--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছিৰহাটৰ তৃণমূল সাংসদ নুছৰত জাহানে আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি টুইট কৰিলে। স্মৰ্তব্য যে, কিছুদিন পূৰ্বে নুছৰত সন্ধানহীন হোৱা বুলি তেওঁৰ সমষ্টিত পোষ্টাৰ আঁৰিছিল তেওঁৰে দলীয় সতীৰ্থই। সাংসদ গৰাকীৰ সন্ধান বিচাৰি এনেদৰে দলীয় সতীৰ্থই পোষ্টাৰ আঁৰিছিল বুলি খবৰ ওলাইছিল।  দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি আছিল নুছৰত জাহান। কিন্তু হঠাত্‍  ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সামাজিক মাধ্যমৰ যোগেদি কটাক্ষ কৰিছে সাংসদ গৰাকীয়ে।

সামাজিক মাধ্যমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা বছিৰহাটৰ সাংসদ গৰাকীৰ। তেওঁ কয় যে, ‘বিৰোধীয়ে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে সৰু সৰু ঘটনাবোৰক লৈয়ে ব্যস্ত থাকে। এনেদৰেই ৰাজনৈতিক দলবোৰে ৰাইজৰ মাজত ঘৃণা বিয়পাইছে।’ নুছৰতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ এই অংশ দাঙি ধৰি এক টুইটত সাংসদগৰাকীয়ে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় ৰাজ্যিক বিজেপিৰ কথাকে কৈছে।’  স্বাভাৱিকতে, নুছৰতৰ এই প্ৰসংগই এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। 

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে বিধানসভাৰ চাপাটালা পঞ্চায়ত অঞ্চলত নুছৰত সন্ধানহীন বুলি পোষ্টাৰ আঁৰিছিল দলীয় সতীৰ্থই। তৃণমূলৰ সাংসদ নুছৰত জাহানৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি সংবাদ প্ৰকাশৰ পাছতে নুছৰত জাহানৰ ৰাজনৈতিক টুইট কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ