--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড গ্লেমাৰ জগতত তাৰকাসকলৰ অভিনয় দক্ষতাৰ পৰা তেওঁলোকৰ ব্যক্তিগত জীৱনলৈকে, সকলোধৰণৰ প্ৰসংগই চৰ্চাৰ কেন্দ্ৰলৈ আহে। বিশেষকৈ, তাৰকাসকলৰ বিভিন্ন ফেশ্বন সংবেদন বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিভিন্ন অজ্ঞাত কাহিনী সময়ে সময়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।  বলীউড জগতৰ এনে এগৰাকী চৰ্চিত তাৰকা হৈছে অমিতাভ বচ্চন। 

বলীউডত দিনে দিনে বহুতো নতুন তাৰকাই ভুমুকি মাৰিলেও ম্লান পৰা নাই অমিতাভ বচ্চন। বৰঞ্চ ক্ৰমান্বয়ে উজ্জ্বল হৈ পৰিছে বিগ-বি। সাৱলীল অভিনয় আৰু আকৰ্ষণীয় একচনৰ বাবে বলীউডৰ 'শেহেনশ্বাহ' খ্যাত অমিতাভে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ অমিতাভ বচ্চন তেওঁৰ জীয়ৰী শ্বেতা নন্দাৰ বাবে খবৰৰ শিৰোনামলৈ আহিছে। 

শেহতীয়াকৈ, অমিতাভ জীয়ৰী শ্বেতা নন্দাৰ বিষয়ে এনে এক কথাপ্ৰসংগ ওলাইছে যে বিষয়টো এতিয়া সকলোৰে মাজত গুৰুত্ব বহন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা গৈছে যে শ্বেতা নন্দাই তেওঁৰ স্বামীৰ ঘৰ এৰিছে আৰু এতিয়া তেওঁৰ পিতৃৰ ঘৰত আছে। শ্বেতা নন্দাই তেওঁৰ স্বামী নিখিল নন্দাৰ ঘৰ এৰি দীৰ্ঘদিন ধৰি পিতৃৰ ঘৰত থাকিবলগীয়া কিয় হ’ল? কিন্তু শ্বেতাই এনে পদক্ষেপ লৈছিল? এতিয়া সকলোৰে মনত এই প্ৰশ্নৰে অগাদেৱা।

খবৰত প্ৰকাশ পোৱা মতে, নিখিল নন্দাৰ ঘৰ দিল্লীত। কিন্তু এতিয়া তেওঁ মুম্বাইলৈ গুছি গৈছে। দৰাচলতে, তেওঁ এতিয়া গৃহিণী নহয়। মুম্বাইত ফেশ্বন ডিজাইনিং বিষয়ত অধ্যয়ন কৰি আছে। সেইবাবে, শ্বেতাই দিল্লী এৰি মুম্বাইলৈ যাব লগা হৈছে। আৰু এতিয়া এই বিষয়টোকে কেন্দ্ৰ কৰি নানা কথাই আলোচনা হৈছে  সামাজিক মাধ্যমত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ