--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে বুধবাৰে জাতি পিয়লৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত বুধবাৰে অনুষ্ঠিত হোৱা ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে (চি চি পি এ) দেশত জাতি পিয়ল কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। 

জাতি পিয়ল লোকপিয়লৰ লগতে কৰা হ'ব। বিৰোধী পক্ষই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত সন্তুষ্টি প্রকাশ কৰি কয় যে তেওঁলোকৰ এটা দীর্ঘদিনীয়া দাবী পূৰণ হ'ল। কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে চি চি পি এৰ বৈঠকৰ পাছত এই কথা প্রকাশ কৰে। তেওঁ কয় যে চৰকাৰে মূল লোকপিয়লৰ লগতে জাতি পিয়ল কৰাৰো সিদ্ধান্ত লৈছে। চৰকাৰৰ এই সিদ্ধান্তক এক ঐতিহাসিক পদক্ষেপ বুলি গণ্য কৰা হৈছে কিয়নো এতিয়ালৈকে জাতি পিয়ল মূল পিয়লৰ অংশ নাছিল। 

বৈষ্ণৱে কয়, 'একাংশ ৰাজ্যই নিজাববীয়াকৈ জাতি জৰীপ কৰিছে, কিন্তু সামাজিক গাঁথনি সম্পর্কে জনাৰ বাবে এক সামগ্রিক দৃষ্টিভংগীৰ প্রয়োজন। এতিয়া পৰৱৰ্তী লোকপিয়লৰ লগতে জাতি পিয়লো কৰাৰ সিদ্ধান্ত লয় চি চি পি এই আৰু ই সুকীয়া জৰীপৰ দৰে নহ'ব।' কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয় যে কংগ্ৰেছৰ চৰকাৰসমূহে জাতি পিয়লৰ বিৰোধিতা কৰি আহিছে। স্বাধীনতাৰ পাছত হোৱা সকলো লোকপিয়লতে জাতি পিয়ল কৰা হোৱা নাছিল। 

তেওঁ কয়, '২০১০ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী প্রয়াত মনমোহন সিঙে লোক সভাত এইবুলি আশ্বাস দিছিল যে জাতি পিয়লৰ সম্পৰ্কে কেবিনেটে বিবেচনা কৰিব। ইয়াৰ পাছত মন্ত্ৰীসকলৰ এটা গোটো গঠন কৰা হৈছিল আৰু অধিকাংশ ৰাজনৈতিক দলে জাতিভিত্তিক পিয়লক লৈ সন্তুষ্টি প্রকাশ কৰিছিল। ইয়াৰ পাছতো চৰকাৰে জাতিভিত্তিক পিয়লৰ পৰিৱৰ্তে এক জৰীপ কৰাটোহে উচিত বুলি ভাবিলে যাক এছ ই চি চি নামেৰে জনা যায়।' মন্ত্রীজনে কয় যে কংগ্ৰেছ আৰু ইণ্ডিয়া মৰ্চাৰ দলসমূহে ৰাজনৈতিক স্বাৰ্থৰ বাবেহে জাতিভিত্তিক পিয়লক ব্যৱহাৰ কৰিছে। বৈষ্ণৱে কয় যে লোকপিয়লৰ বিষয় সংবিধানৰ ২৪৬ নম্বৰ অনুচ্ছেদৰ অধীনত কেন্দ্রীয় চৰকাৰৰ আওতাৰ ভিতৰত পৰে। 

অৱশ্যে, একাংশ ৰাজ্যই জৰীপৰ জৰিয়তে জাতিভিত্তিক পিয়ল কৰোৱায়। মন্ত্ৰীজনৰ মতে, জাতিভিত্তিক পিয়লৰ জৰিয়তে সমাজ আর্থিক আৰু সামাজিকভাৱে শক্তিশালী হ'ব আৰু দেশৰ প্ৰগতি ত্বৰান্বিত হ'ব। উল্লেখযোগ্য যে লোকপিয়লৰ ফৰ্মত এইবাৰ জাতিৰ এটা কলম থাকিব। ইয়াৰ ভিত্তিত কোনটো জাতিৰ কিমান সংখ্যক লোক আছে সেই বিষয়ে তথ্য আহৰণ কৰা হ'ব। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পার্টিৰ সভাপতি অখিলেশ সিং যাদৱকে ধৰি বিৰোধী পক্ষৰ নেতাসকলে জাতিভিত্তিক পিয়লৰ দাবী কৰি আহিছে। যোৱা বছৰ অনুষ্ঠিত হোৱা সাধাৰণ নির্বাচনতো কংগ্ৰেছৰ নেতৃত্বৰ ইণ্ডিয়া মৰ্চাৰ অধিকাংশ দলে জাতিভিত্তিক পিয়লৰ দাবী কৰি আহিছিল। কেন্দ্ৰীয় চৰকাৰে আজি এই সিদ্ধান্ত বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি লোৱা বুলি কোৱা হৈছে। 

উল্লেখযোগ্য যে জাতিভিত্তিক কৰা জৰীপৰ প্রতিবেদন ৰাজহুৱা কৰা বিহাৰ একমাত্ৰ ৰাজ্য। ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক এক বৃহৎ জয় বুলি অভিহিত কৰিছে বিৰোধী পক্ষই। কংগ্ৰেছৰ নেতা তথা লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে এখন সংবাদমেলত কয়, 'জাতি পিয়ল প্রথমটো পদক্ষেপ। ই আমাৰ লক্ষ্য আছিল আৰু চৰকাৰে এতিয়া ইয়াক মানি ল'লে।' গান্ধীয়ে লগতে কয়, 'জাতি পিয়লৰ ডিজাইন কৰাত আমি চৰকাৰক সমর্থন জনাম। আমাৰ হাতত তেলেংগানা আৰু বিহাৰৰ দৰে দুটা উদাহৰণ আছে কিন্তু দুয়োটাৰ মাজত আকাশ-পাতাল পার্থক্য। 

চৰকাৰে কেনেদৰে জাতি পিয়ল কৰিব সেই কথা আমাক জনাওক।' তেওঁ লগতে চৰকাৰক উদ্দেশ্যি কয়, 'জাতি পিয়ল কেতিয়া আৰম্ভ কৰিব সেই কথা আমাক জনাওক।' কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খৰ্গেইও চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁ কয়, অখিল ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে সদায় জাতি পিয়লৰ দাবী কৰি আহিছে আৰু এই বিষয়টোত আটাইতকৈ মুখৰ হৈ থকা পক্ষটো হ'ল ৰাহুল গান্ধী। আজি মোদী চৰকাৰে লোকপিয়লৰ লগতে জাতি পিয়লৰ সিদ্ধান্ত লৈছে যিটো আমি প্ৰথম দিনৰ পৰাই দাবী কৰি আহিছোঁ। আৰ দে ডিৰ নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী তেজস্বী যাদৱেও মোদী চৰকাৰৰ এই সিদ্ধান্তত সন্তুষ্টি প্রকাশ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ