--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ লাভ কৰা প্ৰথমখন হিন্দী উপন্যাস হিচাপে চিহ্নত হ’ল ‘টোম্ব অব ছেণ্ড’। গীতাঞ্জলি শ্ৰীয়ে ৰেট কী সমাধি শীৰ্ষকেৰে ৰচনা কৰা উপন্যাসখনৰ ইংৰাজী অনুবাদলৈ এই স্বীকৃতি আগবঢ়োৱা হ’ল। এই বিৰল স্বীকৃতিৰ পাছত এতিয়া ভাৰতীয় সাহিত্যৰ নতুন নক্ষত্ৰ হিচাপে বিবেচিত হৈছে গীতাঞ্জলি শ্ৰী। এতিয়া লেখিকগৰাকীৰ বিষয়ে জানিবলৈ উতসুক হৈ পৰিছে সাহিত্যৰসিকসকল।

আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰাৰ পাছত গীতাঞ্জলি শ্ৰী স্বাভাৱিকতে সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। এই স্বীকৃতি লাভৰ পাছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, তেওঁ কেতিয়াও বুকাৰ বঁটা জিনাৰ সপোন দেখা নাছিল। তেওঁ কেতিয়াও এই বিষয়ে ভবাও নাছিল। কিন্তু অভাৱনীয়বাৱে এই সন্মান লাভ কৰাৰ যি সুখ সেয়া তেওঁ শব্দৰে প্ৰকাশ কৰিবলৈ অপাৰগ হৈ পৰিছে। তেওঁ বহুত সন্মানিত অনুভৱ কৰিছে। তেওঁৰ হিন্দী উপন্যাস ৰেট কী সমাধি হিন্দীৰ পৰা ইংৰাজীলৈ টোম্ব অব ছেণ্ড নামেৰে অনুবাদ কৰিছিল বিখ্যাত লেখিকা ডেইজী ৰকৱেলে। বুকাৰ কৰ্তৃপক্ষই লেখক-অনুবাদক দুয়োকে এই উপন্যাসখনৰ বাবে স্বীকৃতি প্ৰদান কৰিছে।

অৱশ্যে, মন কৰিবলগীয়া বিষয় এয়ে যে ভালেমান গুৰুত্বপূৰ্ণ সৃষ্টি তথা ধাৰাবাহিকভাৱে সাহিত্য সাধানাৰে জড়িত হৈ থকাৰ পাছতো গীতাঞ্জলি শ্ৰী হিন্দী সাহিত্যৰ চৰ্চিত নাম নাছিল। তেওঁৰ উপন্যাসখন বুকাৰ বঁটাৰ লং লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ পাছত তেওঁক লৈ ব্যাপক চৰ্চা আৰম্ভ হয় আৰু তেওঁ বিদ্বত সমাজৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। আৰু আজি আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা জয়েৰে গীতাঞ্জলি শ্ৰীৰ টোম্ব অব ছেণ্ডে হিন্দী সাহিত্যৰ মৰ্যাদা বৃদ্ধি কৰি তুলিলে।
উল্লেখ্য যে, গীতাঞ্জলি শ্ৰী হিন্দী সাহিত্যৰ এটা অতি পুৰণি নাম। গীতাঞ্জলি শ্ৰীৰ জন্ম উত্তৰ প্ৰদেশত হৈছিল। ১৯৫৭ চনত মৈনপুৰী জিলাত তেওঁৰ জন্ম হৈছিল। তেওঁ বৰ্তমান দিল্লীৰ বাসিন্দা। তেওঁক গীতাঞ্জলি পাণ্ডে বুলিও জনা যায়। নিজৰ নামৰ সৈতে মাতৃৰ প্ৰথম নাম শ্ৰী যোগ কৰি তেওঁ সাহিত্য জগতত গীতাঞ্জলি শ্ৰী নামেৰে জনাজাত হৈ পৰে। গীতাঞ্জলী শ্ৰীয়ে ভালেমান চুটি গল্পৰ উপৰি ৫ খন উপন্যাস লিখিছে। তেওঁৰ পঞ্চম খন উপন্যাস হৈছে বুকাৰজয়ী ৰেট কী সমাধি। উপন্যাসখন ইংৰাজীৰ উপৰি ফৰাচী ভাষালৈও অনুবাদ কৰা হৈছে। তেওঁ প্ৰথম উপন্যাস ‘মাই’ৰ জৰিয়তে সাহিত্যজগতত প্ৰৱেশ কৰিছিল। গীতাঞ্জলি শ্ৰীৰ উপন্যাসলানি ইংৰাজী আৰু ফৰাচীৰ উপৰি জাৰ্মান, ছাৰ্বিয়ান আৰু কোৰিয়ান ভাষালৈ অনুবাদ কৰা হৈছে।

ইয়াৰ পূৰ্বে লেখিকাগৰাকীক ইন্দু শৰ্মা কথা সন্মান বঁটাৰে সন্মানিত কৰা হৈছিল। তদুপৰি তেওঁ সংস্কৃতি মন্ত্ৰালয় আৰু জাপান ফাউণ্ডেচনৰ সৈতেও জড়িত হৈ আছে। তেওঁ বিবাডী থিয়েটাৰ গ্ৰুপৰ সৈতেও জড়িত হৈ আছে। এই থিয়েটাৰ গোটটোৰ সদস্য হৈ আছে ভালেমান লেখক, শিল্পী, নৃত্যশিল্পী আৰু চিত্ৰশিল্পী । গীতাঞ্জলিৰ শ্ৰীৰ ‘মাই’ উপন্যাসখনক ২০০১ চনত ক্ৰছৱৰ্ড বুক এৱাৰ্ডৰ বাবে মনোনীত কৰা হৈছিল আৰু নীতা কুমাৰে উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ