুন আৰু পুনৰুজ্জীৱিত ভাৰতে এতিয়া সুপৰিকল্পনাৰে আগুৱাই যাবলৈ মন থিৰ কৰি লৈছে। তিনি দশক জোৰা অস্থিৰতাৰ অন্ত পেলাইছে ভাৰতে। এতিয়া দেশে প্ৰতিটো ভোটৰ মূল্য বুজি উঠিছে। তেওঁ লগতে কয়, নতুন ভাৰত এতিয়া ৰিস্ক ল’বলৈ সাজু, উদ্ভাৱন আৰু জন্ম দিয়াৰ বাবে সাজু। ২০১৪ চনত ২০০ৰপৰা ৪০০টাহে ষ্টাৰ্ট আপ থকা ভাৰতত এতিয়া ৬৮ হাজাৰ ষ্টাৰ্টআপে গঢ় লৈ উঠিছে। ইয়াৰে বহুতেই ১০ বিলিয়ন ডলাৰৰ ভেলুৱেশ্যনেৰে ‘ডেক্কা-কৰ্ন’ত পৰিণত হৈছে। মোদীৰ এই স্থানপোযোগী ভাষণে বিশেষ গ্ৰহণযোগ্যতা লাভ কৰা দেখা যায় প্ৰবাসী ভাৰতীয়সকলৰ মাজত।

উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে ইউৰোপৰ তিনিখন দেশ ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে উপস্থিত হৈছিল বাৰ্লিনত। বিভিন্ন চৰকাৰী কাৰ্যসূচীত ভাগ লোৱাৰ লগতে প্ৰবাসী ভাৰতীয়সকলৰ অভিবাদন গ্ৰহণ কৰে মোদীয়ে। মোদীক আন্তৰিকতাপূৰ্ণ আদৰণি জনোৱাৰ লগতে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে দেশপ্ৰেমৰ বাণীৰে উদ্বেলিত হৈ পৰা দেখা যায় মোদীৰ ভ্ৰমণৰ সময়ত। তাৰ মাজতে ২০২৪তো মোদীকে বিচাৰি প্ৰবাসী ভাৰতীয়ই দিয়া শ্লোগানে স্বাভাৱিকতে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে