--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড গ্লেমাৰ জগতত তাৰকাসকলৰ অভিনয় দক্ষতাৰ পৰা তেওঁলোকৰ ব্যক্তিগত জীৱনলৈকে, সকলোধৰণৰ প্ৰসংগই চৰ্চাৰ কেন্দ্ৰলৈ আহে। বিশেষকৈ, তাৰকাসকলৰ বিভিন্ন ফেশ্বন সংবেদন বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিভিন্ন অজ্ঞাত কাহিনী সময়ে সময়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।  বলীউড জগতৰ এনে এগৰাকী চৰ্চিত তাৰকা হৈছে অমিতাভ বচ্চন। 

বলীউডত দিনে দিনে বহুতো নতুন তাৰকাই ভুমুকি মাৰিলেও ম্লান পৰা নাই অমিতাভ বচ্চন। বৰঞ্চ ক্ৰমান্বয়ে উজ্জ্বল হৈ পৰিছে বিগ-বি। সাৱলীল অভিনয় আৰু আকৰ্ষণীয় একচনৰ বাবে বলীউডৰ 'শেহেনশ্বাহ' খ্যাত অমিতাভে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ অমিতাভ বচ্চন তেওঁৰ জীয়ৰী শ্বেতা নন্দাৰ বাবে খবৰৰ শিৰোনামলৈ আহিছে। 

শেহতীয়াকৈ, অমিতাভ জীয়ৰী শ্বেতা নন্দাৰ বিষয়ে এনে এক কথাপ্ৰসংগ ওলাইছে যে বিষয়টো এতিয়া সকলোৰে মাজত গুৰুত্ব বহন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা গৈছে যে শ্বেতা নন্দাই তেওঁৰ স্বামীৰ ঘৰ এৰিছে আৰু এতিয়া তেওঁৰ পিতৃৰ ঘৰত আছে। শ্বেতা নন্দাই তেওঁৰ স্বামী নিখিল নন্দাৰ ঘৰ এৰি দীৰ্ঘদিন ধৰি পিতৃৰ ঘৰত থাকিবলগীয়া কিয় হ’ল? কিন্তু শ্বেতাই এনে পদক্ষেপ লৈছিল? এতিয়া সকলোৰে মনত এই প্ৰশ্নৰে অগাদেৱা।

খবৰত প্ৰকাশ পোৱা মতে, নিখিল নন্দাৰ ঘৰ দিল্লীত। কিন্তু এতিয়া তেওঁ মুম্বাইলৈ গুছি গৈছে। দৰাচলতে, তেওঁ এতিয়া গৃহিণী নহয়। মুম্বাইত ফেশ্বন ডিজাইনিং বিষয়ত অধ্যয়ন কৰি আছে। সেইবাবে, শ্বেতাই দিল্লী এৰি মুম্বাইলৈ যাব লগা হৈছে। আৰু এতিয়া এই বিষয়টোকে কেন্দ্ৰ কৰি নানা কথাই আলোচনা হৈছে  সামাজিক মাধ্যমত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ