--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুট(Gram) হৈছে উচ্চ প্ৰ'টিন সমৃদ্ধ খাদ্য। বুট আমাৰ সকলোৰে পৰিচিত এক খাদ্য সামগ্ৰী। মাংগলিক কাৰ্যতো বুটৰ গুৰুত্ব সৰ্বাধিক।  বুট কেঁচাই, ভাজি, বইল কৰি, চাটনি বনাই খোৱা হয়। বুটৰ ঘুগুণী খাবলৈও বৰ ভাল। কেঁচা বুট তিয়াই কেঁচা আদাৰ সৈতে খোৱাৰ ফলত শৰীৰত এণ্টিবায়টিক সৃষ্টি হয় আৰু এই এণ্টিবায়টিকে যিকোনো ৰোগৰ সৈতে যুঁজ দিয়ে। বুটৰ পানীও বহুতো মানুহে খায়। ইয়াৰো বহুত লাভালাভ আছে। বুট হৈছে এক পুষ্টিকৰ খাদ্য। বুট মলিবেডনেম আৰু মেঙ্গানিজৰ এক আশ্চৰ্যকৰ উৎস। বুটমাহত যথেষ্ট পৰিমাণৰ ফ'লেট আৰু খাদ্য আঁহৰ লগতে ট্ৰিপ্টিওফান, কপাৰ, ফছফৰাছ আৰু আইৰণ থাকে।



বুটৰ উপকাৰিতাৰ বিষয়ে জানো আহক 

১) বুটে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰত শক্তি বৃদ্ধি কৰে।

২)বুটে বদ হজম প্ৰতিৰোধ কৰে।

৩)পায়খানা পৰিষ্কাৰ নহ’লে বুট বটি তাত লোণ দি খালে উপকাৰ হয়।

৪)বুটে ৰক্তপিত্ত ৰোগ নাশ কৰে।

৫)তেজ বমি বা নাকে মুখে তেজ যোৱা ৰোগত বুট বইল কৰি খাওক।

৬)শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰে।

৭)দাঁতৰ পাৰি ফুলিলে বুট সিজাই সেই পানীৰে মুখ কুলি কুলি কৰিলে বিষ কমিব।

৮)বুট পানীত তিয়াই ৰাখি পিছদিনা খালে শৰীৰৰ দুৰ্বলতাৰ ভাৱ দূৰ হয় লগতে খোজ কঢ়াৰ শক্তি অধিক বৃদ্ধি হয় ।


৯)বুটে খাদ্য নলীত থকা ক্ষতিকাৰক জীবাণু নাশ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।


১০)যৌনশক্তি বৃদ্ধি কৰাত বুটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১১)হাত-ভৰি জ্বলাপুৰা কমোৱাত বুটে সহায় কৰে ।

১২)গোটেই ৰাতি বুট তিয়াই ৰাখি ৰাতিপুৱা খালি পেটত খালে কৃমি মৰি যায় ।

১৩)ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত গুড়ৰ লগত খালে ক্ষীণ শৰীৰ শকত হয় আৰু সৰু লৰা ছোৱালীৰ শৰীৰৰ উচ্চতা বাঢ়ে। 

১৪)জুইয়ে পুৰিলে বুট পিহি দৈৰ লগত মিহলাই মলমৰ দৰে লগাব লাগে। 

১৫)তেজৰ দোষ, খৰ খজুৱতি আদি হৈ থাকিলে, ২মাহ মান সদায় বুটৰ আটাৰ ৰুটি নিমখ নোহোৱাকৈ খাব লাগে। 



১৬)মূৰৰ বিষ হলে কেচাঁ বুটৰ ৰস খাব লাগে। 

১৭)চৰ্দিত গৰম বুট ৰুমালত বান্ধি শুঙিলে আৰাম পোৱা যায়। 

১৮)বহুত আৰু সঘনে ভোক লাগি থকা ৰোগত বুট এৰাতি তিয়াই পুৱা পানীখিনি খাব লাগে। 

১৯)বুট তিয়োৱা পানী খালে বমি বন্ধ হয়।

২০)বুটমাহৰ পৰা শৰীৰত অপ্ৰয়োজনীয় কলেষ্টেৰল হ্ৰাস হয়। 

গতিকে আহক সহজতে উপলব্ধ বুট খাই আমি নিজৰ স্বাস্থ্যক উন্নত আৰু শক্তিশালী কৰি ৰাখো।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ