--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত লাফিং বুদ্ধ অর্থাৎ হাস্যৰত বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰখাটো অতি শুভ ফলদায়ক। লাফিং বুদ্ধ হৈছে চীনা লোকসকলৰ বিশ্বাস অনুসৰি  ধনপ্রাপ্তিৰ দেৱতা। সেইবাবে চীনা লোকসকলে তেওঁলোকৰ ঘৰত সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক লাফিং বুদ্ধৰ প্ৰতিকৃতি ৰাখি আহিছে। 

সকলো লোকেই ঘৰৰ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে লাফিং বুদ্ধৰ মূৰ্তি ঘৰত ৰাখিব লাগে । লাফিং বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰাখিলেও সেই প্রতিকৃতিত কোনো ধৰণৰ পূজা-অৰ্চনা কৰিব নালাগে। ঘৰৰ এক নিৰ্দিষ্ট স্থানত সেই প্ৰতিকৃতি স্থাপন কৰিব লাগে ৷ ঘৰৰ কেনে স্থানত প্রতিকৃতি স্থাপন কৰা হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰিয়ে লাফিং বুদ্ধৰ মূর্তিয়ে সৃষ্টি কৰা শুভ ফল নিৰ্ভৰ কৰে। লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শোৱনি কোঠা বা ৰান্ধনীশালত ৰাখিব নালাগে। 

লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শ্ব’কেচৰ ভিতৰত আন সজোৱা সামগ্ৰীৰ সৈতে সজাই ৰাখিব নালাগে। এনেদৰে সজাই ৰখা লাফিং বুদ্ধৰ মূৰ্তিয়ে কোনো শুভ ফল প্ৰদান নকৰে। লাফিং বুদ্ধৰ মূৰ্তি সদায় ঘৰৰ প্রধান দৰ্জাৰ পিনে মুখ কৰি মাটিৰ পৰা কমেও ৩০ ইঞ্চি ওপৰত স্থাপন কৰিব লাগে। শুভ শক্তি সদায় ঘৰৰ প্ৰধান দুবাৰেৰে প্রৱেশ কৰে। 

শুভ শক্তিয়ে ঘৰৰ প্ৰধান দুৱাৰেৰে প্ৰৱেশ কৰাৰ সময়ত লাফিং বুদ্ধই সেই শুভ শক্তিক আদৰণি জনায়। সেইবাবে ঘৰৰ প্রধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি স্থাপন কৰিব লাগে। যদি ঘৰৰ প্ৰধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি ৰখাৰ সুবিধা নাথাকে তেন্তে প্রধান দুৱাৰৰ কোণাকোণিকে কোনো সৰু টেবুলৰ ওপৰত লাফিং বুদ্ধৰ মূর্তি স্থাপন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ