--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঘৰ এখনত সুখ-শান্তি বাহাল ৰাখিবলৈ ঘৰ নিৰ্মাণ কৰা স্থানৰ কথাটোও ভালে খিনি নিৰ্ভৰ কৰে। বাস্তু শাস্ত্ৰৰ মতে সকলো মাটিয়েই ঘৰ সজাৰ বাবে উপযোগী নহয়। বাস্তুই সেয়ে কিছুমান ভূমিত ঘৰ নাসাজিবলৈ বিধান দিছে। কেনে ভূমি? গৃহ নিৰ্মাণৰ পূৰ্বে ভূমিৰ অৱস্থানৰ কথাটো ভালদৰে নিৰ্ণয় কৰিব লাগে। ভূমিৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি গৃহস্থৰ সুখ-শান্তিৰ বৃদ্ধি অথবা হ্ৰাস হ'ব পাৰে। 

তলত কেনে ভূমিত ঘৰ নিৰ্মাণ কৰা অশুভ, সেই বিষয়ে উল্লেখ কৰা হৈছে।যি ভূমিৰ পশ্চিম পিনে চিধাচিধিকৈ ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হয়।যি ভূমিৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা অহা দুটা পথ একেলগ হৈছে তেনে ভূমিত ঘৰ সাজিব নালাগে। যি ভূমিত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা অহা তিনিটা পথ একেলগ হয় তেনে ভূমিত ঘৰ সাজিব নালাগে।

 যি ভূমিৰ তিনিওপিনে ৰাস্তা থাকে তেনে ভূমিত ঘৰ সাজিলে নানা অপায়-অমংগল হ’ব পাৰে। যি ভূমি চৌদিশৰ পৰা গছ-গছনি অথবা আন ঘৰে আগুৰি থকাৰ ফলত সূৰ্যৰ পোহৰ ভালদৰে পৰিব নোৱাৰে, যি ভূমিত বতাহ ভালদৰে চলাচল কৰিব নোৱাৰে, তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে আঁহত গছ, পশ্চিম দিশে বট গছ, উত্তৰ দিশে ডিমৰু গছ আৰু পূব দিশে অশ্বত্থ গছ থাকে তেনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ অমংগল হয়।

যি ভূমিৰ পূব দিশে বট গছ, দক্ষিণ দিশে ডিমৰু, উত্তৰত আঁহত, পশ্চিমত অশ্বত্থ গছ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।যি ভূমিৰ পিছপিনে অথবা সন্মুখৰ পিনে কোনো শ্মশান নাইবা সমাধিস্থল থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে, অগ্নি কোণত, নৈঋত কোণ অথবা বায়ু কোণত জলাধাৰ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ