--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশান্ত নীলৰ কেজিএফ চেপ্তাৰ ২ এমাহ আগতে মুকলি কৰা হৈছিল। ছবিখনে ইতিমধ্যে বক্স অফিচত হাজাৰ হাজাৰ কোটিৰ ব্যৱসায় কৰিছে আৰু সেই চিনেমাখনৰ বাবে দক্ষিণৰ চুপাৰষ্টাৰ যশ দেশৰ আইকন হৈ পৰিছিল। দৰ্শকৰ চকু এতিয়াও তেওঁৰ ওপৰত আছে। নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুত্ৰ যশে সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিছে। এক সাক্ষাৎকাৰত, তেওঁ কৈছিল যে তেওঁৰ দেউতাক পেছাত এজন বাছ চালক আছিল। তাৰ মাজতে এতিয়া আন এক ৰহস্য পোহৰলৈ আহিছে! যশৰ দেউতাক অৰুণ কুমাৰে তেওঁৰ পুত্ৰ এজন চুপাৰষ্টাৰ হোৱা স্বত্বেও বাছ চলাবলৈ এৰি দিয়া নাছিল। তেওঁ এতিয়াও কেএছআৰটিচিৰ এজন বাছ চালক।

এই গোপন কথাটো শেহতীয়াকৈ জনপ্ৰিয় পৰিচালক এছ এছ ৰাজামৌলীয়ে ৰাজহুৱা কৰিছিল। এক অনুষ্ঠানত আৰআৰআৰ ৰ সঞ্চালকজনে কয়, "মই শুনিছোঁ যে যশৰ দেউতাক এজন বাছ চালক। তেওঁ এতিয়ালৈকে চাকৰি এৰা নাই। মোৰ মতে, তেওঁহে হৈছে এজন প্ৰকৃত তাৰকা। যশতকৈ তেওঁৰ অধিক কৃতিত্ব আছে। কোৱাৰ প্ৰয়োজন নাই যে যশৰ দেউতাকৰ শালীনতাই বাহুবলী খ্যাত পৰিচালকৰ মনত আকৰ্ষণ কৰিছিল। পুত্ৰ চুপাৰষ্টাৰ হোৱাৰ পিছতো তেওঁ নিজৰ পৰিচয় পাহৰি নোযোৱাটোৱেই বহুতক অনুপ্ৰাণিত কৰিছে।

নবীন কুমাৰ গৌড়া ওৰফে যশৰ জন্ম ১৯৮৬ চনৰ ৮ জানুৱাৰীত মহীশূৰত হৈছিল। তেওঁৰ দেউতাক অৰুণ কুমাৰ পেছাত এজন বাছ চালক আছিল। আৰু মাক পুষ্পা এগৰাকী গৃহিনী। যশে সৰুৰে পৰা নায়ক হোৱাৰ সপোন দেখি আছিল। যাৰবাবে তেওঁ স্কুল আৰু কলেজৰ থিয়েটাৰতো অংশগ্ৰহণ কৰিছিল। যশে ছবিখনত অভিনয় কৰাৰ সুযোগ পোৱাৰ সময়ত মাত্ৰ ৩০০ টকা লৈ ঘৰ এৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ