--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  পাটিয়ালা কাৰাগাৰত বন্দী নৱজ্যোত সিং সিদ্ধুৰ বাবে বিশেষ খাদ্য যোগান ধৰাৰ আবেদত অনুমোদন জনাইছে আদালতে। সেই অনুসৰি তেওঁৰ খাদ্য তালিকা প্ৰস্তুত কৰা হৈছে। স্বাস্থ্যজনিত কাৰণত তেওঁক বিশেষ ধৰণৰ খাদ্য যোগান ধৰা হ’ব কাৰাগাৰত থকা সময়ছোৱাত। পিছে এই খাদ্যৰ তালিকা পোহৰলৈ অহাৰ পাছতে ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। সিদ্ধুৰ খাদ্যৰ তালিকা দেখি বিভিন্নজনে প্ৰশ্ন কৰিছে যে, এয়া কাৰাগাৰৰ খাদ্যৰ তালিকা নে ফাইভ ষ্টাৰ স্পাৰ? পিছে কিনো আছে সিদ্ধুৰ বাবে প্ৰস্তুত কৰা বিশেষ খাদ্যৰ তালিকাত?

পুৱা : এগিলাছ বীটৰুট বা জাতিলাউৰ ৰস বা টিয়হ বা মৌচুমীৰ ৰস। তুলসী বা পদিনাৰ পাতৰ ৰস বা আমলা, সেয়া নহ’লে চেলেৰীৰ পাত বা সতেজ হালধীৰ ৰস অন্যথা গাজৰৰ ৰস বা এলোভেৰাৰ ৰস। 
প্ৰতিদিনে সালসলনিকৈ এটা ফল। এই ফলৰ তালিকাত আছে তৰমুজ, মেলন, কিৱি, মধুৰিয়াম, আপেল বা উড আপেল বা শ্ৰীফল। ২৫ গ্ৰাম গজালি ওলোৱা ক’লা বুট, ২৫ গ্ৰাম মগু, লগতে তিয়হ অথবা বিলাহী বা এফাল নেমু আৰু এভোকাডো।  

দুপৰীয়াৰ আহাৰ : ৩০ গ্ৰাম জোৱাৰৰ পৰা প্ৰস্তুত কৰা এখন ৰুটী, এবাতি শাক-পাচলি আৰু লগতে তিয়হ আৰু জাতিলাউ বা বীটৰুটৰ ৰাইতা। তিয়হ, বিলাহী, কাকৰী, লেটুচ পাত এফাল নেমু দি প্ৰস্তুত কৰা চালাদ আৰু লচ্চী।
সন্ধিয়াৰ আহাৰ : ১০০০ মিলিলিটাৰ জোখৰ একাপ চাহ। চেনী নিদিয়াকৈ কম চৰ্বিযুক্ত গাখীৰেৰে এই চাহ প্ৰস্তুত কৰিব লাগিব। ২৫ গ্ৰাম পনীৰ বা ২৫ গ্ৰাম টফু এফাল নেমুৰ সৈতে দিব লাগিব।

নিশাৰ আহাৰ : এবাতি মিহলি পাচলি আৰু দাইলৰ ছুপ বা জালুক দি প্ৰস্তুত কৰা ২০০ গ্ৰাম ক’লা বুটৰ ছুপ, পাতলকৈ ভজা বতৰৰ বিভিন্ন পাচলি।  শোৱাৰ সময়ৰ আহাৰ : একাপ কেমোমাইল চাহ আৰু এচামুল ইছবগোল আধাগিলাচ গৰম পানীৰ সৈতে।

তদুপৰি তেওঁৰ খাদ্য সম্পৰ্কত ভালেমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। সেই অনুসৰি তেওঁক কোনো ধৰণৰ সংসাধন কৰা খাদ্য যাতে দিয়া নহয়, ছেচুৰেটেড চৰ্চিৰ পৰা তেওঁক আঁতৰত ৰখা যাতে হয় তাৰ বাবেও নিৰ্দেশ দিয়া হৈছে। তেওঁৰ খাদ্য কেৱল অলিভ অইল বা ৰাইচ ব্ৰেন অইল, খাটী সৰিয়হৰ তেল বা কোল্ড প্ৰেচড সৰিয়হৰ তেল বা কোল্ড প্ৰেচড সূৰ্যমুখী ফুলৰ তেলহে প্ৰস্তুত কৰিবলৈ দিয়া হৈছে। ছালাডত যাতে নিমখ দিয়া নহয় সেয়াও উনুকিয়াই দিয়া হৈছে আৰু দৈনিক অলপ শাৰীৰিক পৰিশ্ৰম কৰাৰ পৰামৰ্শ দিয়া হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ