--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাইলৈ ইডিৰ সন্মুখত হাজিৰ হ’ব ৰাহুল গান্ধী৷ আৰু সেই দিনটোতে কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে৷ কাইলৈ দলটোৰ নেতা তথা সাংসদ ৰাহুল গান্ধী ‘নেচনেল হেৰাল্ড’ৰ সৈতে জড়িত এটা ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সন্মুখত হাজিৰ হ’ব। কংগ্ৰেছ নেতা মণিকাম ঠাকুৰে কয় যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগৰ প্ৰতিবাদত দলীয় কৰ্মীসকলে সমগ্ৰ দেশৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ প্ৰায় ২৫ টা কাৰ্যালয়ত দলৰ শক্তি প্ৰদৰ্শন কৰিব।

জ্যেষ্ঠ নেতাসকলে গান্ধীৰ সৈতে কাইলৈ ৰাষ্ট্ৰীয় ৰাজধানীৰ তদন্ত সংস্থাটোৰ কাৰ্যালয়লৈ যাত্ৰা কৰিব বুলি তেওঁ সদৰী কৰে৷ ঠাকুৰে চৰকাৰক কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ আৰু দলৰ নেতা ৰাহুল গান্ধীক ‘ভুৱা’ গোচৰত জড়িত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীৰ কণ্ঠৰুদ্ধ কৰিবলৈ ইডি আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ক ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ৷ 

কংগ্ৰেছে ইয়াৰ নেতাসকলৰ বিৰুদ্ধে আৰোপ কৰা গোচৰসমূহক ‘ভুৱা আৰু ভিত্তিহীন’ বুলি উল্লেখ কৰি কয় যে চমনসমূহ বিজেপিৰ প্ৰতিহিংসাৰ ৰাজনীতিৰ অংশ। সম্প্ৰতি সমগ্ৰ দেশৰ বিৰোধী দলসমূহৰ নেতাসকলৰ ওপৰত তালাচী চলোৱা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কংগ্ৰেছে বিজেপিৰ এই স্বৈৰাচাৰী মনোভাৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই বুলি ঠাকুৰে মন্তব্য কৰে৷
   
আনহাতে, ছোনিয়া গান্ধীকো সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছে৷ ২৩ জুনত প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হ’ব লাগিব ছোনিয়া গান্ধী৷ কিন্তু, আজি পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কংগ্ৰেছ সভানেত্ৰীগৰাকীক৷ গান্ধী পৰিয়াল মুখামুখি হোৱা  গোচৰটো জৱাহৰলাল নেহৰুৰ দ্বাৰা প্ৰতিষ্ঠিত নেচনেল হেৰাল্ড বাতৰিকাকতৰ গৰাকী দল-প্ৰচাৰিত ইয়ং ইণ্ডিয়ানৰ বিত্তীয় অনিয়মৰ তদন্তৰ সৈতে সম্পৰ্কিত।

কাকতখন এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ দ্বাৰা প্ৰকাশিত আৰু ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ মালিকানাধীন। ২০১৩ চনত দিল্লীৰ এখন আদালতে বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীৰ দ্বাৰা দাখিল কৰা ব্যক্তিগত অপৰাধমূলক অভিযোগৰ ওপৰত গুৰুত্ব দিয়াৰ পিছত সংস্থাটোৱে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধমূলক ব্যৱস্থাৰ অধীনত এটা নতুন গোচৰ ৰুজু কৰিছিল।

এই মাহৰ আৰম্ভণিতে, তদন্ত সংস্থাটোৱে কৈছিল যে ছোনিয়া-ৰাহুলে সোধা-পোছা কৰাটো ইয়ং ইণ্ডিয়ান আৰু এজেএলৰ প্ৰচাৰকসকলৰ শ্বেয়াৰহোল্ডিং পেটাৰ্ণ, বিত্তীয় লেনদেন আৰু ভূমিকা বুজিবলৈ তদন্তৰ অংশ। ইডিয়ে শেহতীয়াকৈ এই গোচৰটোত জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু পৱন বনচালকো প্ৰশ্ন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ