--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত কচু শাকৰ(Colocasia) জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কচু শাকৰ জালুকীয়া আঞ্জা বা ঔটেঙা দিয়া আঞ্জাকণৰ সোৱাদ কিমান যে সুন্দৰ! কচু শাকত পাতত দি কণবিলাহী, জলকীয়াৰ সৈতে পিটিকি খোৱাৰ যি আমেজ সেয়া খাওতাইহে বুজি পায়। হালধি পাতত থুৰি কচু, জলকীয়া কেইটামান, নহৰু কেইফুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে, ইয়াৰ সোৱাদ অতুলনীয়।



স্বাস্থ্যৱান হৈ থাকিবলৈ চিকিৎসকসকলে আমাক নানা পুষ্টিগত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে। তেনে এবিধ উপকাৰী খাদ্য হ'ল কচু শাক। কচু শাকৰ লাভালাভ আৰু পুষ্টিগত মূল্য যথেষ্ট। কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন A, ভিটামিন B যৌগ , ভিটামিন C, ভিটামিন E, অমেগা 3 ফেটি এচিড, অমেগা 6 ফেটি এচিড, বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলচিয়াম,আইৰণ, মেংগানিজ, মেগনেছিয়াম,কপাৰ, ফচফৰাছ,জিঙ্ক,ছিলেনীয়াম আদি পোৱা যায়। এই উপাদানসমূহ থকা বাবে ইয়াৰ ঔষধি গুণ তুলনামূলকভাৱে বেছি। 



জানো আহক কচু শাকৰ উপকাৰিতাৰ বিষয়ে

১)কচুত উচ্চ পৰিমাণৰ পটাছিয়াম থাকে, সেয়েহে ই হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰে। 

২)যদি আমাৰ শৰীৰত তেজত হিমোগ্লোবিনৰ পৰিমাণ হ্ৰাস হয়, তেন্তে কচু শাক খাব লাগে। ই ৰক্তহীনতা দূৰ কৰে।

৩)ইয়াত ভিটামিন এ-ৰ উপৰিও, ইয়াত ভিটামিন বি আৰু চি থাকে। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে লোৰে সমৃদ্ধ। ই ভিটামিন এ-ৰ এক অতি ভাল উৎস, কচু শাকে শাকে ভিটামিন এ-ৰ অভাৱৰ ফলত হোৱা সকলো ধৰণৰ ৰোগ প্ৰতিৰোধ কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৪)প্ৰচুৰ পৰিমাণে ভিটামিন এ থকাৰ বাবে চকুৰ বাবে কচু শাক খুবেই উপকাৰী।

৫)কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন(methionine) আৰু আহে(dietary fiber) কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড( triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৬)উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। 

৭)ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।

৮)গৰ্ভৱতী তিৰোতাই মাজে সময়ে কচু শাক খাব লাগে।কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে।ইয়াৰ উপৰিও ভ্ৰূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট উপকাৰী।

৯)ইয়াত থকা আঁহৰ বাবে ই কোষ্ঠকাঠিন্য ৰোগত উপকাৰী।



১০)প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে।

১১)ভিটামিনৰ অভাৱত বা বীজাণু সংক্ৰমণ জনীত মুখত ঘাঁ (mouth ulcer) হলে কচু খালে সুফল পোৱা যায়। 

১৩)প্ৰসূতি তিৰোতাক মাগুৰ,শিঙি, গৰৈ, কাৱৈ আদি কাঠ মাছৰ লগত কচু থুৰীৰ জালুকীয়া খাবলৈ দিয়া হয়।এইবিধ ব্যঞ্জনে প্ৰসূতি গৰাকীৰ শৰীৰত হিম'গ্লবিনৰ নাটনি হোৱাত বাধা দিয়ে আৰু লগতে গৰ্ভাশয়ক স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে। তদুপৰি ইয়াত জালুক দিয়া হয় বাবে দুগ্ধ উৎপাদনত সহায় হয়।সাধাৰণতে কেঁচুৱা জন্মৰ ৩ বা ৫ দিনত কচু থুৰিৰ জালুকীয়া খাবলৈ দিয়া হয়। ই সম্পূৰ্ণ বিজ্ঞানসন্মত ব্যঞ্জন।

১৪)কচু শাকে আমাৰ শৰীৰত অক্সিজেনৰ যোগান সক্ৰিয় ৰখাত অধিক কাৰ্যকৰী ভূমিকা পালন কৰে। এই শাকত থকা লো আৰু ফলেটে তেজৰ পৰিমাণ বৃদ্ধি কৰে। ফলস্বৰূপে, অক্সিজেনৰ সঞ্চালন পৰ্যাপ্ত হয়।



খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জনে আগস্থান গ্ৰহণ কৰি আছে। কলপাতত দিয়া কচুথোৰৰ পিটিকা,কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া আঞ্জাখন খাই বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। মাছৰ মূৰ দি ৰন্ধা কচু আঞ্জাৰ সোৱাদ বৰ লোভনীয়। গতিকে আহক সোৱাদভৰা লগতে ঔষধিগুণযুক্ত কচু শাক খাই আমি নিৰোগী হৈ থাকো।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ