--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কানপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত আৰক্ষীয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। এই সংঘৰ্ষত জড়িতসকলক কাবু কৰাৰ বাবে তীব্ৰ অভিযান চলাইছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। এই সংঘৰ্ষৰ মূল অভিযুক্ত হায়াত জাফৰ হাছমীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। কানপুৰৰ এজন স্থানীয় মুছলমান নেতা হাছমীয়ে পৰিকল্পিতভাৱে এই সংঘৰ্ষৰ সূত্ৰপাত ঘটোৱা বুলি অভিযোগ উঠিছে। তেওঁ পোষ্টাৰ লগাই মানুহক একত্ৰিত তথা উত্তেজিত কৰি তোলাৰ অভিযোগ উঠিছে।

ইফালে কালিৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কানপুৰৰ আৰক্ষী আয়ুক্ত বিজয় সিং মীনাই কয়, ‘আৰক্ষীৰ ফালৰ পৰা কিবা অৱহেলা কৰা হৈছিল নেকি সেই বিষয়ে আমি পৰ্যালোচনা কৰি আছোঁ। অৱহেলাৰ কথা সন্মুখলৈ আহিলে আমি ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁ লগতে কয় যে, এই মুহূৰ্তত আমাৰ প্ৰাথমিকতা হৈছে শান্তি-সুস্থিৰতা ঘূৰাই অনা। আৰক্ষীৰ তদন্তৰ তৎপৰতা সম্পৰ্কত উল্লেখ কৰি তেওঁ কয়, আমি কেইবাটাও দল গঠন কৰিছো, কিছুমান দলে চিচিটিভি পৰীক্ষা কৰি আছে, কিছুমানে অভিযান চলাই আছে আৰু কিছুমানে টহল দি আছে। অভিযুক্তসকলক অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে।’ এই ঘটনা এক পৰিকল্পিত ষড়যন্ত্ৰ হোৱাৰ সম্ভাৱনাক তেওঁ অস্বীকাৰ কৰা নাই

আৰক্ষী আয়ুক্তৰ মতে, এই হিংসাত্মক কাৰ্যৰ মূল অভিযুক্ত হিচাপে ৫-৬ জন লোকৰ নাম উল্লেখ কৰা হৈছে। এই ষড়যন্ত্ৰৰ আঁৰৰ কথা উন্মোচন কৰাৰ চেষ্টা কৰা হৈছে। চহৰখনৰ পৰিস্থিতি অস্থিৰ কৰি তোলা সকলো সংঘৰ্ষকাৰীক আৰক্ষীয়ে চিনাক্ত কৰিছে। ৩৬ জন লোকক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কথা সদৰি কৰি তেওঁ কয় যে, আনসকলক অভিযুক্তকো চিনাক্ত কৰিছে আৰক্ষীয়েসংঘৰ্ষত লিপ্ত থকা লোকসকলৰ সম্পত্তি জব্দ কৰা হ' বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে


তেওঁ উল্লেখ কৰে যে, কিছুসংখ্যক লোকে সমগ্ৰ পৰিৱেশ অস্থিৰ কৰি তোলাৰ চেষ্টা কৰিছিলএকাংশই অন্য সম্প্ৰদায়ৰ লোকৰ এটা দল তথা আৰক্ষীলৈও শিল নিক্ষেপ কৰিছিল। কালিৰ ঘটনাৰ পাছত আৰক্ষীয়ে অভিযান চলাই ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। বাকীসকল দুষ্কৃতিকাৰীক নিশা চিনাক্ত কৰা হয় আৰু তাৰ পাছত তাৎপৰতাৰে ভালেকেইজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হয়মূল অভিযুক্ত হায়াত জাফৰ, জাভেদ আহমেদ, মহম্মদ ৰহিদ, মহম্মদ চুফিয়ানে চহৰ এৰি যোৱাৰ বুলি প্ৰকাশ পাইছিল যদিও আজি হায়ত জাফৰ হাছমীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে অভিযুক্ত জাভেদে লক্ষ্ণৌত এটা পৰ্টেল চলায় বুলি জানিব পৰা গৈছেএইসকল অভিযুক্তই লক্ষ্ণৌত জাভেদৰ প’ৰ্টেল চেনেলটোৰ কাৰ্যালয়ত লুকাই আছিল। তেওঁলোকৰ পৰা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়েইফালে, পিএফআইৰ সৈতে তেওঁলোকৰ কিবা সম্পৰ্ক আছে নেকি সেই সম্পৰ্কতো তদন্ত চলাই আছে আৰক্ষীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ