--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাইলছ বা অৰ্শ এক অতি জটিল শাৰীৰিক সমস্যা। এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ৪৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকল এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। কিন্তু আজিকালি এই ৰোগ যিকোনো বয়সতো হ'ব পাৰে। পাইলছৰ সাধাৰণ লক্ষণসমূহ হ’ল মলদ্বাৰৰ বিষ, তেজ ওলোৱা, মলদ্বাৰ ফুলা, জ্বলা-পোৰা আদি। এই ৰোগৰ বহুতো সম্ভাৱ্য কাৰণ আছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে বেয়া জীৱনশৈলী ইয়াৰ বাবে দায়ী। গেছ বা পাচনতন্ত্ৰৰ সমস্যাৰ বাবেও পাইলছ হোৱাটো সম্ভৱ। বিশেষজ্ঞসকলৰ মতে যিসকলৰ এই সমস্যা আছে তেওঁলোকে এই বিষয়টোৰ প্ৰতি সচেতন হোৱা উচিত। গতিকে পাইলছৰ সমস্যা কমোৱাৰ বাবে কিছুমান ঘৰুৱা উপায় আগবঢ়ালোঁ।


১)বৰফঃঘৰতে পাইলছ ৰোগ নিৰাময়ৰ বাবে বৰফক উত্তম উপায় বুলি ধৰা হয়। আচলতে বৰফে তেজ চলাচল সুচল কৰি ৰাখে আৰু বিষ উপশম কৰাত সহায় কৰে। বৰফৰ টুকুৰা কাপোৰ এখনত মেৰিয়াই ঘা হোৱা ঠাইত ১০ মিনিট ৰাখিব লাগে। দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰিলে ভাল ফলাফল পাব।



২)আপেল চাইডাৰ ভিনেগাৰঃ বিশেষজ্ঞসকলৰ মতে ঘাঁ হোৱা ঠাইত আপেল চাইডাৰ ভিনেগাৰৰ এটা কপাহী বল প্ৰয়োগ কৰিব লাগে। আৰম্ভণিতে কিছু জ্বলা-পোৰা হ’ব, কিন্তু অলপ পিছত কমি যাব। এই পদ্ধতিটোও দিনটোত কেইবাবাৰো কৰিব পাৰি। লগতে আভ্যন্তৰীণ অৰ্শৰ বাবে এচামুচ আপেল চাইডাৰ ভিনেগাৰ এগিলাচ পানীত মিহলাই দিনে দুবাৰকৈ খাব লাগে। ইয়াৰ লগত এক চামুচ মৌ মিহলাই দিব পাৰে। বহুত আৰাম পাব।



৩)জামুঃ আমি গোটেই দিনটোত বহুত খাদ্য খাওঁ যিবোৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। জামুত ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ পৰিমাণ অতি বেছি হয়। এই এন্টিঅক্সিডেন্ট আৰু ভিটামিনবোৰে শৰীৰক সুস্থ কৰি ৰাখে। ইয়াৰ এন্টিঅক্সিডেন্টে পাইলছৰ সমস্যা হ্ৰাস কৰিব পাৰে। গতিকে পাইলছ থকা ৰোগীয়ে দিনটোত ২ৰ পৰা ৩ টা জামু খাই সমস্যাটো সমাধান কৰিব পাৰে।



৪)আদা আৰু নেমুৰ ৰসঃ শৰীৰত পানীৰ অভাৱ পাইলছৰ আন এটা কাৰণ। ইয়াৰ বাবে দিনটোত কমেও দুবাৰকৈ আদা, নেমু আৰু মৌৰ মিশ্ৰণ খাব লাগে। এই মিশ্ৰণটো নিয়মিতভাৱে খালে পাইলছ ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি দিনটোত কমেও ২-৩ লিটাৰ পানী খোৱাটো অতি উপকাৰী।



৫)অলিভ অইলঃ প্ৰতিদিনে এচামুচ অলিভ অইল দৈনিক খাদ্যত গ্ৰহণ কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে ই আমাৰ শৰীৰত প্ৰদাহ ক্ষিপ্ৰতাৰে হ্ৰাস কৰাত সহায় কৰে। অৰ্শ ৰোগ নিৰাময়ত ই অতি ফলপ্ৰসূ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত