--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অবাধ দুর্নীতিৰ অন্যতম সাক্ষী হ'বলৈ লোৱা আনুমানিক ডেৰশ কোটিৰো অধিক টকাৰ বিনিময়ত ডিফুত নির্মীয়মাণ অট্টালিকাৰ সংবাদে এতিয়া ডিফুত তোলপাৰ লগাইছে। উল্লেখযোগ্য যে বিগত তেৰ বছৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকা ৰংহাঙৰ বিৰুদ্ধে আছে বহু দুর্নীতিৰ অভিযোগ। 

শেহতীয়াকৈ কয়লাৰ অবৈধ বেহাতো ৰংহাঙৰ নাম উচ্চাৰিত হৈছে। কংগ্ৰেছৰ শাসন কালত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হোৱা তুলিৰাম ৰংহাং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অতি বিশ্বাসযোগ্য এজন নেতা ৰূপে কাৰ্বি আংলঙৰ লগতে অসমতো এতিয়া পৰিচিত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সমস্ত ক্ষমতা এতিয়া তুলিৰামৰ হাতলৈ অহাৰ লগতে কাৰ্বি আংলং জিলাৰ আটাইতকৈ শক্তিশালী নেতা হৈ পৰিছে তুলিৰাম ৰংহাং। 

শেহতীয়াকৈ তুলিৰাম ৰংহাং চৰ্চালৈ আহিছে ডিফুৰ ৰংথেয়াঙত নিৰ্মাণ কৰি থকা এটা অট্টালিকাক কেন্দ্ৰ কৰি। অট্টালিকাটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা অসমৰ বাহিৰৰ এইচ বি এছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এশ কোটিৰো অধিক ধনৰ বিনিময়ত এই কামৰ দায়িত্ব লাভ কৰা বুলি প্রকাশ কৰাৰ পাছতেই জিলাখনৰ বিভিন্ন দল-সংগঠন প্রতিবাদমুখৰ হৈ পৰা দেখা গৈছে। 

মুখ্যমন্ত্ৰীৰ ক্ষমতাৰে শক্তিশালী তুলিৰামৰ এনে বলিউডী কায়দাৰ গৃহ নির্মাণে এতিয়া জিলাবাসীৰ চকু কপালত তুলিছে। সততে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বচন আওৰোৱা বিজেপিৰ শীর্ষ নেতৃত্বই তুলিৰামৰ দুৰ্নীতিৰ নিৰপেক্ষ তদন্ত কৰিবলৈ সক্ষম হ'ব নে সেইটো এতিয়া সকলোৰে বাবে প্রশ্ন হৈ পৰিছে। আনহাতে, সমপৰিমাণৰ ধনেৰে তুলিৰাম ৰংহাঙে গুৱাহাটীৰ জয়ানগৰতো এক বিশাল অট্টালিকা নিৰ্মাণ কৰিছে বুলি বিভিন্ন দল-সংগঠনে অভিযোগ কৰি আহিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ