--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : পুত্ৰৰ মৃতদেহ সমাধিস্থ কৰিবলৈ কবৰ খান্দি ৰৈ আছে এগৰাকী দুৰ্ভগীয়া পিতৃ। পুত্ৰক এক সন্দেহজনক সংঘৰ্ষত হত্যা কৰি কোনো অজ্ঞাত স্থানত পুতি থৈছে নিৰাপত্তাৰক্ষীয়ে। এই ঘটনাৰ চাৰিদিনৰ পাছতো কবৰ খান্দি পুত্ৰৰ মৃতদেহত শেষ শ্ৰদ্ধা জনাবলৈ অপেক্ষাৰত দুৰ্ভগীয়া পিতৃগৰাকী। এই ঘটনা দক্ষিণ কাশ্মীৰৰ। শ্ৰীনগৰত সংঘটিত এটা ৰহস্যজনক আৰু বিতৰ্কিত সংঘৰ্ষত তেওঁৰ কিশোৰ পুত্ৰক আন দুজন কিশোৰৰ সৈতে গুলীয়াই হত্যা কৰিছিল আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে। নিৰাপত্তাবাহিনীয়ে দাবী কৰা মতে কিশোৰ আথাৰ মুস্তাক আৰু তেওঁৰ ‘সহযোগী’ দুজন সন্ত্ৰাসবাদী আছিল আৰু তেওঁলোকে শ্ৰীনগৰ বাৰামুল্লা হাইৱেত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল।

আৰু পঢ়িব পাৰিব : অসবৰ্ণ বিবাহেই কাল হ’ল ২৩ বছৰীয়া নীৰজৰ

পৰিয়ালৰ লোকে কিশোৰকেইজনক নিৰপৰাধী বুলি দাবী কৰাৰ বিপৰীতে নিৰাপত্তাবাহিনীয়ে দাবী কৰে যে, ‘আমি নিয়মীয়াকৈ সংকেত লাভ কৰি আহিছিলোঁ যে, সন্ত্ৰাসবাদীৰ দলে গুৰুতৰ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আহিছে। ঘটনাৰ দিনা আমি এই সম্পৰ্কত যেতিয়া নিশ্চিত তথ্য লাভ কৰিলোঁ অভিযান আৰম্ভ কৰিলোঁ। আমি তেওঁলোকক আত্মসমৰ্পন কৰাৰ বাবে সুবিধা দিছিলোঁ। এজন সন্ত্ৰাসবাদীয়ে ওলাই আহি আত্মসমৰ্পন কৰিব বিচাৰিছিল যদিও আন সহযোগীকেইজনে ঘৰৰ ভিতৰৰপৰা গুলীচালনা আৰম্ভ কৰে আৰু গ্ৰেণেড নিক্ষেপ কৰে।’ কিলো ফ’ৰ্চৰ জেনেৰেল কমাণ্ডিং অফিচাৰ মেজৰ জেনেৰেল এইচএছ সাহিয়ে এই কথা কয়। কিন্তু আথাৰ মুস্তাকৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে, আথাৰ আৰু তেওঁৰ বন্ধু দুজন নিৰীহ আছিল।

আৰু পঢ়িব পাৰিব : শাসনলৈ আহি সাৰদা, ৰ’জভেলীৰ ফাইল খুলিব ৰূপজ্যোতিয়ে!

একাদশ শ্ৰেণীৰ ছাত্ৰ আথাৰৰ লগতে জুবিৰ আহমেদ আৰু আইজাজ আহমেদক সেনা তথা আৰক্ষীয়ে ৰহস্যজনক সংঘৰ্ষত শ্ৰীনগৰৰ লৱায়পোৰাত হত্যা কৰিছিল। কিশোৰকেইজনৰ পৰিয়ালৰ লোকে এয়া ভুৱা সংঘৰ্ষত বুলি দাবী কৰাৰ লগতে ইয়াৰে দুজন কিশোৰ আৰক্ষীৰ পৰিয়ালৰ বুলিও সদৰী কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা মাৰনাস্ত্ৰ উদ্ধাৰ কৰা বুলি দাবী কৰিলেও বিভিন্ন তথ্যই এই সংঘৰ্ষৰ সত্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। জম্মু-কাশ্মীৰত ইয়াৰ পূৰ্বেও ভালেমান ভুৱা সংঘৰ্ষৰ ঘটনা হোৱাৰ তথ্য প্ৰকাশ পাই আহিছে। আইজাজৰ পৰিয়ালে দাবী কৰা মতে গুৰুতৰ পিঠিৰ বিষৰ বাবে তেওঁ এমাহৰো অধিক কাল শয্যাশায়ী হৈ আছিল। আৰক্ষীয়ে অজ্ঞাত স্থানত পুতি থোৱা কিশোৰকেইজনৰ মৃতদেহ পৰিয়ালৰ লোকক ঘূৰাই দিব বুলি অধীৰভাৱে অপেক্ষা কৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ