--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিলম্বিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কে কৰা আপত্তিজনক মন্তব্যৰ পাৰ্শ্বক্ৰিয়া আজিও অব্যাহত আছে৷ নূপুৰ শৰ্মাৰ মন্তব্যৰ অচিলাৰে কেইবাখনো বিদেশৰাষ্ট্ৰই সমালোচনাৰ লক্ষ্য কৰি লৈছে ভাৰতক৷ বাদ পৰি নৰ’ল পাকিস্তানো৷ যেন বিচাৰি আছিল দীৰ্ঘ-অপেক্ষাকৃত সুযোগ৷

পাকিস্তানে আকৌ এবাৰ ভাৰতক বদনাম কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে। ডিজিটেল ফৰেনচিক ৰিচাৰ্চ এণ্ড এনালিটিক্স চেণ্টাৰ (ডিএফআৰএচি)ৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তানী আৰ্য বাতৰিকে ধৰি কেইবাটাও মিডিয়া হাউচে বিভ্ৰান্তিকৰ আৰু ভুল বাতৰি সম্প্ৰচাৰ চলাইছে যে ওমানৰ গ্ৰেণ্ড মুফতীয়ে ভাৰতীয় সামগ্ৰী বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে। একেদৰে, পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আব্দুলে ভুল দাবী কৰি কয় যে বহিষ্কৃত বিজেপি নেতা নবীন জিন্দল উদ্যোগপতি জিন্দলৰ ভাতৃ। তদুপৰি, ইংৰাজ ক্ৰিকেটাৰ মইন আলীৰ নামত এটা ভুৱা স্ক্ৰীণশ্বট, য’ত তেওঁ আইপিএল বৰ্জন কৰাৰ কথা কৈ আছে, সেইটোও ভাইৰেল হৈ পৰিছিল।

ইণ্ডোনেছিয়া, চৌদি আৰৱ, ইউএই, জৰ্ডান, বাহৰেইন, মালদ্বীপ, ওমান, আফগানিস্তান, কুৱেইট, কাটাৰ আৰু ইৰাণকে ধৰি কেইবাখনো দেশে হজৰত মহম্মদৰ সম্পৰ্কে শৰ্মাৰ মন্তব্যক তীব্ৰ গৰিহণা দিছে আনহাতে ইৰাণৰ লগতে কাটাৰে বিবৃতি প্ৰকাশ কৰিছে যে হজৰত মহম্মদৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰা নেতাজনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ পদক্ষেপত তেওঁলোক সন্তুষ্ট৷

অৱশ্যে খালেদ বেইদৌন, মইনুদ্দিন ইবন নছৰুল্লাহ আৰু আলী সোহৰাবৰ দৰে ঘৃণা-বিদ্বেষী সকলে ঘৃণা আৰু সাম্প্ৰদায়িকতা বিয়পাবলৈ আন এটা সুযোগ লাভ কৰিছে নূপুৰ শৰ্মাৰ মন্তব্যৰ আঁত ধৰি৷ বেইদৌনেে আনকি #BoycottIndianProduct হেচটেগৰ সৈতে টুইট পোষ্ট কৰিছিল আৰু কাশ্মীৰ সমস্যাটো সম্পৰ্কিত কৰিছিল৷ এটা টিভি শ্ব’ত নূপুৰ শৰ্মাৰ মন্তব্যই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনাৰ সন্মুখীন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ