--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এংগ্ৰী ইয়ং মেন খ্যাত অমিতাভ বচ্চন কিন্তু এগৰাকী সফল ফেমেলী মেনো।বলীউডৰ ছবি, জনপ্ৰিয়তা ইত্যাদি বিষয়বোৰৰ মাজত থাকোতে থাকোতে কেতবোৰ কথা আমাৰ অগোচৰে ৰৈ যায়।পাছে ব্যতিক্ৰম অমিতাভ বচ্চন। অভিনয়ৰ লগতে নিজৰ ঘৰখনো সমানে ধৰি ৰাখিছে বিগ‌-বিয়ে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাই কিম্বা তেওঁলোকৰ সকলো অভাৱ-অভিযোগ তথা প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ভাল পায় বিগ-বিয়ে। এগৰাকী সফল অভিভাৱক হিচাপেও সুনাম আছে তেওঁৰ। কিন্তু পৰিয়ালৰ সকলো সদস্যৰ ভিতৰত বিগ-বিৰ আটাইতকৈ প্ৰিয় ব্যক্তিজন  কোন? তাকে লৈ হৈছে চৰ্চা। খবৰ অনুসৰি, তেওঁৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনেই অমিতাভৰ সবাটোকৈ প্ৰিয়। বোৱাৰীক দেখা পালেই আনন্দত আত্মহাৰা হৈ পৰে অমিতাভ। অমিতাভৰ সৈতে বোৱাৰীৰ এনে নিবিড় সম্পৰ্কৰ বাবে প্ৰায়ে ছ’চিয়েল মিডিয়াত চৰ্চাৰ শীৰ্ষত থাকিবলগীয়া হয় বলীউড শ্বেহেনশ্বাহে।

স্মৰ্তব্য যে, অভিষেকে ঐশ্বৰ্যৰ সৈতে ডেটিং কৰি থকা সময়ত জয়া বচ্চনে এটা জনপ্ৰিয় ছেট শ্ব 'কফি উইথ কৰণ'লৈ  গৈছিল। ঘটনাটো ২০০৭ চনৰ। সেই সময়তে জয়া বচ্চনে ৰাষ্ট্ৰীয় দূৰদৰ্শনত ঐশ্বৰ্যৰ প্ৰশংসা কৰিছিল। ঐশ্বৰ্যক তেওঁ বহুত ভাল পায় আৰু ঐশ্বৰ্য এগৰাকী ভাল ছোৱালী বুলি মন্তব্য কৰিছিল অমিতাভ পত্নীয়ে। তাৰপাছতে বিশ্বসুন্দৰী হৈ পৰিছিল বচ্চন পৰিয়ালৰ বোৱাৰী।

জয়াই কয়, ‘ঐশ্বৰ্য আমাৰ ছোৱালীৰ দৰে আৰু ঐশ্বৰ্যই আমাৰ ছোৱালীৰ অভাৱ পূৰণ কৰিছে। ঐশ্বৰ্যই আমাৰ একমাত্ৰ ছোৱালী শ্বেতাৰ অভাৱ পূৰণ কৰিছে।’ তেওঁ লগতে কয়, ‘ঐশ্বৰ্যক দেখি অমিতাভজী হতবাক হৈ পৰে। ঐশ্বৰ্যৰ উপস্থিতিয়ে আনন্দিত কৰি তোলে অমিতাভজীক। যেন ঐশ্বৰ্যৰ ৰূপত জীয়ৰী শ্বেতাহে ঘৰলৈ আহিছে। শ্বেতাৰ বিয়া হোৱাৰ পাছত ঐশ্বৰ্যই ঘৰখন ভৰাই ৰাখিছে।’

জয়াই কয় যে, ‘যেতিয়া অমিতাভে ঐশ্বৰ্যক প্ৰথমবাৰৰ বাবে ওচৰৰ পৰা দেখিছিল, তেতিয়া তেওঁৰ চকু স্থবিৰ হৈ পৰা যেন লাগিছিল। তেওঁ ইমানেই আৱেগিক হৈ পৰিছিল যে দুচকুৰে চকুলো বৈ গৈছিল। নিজৰ জীয়ৰীৰ দৃষ্টিৰে ঐশ্বৰ্যক চায় তেওঁ। সেয়েহে, ঐশ্বৰ্যক যেতিয়াই ঘৰত দেখা পায় তেতিয়াই তেওঁ আৱেগিক হৈ পৰে।এতিয়াও আৱেগিক হৈ পৰা আমি দেখিবলৈ পাওঁ।’

সম্প্ৰতি, অমিতাভ-ঐশ্বৰ্যৰ সম্পৰ্কক লৈ ছ’চিয়েল মিডিয়াত নানা কথাৰ অৱতাৰণা হোৱা দেকিবলৈ পোৱা গৈছে। এগৰাকী বোৱাৰীক নিজ জীয়ৰীৰ মৰ্যাদা দিয়া অমিতাভ বচ্চনক কেন্দ্ৰ কৰি নানা হনুবাৰ্তা ভাইৰেল হৈ পৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে সচেতন মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ