--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নদীৰ তলিত উদ্ধাৰ হ'ল এখন চহৰ। ইৰাকৰ কুৰ্দিস্তান অঞ্চলত ৩৪০০ বছৰ পুৰণি এখন চহৰ উদ্ধাৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় পুৰাতত্ত্ববিদৰ এটা দলে। হাজাৰ হাজাৰ বছৰ পুৰণি এই চহৰখন টাইগ্ৰিছ নদীৰ তলত পোৱা গৈছে। পুৰাতত্ত্ববিদৰ দলটোৱে জনোৱা মতে, ইৰাকৰ টাইগ্ৰিছ নদীৰ তলৰ পৰা ৩৪০০ বছৰ পুৰণি এখন চহৰৰ কেইবাটাও অৱশিষ্ট উদ্ধাৰ কৰা হৈছে, যিখন চহৰত মিটানি সাম্ৰাজ্যই খ্ৰীষ্টপূৰ্ব ১৪৭৫ চনৰ পৰা ১২৭৫ খ্ৰীষ্টপূৰ্বৰ ভিতৰত বসতি স্থাপন কৰিছিল।



টাইগ্ৰিছ নদীৰ পাৰৰ মোছুল বান্ধত পানী কম হোৱাৰ বাবেই এই চহৰখনৰ আৱিষ্কাৰ সম্ভৱ হৈছিল। উদ্ধাৰ হোৱা অৱশিষ্টসমূহৰ ভিতৰত আছে বোকা-ইটাৰ দেৱাল, কেইবাটাও টাৱাৰ, বহুমহলীয়া অট্টালিকাৰ লগতে অন্যান্য বৃহৎ গঠন। যিয়ে মিটান্নী সাম্ৰাজ্যৰ এই প্ৰাচীন চহৰখনৰ বিষয়ে ইংগিত বহন কৰিছে।

 

একে সময়তে এই সাম্ৰাজ্যৰ ভিতৰত এটা বাণিজ্যিক কেন্দ্ৰ থকাৰ সম্ভাৱনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। পুৰাতত্ত্ববিদ ড. ইভানা পুলজিজে আঙুলিয়াই দিলে যে অট্টালিকাবোৰ সযতনে ডিজাইন কৰা হৈছিল আৰু ডাঠ মাটিৰ দেৱাল আছিল। ইয়াৰ পৰা ১০ খন কিউনিফৰ্ম মাটিৰ ফলিও পোৱা গৈছে। কিউনিফৰ্ম হৈছে এক প্ৰাচীন লেখা শৈলী। বৰ্তমান ইয়াক অনুবাদৰ বাবে প্ৰেৰণ কৰা হৈছে।



আমোদজনক কথাটো হ’ল ডুব যোৱাৰ পিছতো চহৰখনৰ বোকা-ইটাৰ দেৱালবোৰ অলৌকিকভাৱে ভালদৰে সংৰক্ষিত হৈ আছিল। আশীৰ দশকৰ আৰম্ভণিতে ইয়াত মোছুল বান্ধ নিৰ্মাণৰ সময়ত এই চহৰখন সমাধিস্থ কৰা হৈছিল। কিন্তু খৰাং পৰিস্থিতিৰ বাবে ই পুনৰ উপৰিভাগলৈ উঠি আহিছে। প্ৰতিবেদন অনুসৰি ডুব যোৱাৰ পূৰ্বে এই স্থানটো পুৰাতত্ত্ববিদসকলে ভালদৰে অনুসন্ধান কৰা নাছিল। কিন্তু ডিচেম্বৰৰ পৰা অঞ্চলটোত তীব্ৰ খৰাং পৰিস্থিতিৰ মাজতে প্ৰাচীন চহৰখনৰ এটা অংশ পুনৰ পৃষ্ঠলৈ ঘূৰি আহিছে। পুৰাতত্ত্ববিদসকলে কয় যে এই আৱিষ্কাৰৰ পিছত মিট্টানী সাম্ৰাজ্যৰ বিষয়ে অধিক তথ্য চৰ্চালৈ আহিব। তেওঁ ইয়াক বিগত দশকবোৰত এক গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ বুলি অভিহিত কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প