--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নির্বাচনলৈ যিমানেই দিন চমু চাপি আহিছে, সিমানেই স্পষ্ট হৈ পৰিছে প্ৰাৰ্থীসকলৰ জয়-পৰাজয়ৰ ছবিখন। ৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কেটেটং, ইন্থেম আৰু পুৰণিপুখুৰী গাঁও পঞ্চায়তক লৈ নতুনকৈ গঠিত পুৰণিপুখুৰী জিলা পৰিষদৰ সমষ্টিটোত প্ৰচাৰৰ ক্ষেত্ৰত অগ্রগতি লাভ কৰিছে বিজেপি প্রার্থী ভাদেশ্বৰ মৰাণে। 

তেওঁৰ বিপক্ষে নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে অজাপৰ হেম বাহাদুৰ চেত্ৰী, কংগ্ৰেছৰ ডিম্বেশ্বৰ বৰুৱা আৰু নিৰ্দলীয় জেমছ বাগে। বর্তমানলৈকে লোকচক্ষুত নির্বাচনী প্ৰচাৰত অগ্রগতি লাভ কৰিছে জ্যেষ্ঠ বিজেপি নেতা ভাদেশ্বৰ মৰাণে। বাকীসকলে ঠাই বিশেষে ভিতৰুৱাকৈ প্ৰচাৰকাৰ্য অব্যাহত ৰাখিছে যদিও সৰ্বসাধাৰণে জনাকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰাটো প্রত্যক্ষ হোৱা নাই। 

উল্লেখযোগ্য যে বিজেপিৰ প্রার্থীগৰাকীৰ ব্যতিৰেকে বাকী তিনিওগৰাকী প্রার্থীয়েই পৰিষদীয় সমষ্টিটোৰ বাবে অপৰিচিত লোক। নিৰ্বাচনৰ সামগ্রিক পৰিস্থিতিৰ সন্দৰ্ভত প্রশ্ন কৰাত বিজেপি প্রার্থী ভাদেশ্বৰ মৰাণে কয় যে তেওঁৰ বিজয় নিশ্চিত। 

তেওঁৰ স'তে এগৰাকীও নিকট প্রতিদ্বন্দ্বী নাই বুলি দৃঢ়তাৰে কয়। অৱশ্যে কংগ্ৰেছ আৰু অজাপৰ তুলনাত নিৰ্দলীয় প্রার্থী জেমছ বাগে অধিক ভোট লাভ কৰিব বুলি কৰা তেওঁৰ মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে। তেওঁৰ মতে তেওঁ পৰিষদীয় এলেকাধীন তিনিওখন পঞ্চায়তক প্রতিনিধিত্ব কৰা আঞ্চলিক পঞ্চায়তৰ সদস্য, ক্রমে মিনাক্ষী গগৈ, অৰুণা গুডুং, অগপ আৰু কুৱাৰী হেমৰমৰ বিজয় নিশ্চিত। কিন্তু দলীয় প্রতীকৰ সলনি নির্দলীয় প্রতীক চিহ্ন ব্যৱহাৰ কৰা অধিকাংশ বার্ড সদস্যৰ জয়-পৰাজয়ৰ অংক ভোট গণনাৰ পাছতহে নিৰ্ণয় হ'ব বুলি সচেতন ব্যক্তি বিশেষে অনুভৱ কৰে। 

উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বেই কেটেটং গাঁও পঞ্চায়তৰ বিজেপি সমর্থিত তিনিজন বার্ড সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ইয়াৰে ইন্থেম পঞ্চায়তৰ অন্তৰ্গত ৭ নং খাটাংপানী ৱাৰ্ডৰ যুঁজখন উল্লেখনীয় হ'ব বুলি পূর্বানুমান কৰা হৈছে। 

ৱাৰ্ডটোত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি সমর্থিত অনিল মাউত আৰু কংগ্ৰেছ সমর্থিত উইলচন টপ্ল'ৱে। দুয়োজনৰ মাজত চলিবলগীয়া নির্বাচনী যুঁজত কোনে বৈতৰণী অতিক্রম কৰে সেয়া সময়েহে প্রমাণ কৰিব। ইফালে পুৰণি পুখুৰী জিলা পৰিষদ সমষ্টিৰ প্ৰানিৰ্বাচনী ধাৰণা কৰি অজাপৰ নেতৃত্বই কয় যে বিজেপি প্রার্থী ভাদেশ্বৰ মৰাণৰ বিপক্ষে অজাপ প্রার্থী অৱসৰী বেংক পৰিচালক হেম বাহাদুৰ চেত্ৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰৰ পৰিৱৰ্তে 'ছাইলেন্ট কিলাৰ'ৰ ৰূপত নিৰ্বাচনী যুঁজত নামি পৰিছে। হেম বাহাদুৰ চেত্ৰীয়ে ভাদেশ্বৰ মৰাণৰ দৰে জ্যেষ্ঠ বিজেপি নেতাক পৰাভূত কৰিবলৈ বিশেষ ৰণকৌশল তৈয়াৰ কৰিছে বুলিও অজাপৰ 'ছাইলেন্ট নেতৃত্ব'ই এই প্রতিবেদকক জানিবলৈ দিছে। হেম বাহাদুৰক জিকাই নিবলৈ আনকি 'ৰাইজৰ দল'ৰ যুৱ নেতা ৰাহুল চেত্ৰী, মাৰ্ঘেৰিটাৰ বিজেপি নেতৃত্ব বিদ্বেষী একাধিক বিজেপি নেতাকে প্রমুখ্য কৰি বিভিন্নজনে ভিতৰি ভিতৰি হাতে-কামে নামি পৰিছে। এতিয়া সময়েহে প্রমাণ কৰিব কোনে শেষ হাঁহি মাৰে - ভাদেশ্বৰে নে হেম বাহাদুৰে?


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ