--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অবাধ দুর্নীতিৰ অন্যতম সাক্ষী হ'বলৈ লোৱা আনুমানিক ডেৰশ কোটিৰো অধিক টকাৰ বিনিময়ত ডিফুত নির্মীয়মাণ অট্টালিকাৰ সংবাদে এতিয়া ডিফুত তোলপাৰ লগাইছে। উল্লেখযোগ্য যে বিগত তেৰ বছৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকা ৰংহাঙৰ বিৰুদ্ধে আছে বহু দুর্নীতিৰ অভিযোগ। 

শেহতীয়াকৈ কয়লাৰ অবৈধ বেহাতো ৰংহাঙৰ নাম উচ্চাৰিত হৈছে। কংগ্ৰেছৰ শাসন কালত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হোৱা তুলিৰাম ৰংহাং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অতি বিশ্বাসযোগ্য এজন নেতা ৰূপে কাৰ্বি আংলঙৰ লগতে অসমতো এতিয়া পৰিচিত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সমস্ত ক্ষমতা এতিয়া তুলিৰামৰ হাতলৈ অহাৰ লগতে কাৰ্বি আংলং জিলাৰ আটাইতকৈ শক্তিশালী নেতা হৈ পৰিছে তুলিৰাম ৰংহাং। 

শেহতীয়াকৈ তুলিৰাম ৰংহাং চৰ্চালৈ আহিছে ডিফুৰ ৰংথেয়াঙত নিৰ্মাণ কৰি থকা এটা অট্টালিকাক কেন্দ্ৰ কৰি। অট্টালিকাটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা অসমৰ বাহিৰৰ এইচ বি এছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এশ কোটিৰো অধিক ধনৰ বিনিময়ত এই কামৰ দায়িত্ব লাভ কৰা বুলি প্রকাশ কৰাৰ পাছতেই জিলাখনৰ বিভিন্ন দল-সংগঠন প্রতিবাদমুখৰ হৈ পৰা দেখা গৈছে। 

মুখ্যমন্ত্ৰীৰ ক্ষমতাৰে শক্তিশালী তুলিৰামৰ এনে বলিউডী কায়দাৰ গৃহ নির্মাণে এতিয়া জিলাবাসীৰ চকু কপালত তুলিছে। সততে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বচন আওৰোৱা বিজেপিৰ শীর্ষ নেতৃত্বই তুলিৰামৰ দুৰ্নীতিৰ নিৰপেক্ষ তদন্ত কৰিবলৈ সক্ষম হ'ব নে সেইটো এতিয়া সকলোৰে বাবে প্রশ্ন হৈ পৰিছে। আনহাতে, সমপৰিমাণৰ ধনেৰে তুলিৰাম ৰংহাঙে গুৱাহাটীৰ জয়ানগৰতো এক বিশাল অট্টালিকা নিৰ্মাণ কৰিছে বুলি বিভিন্ন দল-সংগঠনে অভিযোগ কৰি আহিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ