--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : পুত্ৰৰ মৃতদেহ সমাধিস্থ কৰিবলৈ কবৰ খান্দি ৰৈ আছে এগৰাকী দুৰ্ভগীয়া পিতৃ। পুত্ৰক এক সন্দেহজনক সংঘৰ্ষত হত্যা কৰি কোনো অজ্ঞাত স্থানত পুতি থৈছে নিৰাপত্তাৰক্ষীয়ে। এই ঘটনাৰ চাৰিদিনৰ পাছতো কবৰ খান্দি পুত্ৰৰ মৃতদেহত শেষ শ্ৰদ্ধা জনাবলৈ অপেক্ষাৰত দুৰ্ভগীয়া পিতৃগৰাকী। এই ঘটনা দক্ষিণ কাশ্মীৰৰ। শ্ৰীনগৰত সংঘটিত এটা ৰহস্যজনক আৰু বিতৰ্কিত সংঘৰ্ষত তেওঁৰ কিশোৰ পুত্ৰক আন দুজন কিশোৰৰ সৈতে গুলীয়াই হত্যা কৰিছিল আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে। নিৰাপত্তাবাহিনীয়ে দাবী কৰা মতে কিশোৰ আথাৰ মুস্তাক আৰু তেওঁৰ ‘সহযোগী’ দুজন সন্ত্ৰাসবাদী আছিল আৰু তেওঁলোকে শ্ৰীনগৰ বাৰামুল্লা হাইৱেত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল।

আৰু পঢ়িব পাৰিব : অসবৰ্ণ বিবাহেই কাল হ’ল ২৩ বছৰীয়া নীৰজৰ

পৰিয়ালৰ লোকে কিশোৰকেইজনক নিৰপৰাধী বুলি দাবী কৰাৰ বিপৰীতে নিৰাপত্তাবাহিনীয়ে দাবী কৰে যে, ‘আমি নিয়মীয়াকৈ সংকেত লাভ কৰি আহিছিলোঁ যে, সন্ত্ৰাসবাদীৰ দলে গুৰুতৰ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আহিছে। ঘটনাৰ দিনা আমি এই সম্পৰ্কত যেতিয়া নিশ্চিত তথ্য লাভ কৰিলোঁ অভিযান আৰম্ভ কৰিলোঁ। আমি তেওঁলোকক আত্মসমৰ্পন কৰাৰ বাবে সুবিধা দিছিলোঁ। এজন সন্ত্ৰাসবাদীয়ে ওলাই আহি আত্মসমৰ্পন কৰিব বিচাৰিছিল যদিও আন সহযোগীকেইজনে ঘৰৰ ভিতৰৰপৰা গুলীচালনা আৰম্ভ কৰে আৰু গ্ৰেণেড নিক্ষেপ কৰে।’ কিলো ফ’ৰ্চৰ জেনেৰেল কমাণ্ডিং অফিচাৰ মেজৰ জেনেৰেল এইচএছ সাহিয়ে এই কথা কয়। কিন্তু আথাৰ মুস্তাকৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে, আথাৰ আৰু তেওঁৰ বন্ধু দুজন নিৰীহ আছিল।

আৰু পঢ়িব পাৰিব : শাসনলৈ আহি সাৰদা, ৰ’জভেলীৰ ফাইল খুলিব ৰূপজ্যোতিয়ে!

একাদশ শ্ৰেণীৰ ছাত্ৰ আথাৰৰ লগতে জুবিৰ আহমেদ আৰু আইজাজ আহমেদক সেনা তথা আৰক্ষীয়ে ৰহস্যজনক সংঘৰ্ষত শ্ৰীনগৰৰ লৱায়পোৰাত হত্যা কৰিছিল। কিশোৰকেইজনৰ পৰিয়ালৰ লোকে এয়া ভুৱা সংঘৰ্ষত বুলি দাবী কৰাৰ লগতে ইয়াৰে দুজন কিশোৰ আৰক্ষীৰ পৰিয়ালৰ বুলিও সদৰী কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা মাৰনাস্ত্ৰ উদ্ধাৰ কৰা বুলি দাবী কৰিলেও বিভিন্ন তথ্যই এই সংঘৰ্ষৰ সত্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। জম্মু-কাশ্মীৰত ইয়াৰ পূৰ্বেও ভালেমান ভুৱা সংঘৰ্ষৰ ঘটনা হোৱাৰ তথ্য প্ৰকাশ পাই আহিছে। আইজাজৰ পৰিয়ালে দাবী কৰা মতে গুৰুতৰ পিঠিৰ বিষৰ বাবে তেওঁ এমাহৰো অধিক কাল শয্যাশায়ী হৈ আছিল। আৰক্ষীয়ে অজ্ঞাত স্থানত পুতি থোৱা কিশোৰকেইজনৰ মৃতদেহ পৰিয়ালৰ লোকক ঘূৰাই দিব বুলি অধীৰভাৱে অপেক্ষা কৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ