ডিজিটেল ডেস্ক: অসমৰ ঔদ্যোগিক ক্ষেত্ৰ শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ বানেকুচীত পেপচিক’ ইণ্ডিয়াৰ ৭০০ কোটি টকাৰো অধিক (৭৭৮ কোটি টকা) ব্যয়সাপেক্ষ অত্যাধুনিক খাদ্য প্ৰস্তুতকৰণ কাৰখানা আনুষ্ঠানিকভাৱে মুকলি কৰে।
এই কাৰখানাৰ জৰিয়তে শক্তিশালী কৃষি-সংযোগৰ জৰিয়তে পোনপটীয়াকৈ ৫ হাজাৰতকৈ অধিক স্থানীয় কৃষকক সবল কৰি তোলাৰ লগতে ৭০০ টা কর্মসংস্থাপন সৃষ্টি কৰিব। মহিলাৰ কৰ্মসংস্থাপন আৰু উন্নত দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলত জনসাধাৰণৰ জীৱিকাৰ মান উন্নত কৰাৰ লগতে ঔদ্যোগিকৰণৰ এক নতুন মানদণ্ড স্থাপন কৰিব।
স্থানীয়ভাৱে সংগ্ৰহ কৰিব বিচৰা চিপছ নিৰ্মাণকাৰী কোম্পানীসমূহৰ চাহিদা পূৰণৰ লক্ষ্যৰে অসমত চিপছজাতীয় আলু খেতিৰ প্ৰসাৰ ঘটাবলৈ ‘কেডলিন ইনভেভেশ্যনছে’ (KADlien Innovations) এটা বৃহৎ পদক্ষেপ হাতত লৈছে, যিটো বাৰ্ষিক ৭০,০০০ মেট্ৰিক টনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
যোৱা কেইটামান মাহ ধৰি কেডলিনে কৃষক, কৃষক গোট, এন.জি.অ'. (NGO) আৰু অন্যান্য সংগঠনসমূহক বহুজাতিক কোম্পানীসমূহৰ সৈতে কাম কৰাৰ এই সুযোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে। এই পদক্ষেপটো স্থানীয় কৃষিখণ্ডক শক্তিশালী কৰাৰ লগতে অর্থনৈতিক বিকাশৰ নতুন পথ মুকলি কৰাৰ উদ্দেশ্যেৰে ডিজাইন কৰা হৈছে।
বিশেষকৈ, যিসকল বানপীড়িত লোকে নিজৰ জীৱিকা হেৰুৱাই পেলাইছে, তেওঁলোকৰ পুনৰ সংস্থাপনৰ কামত নিয়োজিত এন.জি.অ'.সমূহৰ সৈতে কেডলিনে যোগাযোগ কৰিছে। খাদ্য উদ্যোগৰ বাবে আলু খেতিক প্ৰৱৰ্তন কৰি কোম্পানীবোৰে আশা কৰিছে যে ই বানৰ দুৰ্যোগে জুৰুলা কৰা কৃষকসকলক পুনৰ নিজৰ ভৰিত থিয় দিবলৈ আৰু নতুনকৈ জীৱনটো সজাবলৈ অর্থনৈতিক পথ প্ৰদান কৰিব।
ইয়াৰ উপৰিও, প্ৰয়োজনীয় কৃষকসকলক বিত্তীয় সাহায্য সহজলভ্য কৰি তোলাৰ বাবে কেডিলিনে গুৱাহাটীৰ এম.এছ.এম.ই. পি.ডি.বি.-ৰ ৰাজ্যিক সভাপতি ভাৰ্গৱী লিমা মহন্তৰ নেতৃত্বত এম.এছ.এম.ই. প্ৰম’চনেল ডেভেলপমেণ্ট ব’ৰ্ডৰ (MSME PDB) সৈতে সহযোগিতা আগবঢ়াইছে। এই অংশীদাৰিত্বই অসমৰ খেতিয়ক সমাজৰ মাজত আত্মনিৰ্ভৰশীলতা, স্থায়িত্ব আৰু দীৰ্ঘম্যাদী সমৃদ্ধি আনিবলৈ সক্ষম হ'ব।
আগ্রহী অংশগ্ৰহণকাৰীসকলে নিজৰ বিৱৰণ—যেনে গোটৰ নাম, ফোন নম্বৰ, গাঁও, জিলা আৰু মাটিৰ পৰিমাণ—হোৱাটছএপৰ জৰিয়তে +91 8753933408 নম্বৰত কেডলিনলৈ প্ৰেৰণ কৰিব পাৰে।