--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতে শেহতীয়াকৈ অপাৰেশ্যন সেন্দূৰ চলোৱাৰ পাছত ভাৰত আৰু পাকিস্তানৰ প্ৰতিৰক্ষা সামগ্রী কৌশল সন্দর্ভত ন-ন তথ্য পোহৰলৈ আহিছে। 

ভাৰতৰ প্ৰতিৰক্ষা আমদানি ৰাছিয়াৰ অংশীদাৰিত্ব ১৯৯০ চনত ৯৬.৫% ৰ পৰা ২০২০ৰ দশকটোত ৭৫%লৈ হ্রাস পাইছে। ভাৰতে বর্তমান ফ্ৰান্সৰ পৰা ৯%, ইউ কেৰ পৰা ৫.৫%, ইজৰাইলৰ পৰা প্রায় ৫% আৰু আমেৰিকাৰ পৰা ৩% প্ৰতিৰক্ষা সামগ্রী আমদানি কৰে। ২০২০ চনৰ দশকটোত ভাৰতৰ আকাশী অস্ত্র-শস্ত্ৰৰ প্ৰায় ৫০%ই ফ্রান্স, ইউ কে আৰু ইজৰাইলৰ পৰা আহে। 

ভাৰতে ফ্ৰান্সৰ পৰা ৰাফেল যুঁজাৰু বিমান আৰু আমেৰিকাৰ পৰা এপাচে হেলিকপ্টাৰ প্ৰেডেটৰ ড্ৰ'ন ক্ৰয় কৰি আহিছে। বিশ্বব্যাপী নিষেধাজ্ঞা আৰু যোগান শৃংখলা ব্যাহত হোৱা বাবে ৰাছিয়াৰ এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থা ভাৰত আহি পাওঁতে যথেষ্ট পলম হোৱা দেখা গৈছে। সেয়েহে, ভাৰত সম্প্রতি কেৱল ৰাছিয়া নিৰ্ভৰশীল হৈ থকা নাই। ইফালে, পাকিস্তানলৈ অস্ত্র-শস্ত্র যোগানত চীনে একচেটিয়া অধিকাৰ কৰিছে। 

পূৰ্বতে পাকিস্তান আমেৰিকা নিৰ্ভৰ আছিল। চীনে পাকিস্তানলৈ জে এফ-১৭ যুঁজাৰু বিমান, এইচ কিউ-৯ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ৰপ্তানি কৰি আহিছে। সম্প্রতি বিশ্বৰ অস্ত্র-শস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকা শীৰ্ষত আছে। ২০২০-ৰ দশকটোত বিশ্বৰ সমূহ ৰপ্তানিৰ ৬৫%ই আমেৰিকাৰ। ৰাছিয়া-ইউক্রেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত ৰাছিয়াৰ অংশীদাৰিত্ব বিশ্বৰ ভিতৰত ৫%লৈ হ্রাস পাইছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ