ডিজিটেল ডেস্ক: ভাৰতৰ আগশাৰীৰ টেলিকম সেৱা প্রদানকাৰী ভাৰতী এয়াৰটেলে ৯৯৯ টকা আৰু তাৰ ওপৰৰ ফেমিলি পোষ্টপেইড প্লেনত এতিয়া এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে গ্রাহকে এটা প্লেনৰ ভিতৰতে অধিক সুবিধা লাভ কৰিব পাৰিব।
এই নতুন অফাৰৰ জৰিয়তে এয়াৰটেলৰ গ্রাহকে মোবাইল সেৱাৰ লগতে ক্লাউড ষ্টৰেজ, মনোৰঞ্জন আৰু গেমিঙৰ সুবিধাও লাভ কৰিব।
আইক্লাউড+ৰ জৰিয়তে গ্রাহকে নিজৰ ফটো, ফাইল, পাছৱৰ্ড, কনটেক্ট আৰু অন্যান্য গুৰুত্বপূর্ণ তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ আৰু এপলৰ বিভিন্ন ডিভাইচত ব্যৱহাৰ কৰিব পাৰিব। ডাটাৰ সুৰক্ষিত বেকআপৰ সুবিধাও থাকিব, যাৰ ফলত নতুন এপল ডিভাইচলৈ তথ্য স্থানান্তৰ কৰাটো সহজ হ'ব।
গ্রাহকে এপল টিভিৰ জৰিয়তে এপলৰ বিভিন্ন অৰিজিনেল ছিৰিজ আৰু চিনেমা উপভোগ কৰিব পাৰিব। আনহাতে, এপল আর্কেডৰ জৰিয়তে বিজ্ঞাপন আৰু অতিৰিক্ত ইন-এপ ক্ৰয় নোহোৱাকৈ বিভিন্ন গেম খেলাৰ সুবিধা লাভ কৰিব।
৯৯৯ টকাৰ ফেমিলি পোষ্টপেইড প্লেনত তিনিজনীয়া পৰিয়ালৰ বাবে সুবিধা আছে। ইয়াত ফাষ্টলেন প্রযুক্তিৰ সৈতে আনলিমিটেড ডাটা, স্পেম প্রটেকচন আৰু বিভিন্ন মনোৰঞ্জনমূলক ছাবস্ক্রিপচনৰ সুবিধা অন্তর্ভুক্ত আছে। এতিয়া এপল আইক্লাউড+, এপল টিভি আক এপল আর্কেড সংযোজন হোৱাৰ ফলত পৰিয়ালৰ বাবে এই প্লেনত আৰু অধিক সুবিধা উপলব্ধ হ'ব।
গ্রাহকে সহজে এয়াৰটেল এপৰ জৰিয়তে এই প্লেনলৈ আপগ্রেড কৰিব পাৰে অথবা ওচৰৰ এয়াৰটেল ষ্টোৰলৈ গৈ এই সুবিধা গ্ৰহণ কৰিব পাৰে।
ভাৰতী এয়াৰটেলৰ ডাইৰেক্টৰ মার্কেট অপছ, অমিত ত্রিপাঠীয়ে কয়, "এয়াৰটেলত আমি সদায় গ্রাহকৰ জীৱন সহজ কৰি তোলা আৰু আমাৰ প্লেনৰ জৰিয়তে অধিক সুবিধা দিয়াৰ বাবে কাম কৰি আহিছোঁ। আমাৰ ফেমিলি পোষ্টপেইড প্লেনসমূহত পৰিয়ালৰ সকলো সদস্যৰ বাবে কানেক্টিভিটি, মনোৰঞ্জন আৰু ডিজিটেল সেৱা একেলগে আগবঢ়োবা হয় এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজনৰ জৰিয়তে আমি এতিয়া গ্রাহকক এটা প্লেনৰ ভিতৰতে আৰু অধিক সুবিধা আগবঢ়াইছোঁ।"