--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নদীৰ তলিত উদ্ধাৰ হ'ল এখন চহৰ। ইৰাকৰ কুৰ্দিস্তান অঞ্চলত ৩৪০০ বছৰ পুৰণি এখন চহৰ উদ্ধাৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় পুৰাতত্ত্ববিদৰ এটা দলে। হাজাৰ হাজাৰ বছৰ পুৰণি এই চহৰখন টাইগ্ৰিছ নদীৰ তলত পোৱা গৈছে। পুৰাতত্ত্ববিদৰ দলটোৱে জনোৱা মতে, ইৰাকৰ টাইগ্ৰিছ নদীৰ তলৰ পৰা ৩৪০০ বছৰ পুৰণি এখন চহৰৰ কেইবাটাও অৱশিষ্ট উদ্ধাৰ কৰা হৈছে, যিখন চহৰত মিটানি সাম্ৰাজ্যই খ্ৰীষ্টপূৰ্ব ১৪৭৫ চনৰ পৰা ১২৭৫ খ্ৰীষ্টপূৰ্বৰ ভিতৰত বসতি স্থাপন কৰিছিল।



টাইগ্ৰিছ নদীৰ পাৰৰ মোছুল বান্ধত পানী কম হোৱাৰ বাবেই এই চহৰখনৰ আৱিষ্কাৰ সম্ভৱ হৈছিল। উদ্ধাৰ হোৱা অৱশিষ্টসমূহৰ ভিতৰত আছে বোকা-ইটাৰ দেৱাল, কেইবাটাও টাৱাৰ, বহুমহলীয়া অট্টালিকাৰ লগতে অন্যান্য বৃহৎ গঠন। যিয়ে মিটান্নী সাম্ৰাজ্যৰ এই প্ৰাচীন চহৰখনৰ বিষয়ে ইংগিত বহন কৰিছে।

 

একে সময়তে এই সাম্ৰাজ্যৰ ভিতৰত এটা বাণিজ্যিক কেন্দ্ৰ থকাৰ সম্ভাৱনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। পুৰাতত্ত্ববিদ ড. ইভানা পুলজিজে আঙুলিয়াই দিলে যে অট্টালিকাবোৰ সযতনে ডিজাইন কৰা হৈছিল আৰু ডাঠ মাটিৰ দেৱাল আছিল। ইয়াৰ পৰা ১০ খন কিউনিফৰ্ম মাটিৰ ফলিও পোৱা গৈছে। কিউনিফৰ্ম হৈছে এক প্ৰাচীন লেখা শৈলী। বৰ্তমান ইয়াক অনুবাদৰ বাবে প্ৰেৰণ কৰা হৈছে।



আমোদজনক কথাটো হ’ল ডুব যোৱাৰ পিছতো চহৰখনৰ বোকা-ইটাৰ দেৱালবোৰ অলৌকিকভাৱে ভালদৰে সংৰক্ষিত হৈ আছিল। আশীৰ দশকৰ আৰম্ভণিতে ইয়াত মোছুল বান্ধ নিৰ্মাণৰ সময়ত এই চহৰখন সমাধিস্থ কৰা হৈছিল। কিন্তু খৰাং পৰিস্থিতিৰ বাবে ই পুনৰ উপৰিভাগলৈ উঠি আহিছে। প্ৰতিবেদন অনুসৰি ডুব যোৱাৰ পূৰ্বে এই স্থানটো পুৰাতত্ত্ববিদসকলে ভালদৰে অনুসন্ধান কৰা নাছিল। কিন্তু ডিচেম্বৰৰ পৰা অঞ্চলটোত তীব্ৰ খৰাং পৰিস্থিতিৰ মাজতে প্ৰাচীন চহৰখনৰ এটা অংশ পুনৰ পৃষ্ঠলৈ ঘূৰি আহিছে। পুৰাতত্ত্ববিদসকলে কয় যে এই আৱিষ্কাৰৰ পিছত মিট্টানী সাম্ৰাজ্যৰ বিষয়ে অধিক তথ্য চৰ্চালৈ আহিব। তেওঁ ইয়াক বিগত দশকবোৰত এক গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ বুলি অভিহিত কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ