--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিচালক ফাৰহা খানে ক্ৰ’ৱেচিয়াৰ পৰা অভিনেতা ভিকি কৌশলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত। ছবিৰ কেপচনত লিখিছে, ‘ছ'ৰী কেটৰিনা, তেওঁ আন কাৰোবাক বিচাৰি পাইছে।’ ছবিখনৰ  আৱহ সংগীত হিচাপে ‘কাল হো না হো’ ছবিৰ ‘কুছ তো হুৱা হ্যে’ গীতটিও জুৰিছে ফাৰাহ খানে।

পিছ পৰি ৰোৱা নাই কেটৰিনা। মিছেছ কৌশলেও দিছে আনকাংক্ষিত উত্তৰ। ফাৰহাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী শ্বেয়াৰ কৰি কেটৰিনাই লিখিছে, ‘মই আপোনাক অনুমতি দিলোঁ।’ লগত কেটৰিনাই আঁকি দিছে ভালপোৱাৰ ৰঙা ইম’জী। ইফালে,  বিকিয়ে লগে লগে ফাৰহাৰৰ ফটোখন নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছে, ‘আমি ভাল বন্ধু।’ 

কেটৰিনাৰ মন্তব্যক ন্যায্যতা প্ৰদান কৰিবলৈ বিকিয়ে ফাৰহাৰ সৈতে এই ফটোখন শ্বেয়াৰ কৰিছে নেকি? জনাইছে তেওঁলোক ভাল বন্ধু! নেটিজেন সকলে বিকিৰ এই পোষ্টটোক লৈ ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰিছে। একাংশই প্ৰশ্ন উত্থাপন কৰিছে,  বিকিয়ে পত্নী কেটৰিনাক ভয় কৰে নেকি? অৱশ্যে, বিকি-কেটৰিনা-ফাৰহাৰ কথা-বতৰা যে এটা ধেমেলীয়া কৌশল, সেয়া বুজিবলৈ বাকী নাই নেটিজেনৰ।

কৰ্মক্ষেত্ৰত অতি সোনকালে কেটৰিনাক ছলমান খানৰ বিপৰীতে ‘টাইগাৰ থ্ৰী’ত দেখা যাব। সম্প্ৰতি শ্ৰীৰাম ৰাঘৱনৰ ‘মেৰী ক্ৰীছমাছ’ ছবিখনৰ শ্বুটিংত ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী। এই ছবিখনৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে বিজয় সেতুপতিৰ সৈতে কাম কৰিব।
 
আনহাতে, বিকিৰ হাতত আছে মেঘনা গুলজাৰৰ ছেম মানেকশ্বৰ বায়’পিক, ‘গোবিন্দ নাম মেৰা’ আৰু লক্ষ্মণ উটেকাৰৰ সৈতে ছাৰা আলী খানৰ শিৰোনামহীন এখন ছবি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ