--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুটা পৰিয়ালে কাম কৰিবলৈ আহিছিল পোকালাগিস্থিত HIRA ইটা ভাটাত। পুৱাৰ ভাগত পিতৃ-মাতৃয়ে ইটা ভাটাত কাম কৰি থাকোতে ভাটাৰ পৰা ওলাই আহিছিল দুয়োটি শিশু ।

ডিজিটেল ডেস্ক: তামাৰহাটৰ পোকালাগিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কালি দুপুৰীয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুটি শিশু।


তাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰ গাঁৱৰে এটি পুখুৰীত। নিৰুদ্দেশ হৈ আছিল পাঁচ বছৰীয়া ইয়াচিন শ্বেখ আৰু ছয় বছৰীয়া সুমোনা দাস। 


ইয়াচিন শ্বেখ ভেৰভেৰি গাঁৱৰ হাছেম আলীৰ ল’ৰা৷ সুমোনা দাস কোচবিহাৰ মাথাভাঙাৰ নিৰ্মল দাসৰ ছোৱালী। 


দুটা পৰিয়ালে কাম কৰিবলৈ আহিছিল পোকালাগিস্থিত HIRA ইটা ভাটাত। পুৱাৰ ভাগত পিতৃ-মাতৃয়ে ইটা ভাটাত কাম কৰি থাকোতে ভাটাৰ পৰা ওলাই আহিছিল দুয়োটি শিশু । 


পৰিয়ালৰ লোকে বিচাৰি থাকতে নিশাৰ ভাগত ওচৰৰে এটা পুখুৰীত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ। 


ইয়াচিন শ্বেখৰ মৃতদেহ উদ্ধাৰ হয় যদিও সুমোনা দাস এতিয়াও নিখোজ। স্থানীয় ৰাইজৰ সন্দেহ উক্ত পুখুৰীটোতেই সন্ধানহীন হৈছে সুমোনা দাস। 


পুখুৰীত স্থানীয় ৰাইজে চলাই আছে উদ্ধাৰ অভিযান। খবৰ দিয়া হৈছে আৰক্ষীক৷


এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত