--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাত্ৰ এবিধ ফল। কিন্তু এই ফলৰ ৰস খালে হয় হাজাৰ হাজাৰ সমস্যাৰ সমাধান। কি এই ফল? ইয়াৰ উপকাৰিতা কি কি? জানো আহক।

 * আমলখি বিভিন্ন পুষ্টিকৰ গুণেৰে সমৃদ্ধ। বহুতো ধৰণৰ ভিটামিনৰ উপৰি বহুতো খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট পোৱা যায় আমলখিত। যি শৰীৰৰ বাবে অতি উপকাৰী।

* আমলখিৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমলখিৰ ৰস খালে কেইসপ্তাহমানৰ ভিতৰতে পাৰ্থক্য পোৱা যায়।

* আমলখিৰ ৰস ছালৰ বাবে অতি উপকাৰী। যিসকলে নিয়মিতভাৱে এই ফলৰ ৰস খায়, ছালৰ সমস্যা দূৰ কৰি ছাল উজ্জ্বল কৰে।

* আনকি ছালত থকা ক’লা দাগো দূৰ কৰি ছাল সুন্দৰ পৰিষ্কাৰ কৰি তোলে।

* নিয়মিতভাৱে আমলখিৰ ৰস খালে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হয়। আৰু যিসকলে দৈনিক আমালখিৰ ৰস খায়, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়।

* এই ৰসত প্ৰচুৰ পৰিমাণে আইৰন থাকে। ফলত তেজত হিমোগ্ল’বিনৰ পৰিমাণ বৃদ্ধি কৰে। ৰক্তহীনতাত ভুগি থকাসকলৰ বাবে বিশেষকৈ মহিলাৰ বাবে এই ফলৰ ৰস অতি উপকাৰী।

* নিয়মিতভাৱে আমলখিৰ ৰস সেৱন কৰিলে চুলিৰ গুৰি মজবুত হোৱাৰ লগতে ক’লা আৰু ঘন কৰে। পুৱা নিয়মিতভাৱে এই ফলৰ ৰস এগিলাচকৈ খালে চুলি সৰা সমস্যা বহু পৰিমাণে কমি যায়।

* এই ফলৰ ৰস চকুৰ বাবে অতি উপকাৰী। চকুৰ দৃষ্টিশক্তি কম থকা লোকসকলে এই ৰস নিয়মিতভাৱে খালে উপকৃত পাব। তদুপৰি শিশুক এই ফলৰ ৰস খোৱালে চকুৰ সমস্যা বহু পৰিমাণে কমি যাব।

* ওজন হ্ৰাস কৰাটো আমালখিৰ আছে যথেষ্ট অৰিহণা। নিয়মিতভাৱে এই ফলৰ ৰস এগিলাচকৈ খালে এমাহত আপোনাৰ ওজন হ্ৰাস কৰিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত