--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টুৱেণ্টী টুৱেণ্টী ফ’ৰ, মোদী ৱানচ ম’ৰ! সোমবাৰে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনৰ ‘পোষ্টডামেৰ প্লেটজ’ৰ এটা থিয়েটাৰ গৃহৰ সুসজ্জিত মঞ্চত প্ৰৱেশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। হলভৰ্তি প্ৰবাসী ভাৰতীৰ মাজত উঠিছিল এটা মাত্ৰ ধ্বনি—মোদী, মোদী। উৎসাহী একাংশই শ্লোগান দিবলৈ আৰম্ভ কৰিছিল ‘টুৱেণ্টী, টুৱেণ্টী ফ’ৰ, মোদী ৱানচ ম’ৰ’। অৰ্থাৎ ২০২৪ তো আকৌ এবাৰ মোদী! এই দৃশ্য ভাইৰেল হোৱাৰ পাছতে এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে যে, বিজেপিয়ে তেওঁলোকৰ পৰৱৰ্তী নিৰ্বাচনী শ্লোগান বিচাৰি পালে। বাৰ্লিনত প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি সেই মঞ্চৰ পৰা দীঘলীয়া ভাষণ দিছিল। সেই সময়ত চৌদিশে ‘মোদী মোদী’, ‘ভাৰত মাতা কী জয়’, ‘মোদী হ্যে তো মুমকিন হ্যে’ আদিৰ দৰে শ্লোগান গুঞ্জৰিত হৈছিল। তাৰ লগতে ‘টুৱেণ্টী টুৱেণ্টী ফ’ৰ, মোদী ৱানছ ম’ৰ’ শ্লোগানো শুনা গৈছিল।  

মোদীয়ে নিজৰ ভাষণ আৰম্ভ কৰিয়েই কৈছিল যে, মই ইয়ালৈ মোৰ বিষয়ে বা মোদী চৰকাৰৰ বিষয়ে ক’বলৈ অহা নাই। মই সুখী যে, মই জাৰ্মানীত থকা ভাৰতীয় সন্তানসকলৰ আগত এইদৰে কথা ক’বলৈ সুযোগ পাইছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত ‘নিউ ইণ্ডিয়া’ৰ কথাৰে ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় প্ৰবাসী ভাৰতীয়সকলৰ পৰা। 

মোদীয়ে নিজৰ ভাষণত কয় যে, এখন নতুন আৰু পুনৰুজ্জীৱিত ভাৰতে এতিয়া সুপৰিকল্পনাৰে আগুৱাই যাবলৈ মন থিৰ কৰি লৈছে। তিনি দশক জোৰা অস্থিৰতাৰ অন্ত পেলাইছে ভাৰতে। এতিয়া দেশে প্ৰতিটো ভোটৰ মূল্য বুজি উঠিছে। তেওঁ লগতে কয়, নতুন ভাৰত এতিয়া ৰিস্ক ল’বলৈ সাজু, উদ্ভাৱন আৰু জন্ম দিয়াৰ বাবে সাজু। ২০১৪ চনত ২০০ৰপৰা ৪০০টাহে ষ্টাৰ্ট আপ থকা ভাৰতত এতিয়া ৬৮ হাজাৰ ষ্টাৰ্টআপে গঢ় লৈ উঠিছে। ইয়াৰে বহুতেই ১০ বিলিয়ন ডলাৰৰ ভেলুৱেশ্যনেৰে ‘ডেক্কা-কৰ্ন’ত পৰিণত হৈছে। মোদীৰ এই স্থানপোযোগী ভাষণে বিশেষ গ্ৰহণযোগ্যতা লাভ কৰা দেখা যায় প্ৰবাসী ভাৰতীয়সকলৰ মাজত।

উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে ইউৰোপৰ তিনিখন দেশ ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে উপস্থিত হৈছিল বাৰ্লিনত। বিভিন্ন চৰকাৰী কাৰ্যসূচীত ভাগ লোৱাৰ লগতে প্ৰবাসী ভাৰতীয়সকলৰ অভিবাদন গ্ৰহণ কৰে মোদীয়ে। মোদীক আন্তৰিকতাপূৰ্ণ আদৰণি জনোৱাৰ লগতে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে দেশপ্ৰেমৰ বাণীৰে উদ্বেলিত হৈ পৰা দেখা যায় মোদীৰ ভ্ৰমণৰ সময়ত। তাৰ মাজতে ২০২৪তো মোদীকে বিচাৰি প্ৰবাসী ভাৰতীয়ই দিয়া শ্লোগানে স্বাভাৱিকতে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ