--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশান্ত নীলৰ কেজিএফ চেপ্তাৰ ২ এমাহ আগতে মুকলি কৰা হৈছিল। ছবিখনে ইতিমধ্যে বক্স অফিচত হাজাৰ হাজাৰ কোটিৰ ব্যৱসায় কৰিছে আৰু সেই চিনেমাখনৰ বাবে দক্ষিণৰ চুপাৰষ্টাৰ যশ দেশৰ আইকন হৈ পৰিছিল। দৰ্শকৰ চকু এতিয়াও তেওঁৰ ওপৰত আছে। নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুত্ৰ যশে সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিছে। এক সাক্ষাৎকাৰত, তেওঁ কৈছিল যে তেওঁৰ দেউতাক পেছাত এজন বাছ চালক আছিল। তাৰ মাজতে এতিয়া আন এক ৰহস্য পোহৰলৈ আহিছে! যশৰ দেউতাক অৰুণ কুমাৰে তেওঁৰ পুত্ৰ এজন চুপাৰষ্টাৰ হোৱা স্বত্বেও বাছ চলাবলৈ এৰি দিয়া নাছিল। তেওঁ এতিয়াও কেএছআৰটিচিৰ এজন বাছ চালক।

এই গোপন কথাটো শেহতীয়াকৈ জনপ্ৰিয় পৰিচালক এছ এছ ৰাজামৌলীয়ে ৰাজহুৱা কৰিছিল। এক অনুষ্ঠানত আৰআৰআৰ ৰ সঞ্চালকজনে কয়, "মই শুনিছোঁ যে যশৰ দেউতাক এজন বাছ চালক। তেওঁ এতিয়ালৈকে চাকৰি এৰা নাই। মোৰ মতে, তেওঁহে হৈছে এজন প্ৰকৃত তাৰকা। যশতকৈ তেওঁৰ অধিক কৃতিত্ব আছে। কোৱাৰ প্ৰয়োজন নাই যে যশৰ দেউতাকৰ শালীনতাই বাহুবলী খ্যাত পৰিচালকৰ মনত আকৰ্ষণ কৰিছিল। পুত্ৰ চুপাৰষ্টাৰ হোৱাৰ পিছতো তেওঁ নিজৰ পৰিচয় পাহৰি নোযোৱাটোৱেই বহুতক অনুপ্ৰাণিত কৰিছে।

নবীন কুমাৰ গৌড়া ওৰফে যশৰ জন্ম ১৯৮৬ চনৰ ৮ জানুৱাৰীত মহীশূৰত হৈছিল। তেওঁৰ দেউতাক অৰুণ কুমাৰ পেছাত এজন বাছ চালক আছিল। আৰু মাক পুষ্পা এগৰাকী গৃহিনী। যশে সৰুৰে পৰা নায়ক হোৱাৰ সপোন দেখি আছিল। যাৰবাবে তেওঁ স্কুল আৰু কলেজৰ থিয়েটাৰতো অংশগ্ৰহণ কৰিছিল। যশে ছবিখনত অভিনয় কৰাৰ সুযোগ পোৱাৰ সময়ত মাত্ৰ ৩০০ টকা লৈ ঘৰ এৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ