--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়তো মহিলাৰ সামাজিক বা ৰাজনৈতিক  অংশগ্ৰহণ সমগ্ৰ বিশ্বতে চকুত লগাকৈ দুৰ্বল। লিঙ্গভিত্তিক সমানুপাতিক অংশগ্ৰহণৰ ধাৰণা এতিয়াও বিশ্ব ৰাজনীতিত তেনেই ঠুনুকা। তেনে সময়তে এক নজিৰ সৃষ্টিৰে কেবিনেটত অভিলেখ সংখ্যক মহিলাৰ অন্তৰ্ভুক্তিৰে চমক সৃষ্টি কৰিছে অষ্ট্ৰেলিয়াই। অষ্ট্ৰেলিয়াৰ নতুন ফেডাৰেল মন্ত্ৰালয়ে আজি কাৰ্যালয়ত শপত গ্ৰহণ কৰে। এক বৈচিত্ৰ্যপূৰ্ণ কেবিনেট দলত প্ৰধানমন্ত্ৰী এন্থনী এলবানিজে ধৰ্মীয় সংখ্যালঘু আৰু খিলঞ্জীয়া আদিবাসীসহ অভিলেখ সংখ্যক মহিলা নেত্ৰী নিয়োগ কৰিছে।

উল্লেখ্য যে স্কট মৰিছনৰ নেতৃত্বত পূৰ্বৰ লিবাৰেল-নেচনেল মিত্ৰজোঁট চৰকাৰৰ সময়ত সাতগৰাকী মহিলাক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছিল। এই সংখ্যা অতিক্ৰম কৰি এলবানিজৰ ২৩ জনীয়া কেবিনেটত মুঠ ১০ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে।

ৰাষ্ট্ৰীয় ৰাজধানী কেনবৰাত অনুষ্ঠিত এক অনুষ্ঠানত উদ্যোগ মন্ত্ৰী হিচাপে এড হুচিক আৰু যুৱ মন্ত্ৰী এনি আলিয়ে শপত গ্ৰহণ কৰাৰ পিছতে  এনি আলি অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী মুছলমান মহিলা ফেডাৰেল মন্ত্ৰী হিচাপে বিবেচিত হয়। আনহাতে লিণ্ডা বাৰ্ণি খিলঞ্জীয়া অষ্ট্ৰেলিয়াৰ মন্ত্ৰালয়ত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী আদিবাসী মহিলা হিচাপে স্বীকৃত হয়।

পূৰ্বে বৈদেশিক মন্ত্ৰালয়ত পেনি ৱাঙৰ সৈতে অন্তৱৰ্তীকালীন মন্ত্ৰালয়ৰ অংশ হিচাপে থকা ৰিচাৰ্ড মাৰ্লেছক উপ-প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে জিম চলমাৰ্ছক কোষাধ্যক্ষ হিচাপে আৰু কেটি গালাগাৰক বিত্তবিভাগৰ দায়িত্ব দিয়া হৈছে।

ডন ফাৰেল দেশখনৰ নতুন বাণিজ্য মন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ লগতে তানিয়া ৱাইলচেক পৰিৱেশ মন্ত্ৰী, ক্লেয়াৰ অ'নেইল গৃহ পৰিক্ৰমা আৰু ক্ৰিছ বোৱেনে শক্তি দপ্তৰৰ মন্ত্ৰীত্ব পদ গ্ৰহণ কৰে।

দেশখনৰ প্ৰাক্তন শ্ৰমিক নেতা বিল শ্বৰ্টনক চৰকাৰী সেৱাৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে।

নিম্ন সদনৰ ১৫১ আসনৰ ভিতৰত ৭৭ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰাৰ পাছত মঙলবাৰে এলবানিজে মন্তব্য কৰিছিল যে লেবাৰ পাৰ্টিয়ে নিজৰ অধিকাৰমৰ্মে শাসন কৰিব। 

এলবানিজৰ কেবিনেটত যথেষ্ট সংখ্যক নতুন মুখৰ অন্তৰ্ভুক্তিৰ লগতে ন বছৰ পূৰ্বে লেবাৰ পাৰ্টিয়ে শেষবাৰৰ বাবে দেশখনৰ চৰকাৰ গঠনৰ সময়ত দায়িত্ব নিৰ্বাহ কৰা কেইবাগৰাকীও নেতাক স্থান দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ