--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ অন্যতম প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ প্ৰত্যুষা গাৰিমেল্লা আৰু নাই। প্ৰত্যুষাৰ মৃতদেহ হায়দৰাবাদৰ বনজাৰা হিলছৰ পৰা উদ্ধাৰ কৰা হৈছে। এই খবৰে তেওঁৰ অনুৰাগীসকলৰ মাজত সমগ্ৰ ফেশ্বন ইণ্ডাষ্ট্ৰিত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাথমিকভাৱে আৰক্ষীয়ে ধাৰণা কৰিছে যে ৩৫ বছৰীয়া প্ৰত্যুষাই আত্মহত্যা কৰিছে। অৱশ্যে তেওঁৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। 

বৰ্তমান দেশৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰসকলৰ মাজৰ এগৰাকী আছিল প্ৰত্যুষা। বলীউডৰ পৰা টলিউডৰ চেলিব্ৰেটীলৈকে আছে তেওঁৰ ক্লায়েণ্ট। প্ৰত্যুষাৰ ব্ৰেণ্ডে  সকলোকে আকৰ্ষিত কৰিছিল।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি শনিবাৰে দুপৰীয়া বনজাৰা হিলছত প্ৰত্যুষাৰ ফ্লেটটোত দীৰ্ঘসময় ধৰি কোনো সঁহাৰি নোপোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে স্থানীয় আৰক্ষী থানাক ঘটনাটো অৱগত কৰে। 

খবৰ পোৱাৰ পিছত আৰক্ষী আহি আৰু দুৱাৰ ভাঙি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ফ্লেটটোৰ বাথৰুমৰ পৰা প্ৰত্যুষাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তদন্তৰ সময়ত আৰক্ষীয়ে তেওঁৰ কোঠাৰ পৰা বিহৰ বটল এটা উদ্ধাৰ কৰে। প্ৰাথমিকভাৱে প্ৰত্যুষাৰ মৃত্যুক আত্মহত্যা বুলি ধাৰণা কৰা হৈছে অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে এয়া আত্মহত্যা নে হত্যা সেয়া নিশ্চিত কৰা নাই। তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত জানিব পাৰিছে যে প্ৰত্যুষা গাৰিমেল্লা যোৱা কিছুদিন ধৰি মানসিক হতাশাত ভুগি আছিল।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ