--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ অন্যতম প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ প্ৰত্যুষা গাৰিমেল্লা আৰু নাই। প্ৰত্যুষাৰ মৃতদেহ হায়দৰাবাদৰ বনজাৰা হিলছৰ পৰা উদ্ধাৰ কৰা হৈছে। এই খবৰে তেওঁৰ অনুৰাগীসকলৰ মাজত সমগ্ৰ ফেশ্বন ইণ্ডাষ্ট্ৰিত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাথমিকভাৱে আৰক্ষীয়ে ধাৰণা কৰিছে যে ৩৫ বছৰীয়া প্ৰত্যুষাই আত্মহত্যা কৰিছে। অৱশ্যে তেওঁৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। 

বৰ্তমান দেশৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰসকলৰ মাজৰ এগৰাকী আছিল প্ৰত্যুষা। বলীউডৰ পৰা টলিউডৰ চেলিব্ৰেটীলৈকে আছে তেওঁৰ ক্লায়েণ্ট। প্ৰত্যুষাৰ ব্ৰেণ্ডে  সকলোকে আকৰ্ষিত কৰিছিল।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি শনিবাৰে দুপৰীয়া বনজাৰা হিলছত প্ৰত্যুষাৰ ফ্লেটটোত দীৰ্ঘসময় ধৰি কোনো সঁহাৰি নোপোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে স্থানীয় আৰক্ষী থানাক ঘটনাটো অৱগত কৰে। 

খবৰ পোৱাৰ পিছত আৰক্ষী আহি আৰু দুৱাৰ ভাঙি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ফ্লেটটোৰ বাথৰুমৰ পৰা প্ৰত্যুষাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তদন্তৰ সময়ত আৰক্ষীয়ে তেওঁৰ কোঠাৰ পৰা বিহৰ বটল এটা উদ্ধাৰ কৰে। প্ৰাথমিকভাৱে প্ৰত্যুষাৰ মৃত্যুক আত্মহত্যা বুলি ধাৰণা কৰা হৈছে অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে এয়া আত্মহত্যা নে হত্যা সেয়া নিশ্চিত কৰা নাই। তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত জানিব পাৰিছে যে প্ৰত্যুষা গাৰিমেল্লা যোৱা কিছুদিন ধৰি মানসিক হতাশাত ভুগি আছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ