--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ ১১ মাৰ্চত ভাৰতত মুক্তিলাভ কৰিছিল বলীউডৰ এখন চিনেমা।নাম ‘দ্য কাশ্মীৰ ফাইলছ্”। চিনেমাখন হৈ পৰিছিল দেশভক্ত-দেশবিৰোধী চিনাক্তকৰণৰ আধাৰ। ৯০ ৰ দশকত কাশ্মীৰৰ নিৰ্যাতিত কাশ্মীৰি পণ্ডিতসকলৰ আধাৰত নিৰ্মিত এই ছবিখনে সমগ্ৰ দেশতে এক ঢৌৰ সৃষ্টি কৰিছিল। এই ঢৌত হাত উজান দিছিল কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপি দলকে ধৰি সাঙ্গো-পাঙ্গো হিন্দুত্ববাদী দল-সংগঠনসমূহ। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও নামি পৰিছিল চিনেমাখনৰ প্ৰচাৰত। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপিৰ ৰাজ্যিক চৰকাৰসমূহেও চিনেমাখনৰ প্ৰচাৰত অহোপুৰুষাৰ্থ কৰিছিল। ব্যতিক্ৰম নাছিল অসমো। 

এইদৰে চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰাৰ পিছত এটা ব্যক্তিগত প্ৰযোজনা গোষ্ঠীয়ে প্ৰযোজনা কৰা বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ্'- এ স্বাভাৱিকতেই কম দিনৰ ভিতৰতে উপাৰ্জন কৰিছিল কোটি কোটি টকা। আনকি বিজেপি শাসিত কেইবাখনো ৰাজ্যত চিনেমাখনক কৰমুক্তও ঘোষণা কৰিছিল। কাশ্মীৰৰ এই কলংকিত আৰু কৰুণ ইতিহাস চাবলৈ দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বিজেপিৰ নেতা-পালি নেতালৈকে। আনকি চিনেমাখন চাই উঠি দুখতে কান্দোনতো ভাগি পৰিছিল বিজেপিৰ কেইবাগৰাকীও নেতা-নেত্ৰী।

পিছে কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি দলৰ এই কাশ্মীৰি পণ্ডিত প্ৰীতি স্বাভাৱিক বা সত্য আছিল নে ? নে ই দলটোৰ হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হাথিয়াৰ আছিল ! চিনেমাখনৰ পৰিচালকৰ পৰা অভিনেতা-অভিনেত্ৰী সকলো কাশ্মীৰি পণ্ডিতৰ দুখৰ সমভাগী হৈ খুবেই আশাপ্ৰদ বক্তব্য কৰিছিল। পিছে এওঁলোকৰো এইয়া ব্যৱসায়িক হাথিয়াৰহে আছিল নেকি! দেশত হিন্দুত্ববাদী ৰাজনীতিৰ আৱহাৱা বৃদ্ধিৰ লগতে ব্যৱসায়িক সফলতাৰ বাবে চাতুকাৰিতাৰে এই ছবিখন মানুহৰ আবেগৰ সৈতে খেলা কৰি ব্যৱহাৰ কৰিছিল নেকি !

স্বাভাৱিকতেই কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিয়ে এই সমূহ প্ৰশ্নৰ উত্থাপন কৰিছে। কাশ্মীৰ ফাইলছ ছবি খনেৰে দেশত একপ্ৰকাৰৰ আবেগৰ ঢৌ বোৱাই দিয়া কেন্দ্ৰীয় চৰকাৰ, বিজেপি দল তথা এই সকল আৱেগৰ ব্যৱসায়ী কাশ্মীৰী পণ্ডিতৰ সাম্প্ৰতিক বিপদৰ সময়ত মৌন। উপত্যকাটোত থকা কাশ্মীৰি পণ্ডিতসকলৰ সুৰক্ষা চুলিৰ সমানো নিশ্চিত কৰিব পৰা নাই এওঁলোকে। 

যোৱা এটা মাহৰ ভিতৰত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছে ৮ গৰাকীকৈ কাশ্মীৰি পণ্ডিত সম্প্ৰদায়ৰ ব্যক্তিৰ। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল বিজয় কুমাৰ নামৰ এজন বেংক বিষয়াক। ইয়াৰ পূৰ্বে জম্মুৰ এজন শিক্ষকক দক্ষিণ কাশ্মীৰত গুলীয়াই হত্যা কৰা হৈছিল।কালি নিশা পুনৰ প্ৰদেশখনৰ বাডগামত এজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। 

উপত্যকাটোত এনে নিৰাপত্তাহীন পৰিস্থিতিৰ পাছতো চৰকাৰৰ পৰা নিৰাপত্তাৰ কোনো নিশ্চিতি লাভ নকৰাৰ বাবে ১০০ ৰো অধিক কাশ্মীৰি পণ্ডিত পৰিয়ালে কাশ্মীৰৰ পৰা পলায়ন কৰিছে। প্ৰদেশখনৰ বাৰামূলাৰ কাশ্মীৰি পণ্ডিত কলনিৰ সভাপতি অৱতাৰ কৃষ্ণ ভাট নামৰ এজন ব্যক্তিয়ে অঞ্চলটোত বাস কৰা ৩০০ টা পৰিয়ালৰ প্ৰায় আধা সংখ্যকে পলায়ন কৰিছে বুলি উল্লেখ কৰিছিল। 

তদুপৰি কাশ্মীৰত কাৰ্যনিৰ্বাহ কৰি থকা যথেষ্ট সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে কাশ্মীৰৰ পৰা বদলিৰ বাবে আন্দোলনতো নামি পৰিছে। ইতিমধ্যে বহু কৰ্মচাৰীয়ে অনুমোদন অবিহনেই কাশ্মীৰ ত্যাগ কৰিছে। ইয়াৰ পাছতো এখন চিনেমাৰ প্ৰচাৰৰ বাবে কাশ্মীৰি পণ্ডিতৰ দুখত হিয়াঢাকুৰি কন্দা কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি দলৰ নাই কোনো স্পষ্ট পদক্ষেপ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী পেকেজৰ অধীনস্থ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে প্ৰদেশখনত সুৰক্ষাৰ শংকাত ভোগা আনুমানিক ৩০-৪০ টা কাশ্মীৰি পণ্ডিত পৰিয়ালে শ্ৰীনগৰ ত্যাগ কৰিছে।  কাশ্মীৰত এতিয়া ১৯৯০ চনতকৈও ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে বুলি দাবী কৰিছে তেওঁ। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয়, "আজিৰ কাশ্মীৰ ১৯৯০ ৰ দশকতকৈ অধিক বিপদজনক। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল আমাৰ লোকসকল আমাৰ অঞ্চলতে কিয় বন্দী হৈ থাকিবলগীয়া হৈছে? প্ৰশাসনে তেওঁলোকৰ বিফলতা কিয় লুকুৱাই ৰাখিছে?"

কাশ্মীৰত যেতিয়া আৰক্ষী কৰ্মীসকলে সুৰক্ষিত নহয়, নাগৰিকসকল কেনেকৈ সুৰক্ষিত থকাৰ আশা কৰিব পাৰি বুলিও প্ৰশ্ন কৰিছে কাশ্মীৰি পণ্ডিতসকলে। কাশ্মীৰি পণ্ডিত সম্প্ৰদায়ৰ পৰিয়ালসমূহে উপত্যকাটোৰ পৰা ক্ৰমে আন স্থানলৈ যাবলৈ লোৱাৰ পিছতে কাশ্মীৰী পণ্ডিত সংঘৰ্ষ সমিতিয়ে কাশ্মীৰ এৰি যোৱা পৰিয়ালবোৰৰ বাবে বানিহাল সুৰংগলৈকে নিৰাপত্তা দাবী কৰিছে। 

নিজৰ ৰাজনৈতিক আৰু ব্যৱসায়িক স্বাৰ্থত এই কাশ্মীৰি পণ্ডিতসকলক ব্যৱহাৰ কৰা কেন্দ্ৰীয় চৰকাৰ, বিজেপিকে ধৰি হিন্দুত্ববাদী সংগঠনসমূহৰ লগতে কট্টৰ ৰাষ্ট্ৰীয়তাবাদৰ সৈতে হিন্দুত্ববাদক সানমিহলি কৰা একাংশ বোলছবিৰ তাৰকা এতিয়া কাশ্মীৰি পণ্ডিতৰ এই বিপজ্জনক পৰিস্থিতিৰ সময়ত নিৰহ-নিপালি দি এই বিষয়ৰ পৰা ফালৰি কাটিছে। কাশ্মীৰত কাশ্মীৰি পণ্ডিতৰ অধিকাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা বিজেপি চৰকাৰৰ এই ব্যৰ্থতা এতিয়া খোদ প্ৰদেশখনৰ কাশ্মীৰি পণ্ডিতসকলেই উদঙাই দিছে। ইয়াৰ পিছতো আবেগৰ ব্যৱসায়েৰে ৰাজনৈতিক অভিসন্ধি পূৰণ কৰা চৰকাৰ তথা বিজেপি দলৰ স্থিতি আগন্তুক সময়ত লক্ষ্যণীয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ