--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছিৰহাটৰ তৃণমূল সাংসদ নুছৰত জাহানে আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি টুইট কৰিলে। স্মৰ্তব্য যে, কিছুদিন পূৰ্বে নুছৰত সন্ধানহীন হোৱা বুলি তেওঁৰ সমষ্টিত পোষ্টাৰ আঁৰিছিল তেওঁৰে দলীয় সতীৰ্থই। সাংসদ গৰাকীৰ সন্ধান বিচাৰি এনেদৰে দলীয় সতীৰ্থই পোষ্টাৰ আঁৰিছিল বুলি খবৰ ওলাইছিল।  দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি আছিল নুছৰত জাহান। কিন্তু হঠাত্‍  ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সামাজিক মাধ্যমৰ যোগেদি কটাক্ষ কৰিছে সাংসদ গৰাকীয়ে।

সামাজিক মাধ্যমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা বছিৰহাটৰ সাংসদ গৰাকীৰ। তেওঁ কয় যে, ‘বিৰোধীয়ে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে সৰু সৰু ঘটনাবোৰক লৈয়ে ব্যস্ত থাকে। এনেদৰেই ৰাজনৈতিক দলবোৰে ৰাইজৰ মাজত ঘৃণা বিয়পাইছে।’ নুছৰতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ এই অংশ দাঙি ধৰি এক টুইটত সাংসদগৰাকীয়ে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় ৰাজ্যিক বিজেপিৰ কথাকে কৈছে।’  স্বাভাৱিকতে, নুছৰতৰ এই প্ৰসংগই এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। 

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে বিধানসভাৰ চাপাটালা পঞ্চায়ত অঞ্চলত নুছৰত সন্ধানহীন বুলি পোষ্টাৰ আঁৰিছিল দলীয় সতীৰ্থই। তৃণমূলৰ সাংসদ নুছৰত জাহানৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি সংবাদ প্ৰকাশৰ পাছতে নুছৰত জাহানৰ ৰাজনৈতিক টুইট কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান