--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাইলছ বা অৰ্শ এক অতি জটিল শাৰীৰিক সমস্যা। এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ৪৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকল এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। কিন্তু আজিকালি এই ৰোগ যিকোনো বয়সতো হ'ব পাৰে। পাইলছৰ সাধাৰণ লক্ষণসমূহ হ’ল মলদ্বাৰৰ বিষ, তেজ ওলোৱা, মলদ্বাৰ ফুলা, জ্বলা-পোৰা আদি। এই ৰোগৰ বহুতো সম্ভাৱ্য কাৰণ আছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে বেয়া জীৱনশৈলী ইয়াৰ বাবে দায়ী। গেছ বা পাচনতন্ত্ৰৰ সমস্যাৰ বাবেও পাইলছ হোৱাটো সম্ভৱ। বিশেষজ্ঞসকলৰ মতে যিসকলৰ এই সমস্যা আছে তেওঁলোকে এই বিষয়টোৰ প্ৰতি সচেতন হোৱা উচিত। গতিকে পাইলছৰ সমস্যা কমোৱাৰ বাবে কিছুমান ঘৰুৱা উপায় আগবঢ়ালোঁ।


১)বৰফঃঘৰতে পাইলছ ৰোগ নিৰাময়ৰ বাবে বৰফক উত্তম উপায় বুলি ধৰা হয়। আচলতে বৰফে তেজ চলাচল সুচল কৰি ৰাখে আৰু বিষ উপশম কৰাত সহায় কৰে। বৰফৰ টুকুৰা কাপোৰ এখনত মেৰিয়াই ঘা হোৱা ঠাইত ১০ মিনিট ৰাখিব লাগে। দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰিলে ভাল ফলাফল পাব।



২)আপেল চাইডাৰ ভিনেগাৰঃ বিশেষজ্ঞসকলৰ মতে ঘাঁ হোৱা ঠাইত আপেল চাইডাৰ ভিনেগাৰৰ এটা কপাহী বল প্ৰয়োগ কৰিব লাগে। আৰম্ভণিতে কিছু জ্বলা-পোৰা হ’ব, কিন্তু অলপ পিছত কমি যাব। এই পদ্ধতিটোও দিনটোত কেইবাবাৰো কৰিব পাৰি। লগতে আভ্যন্তৰীণ অৰ্শৰ বাবে এচামুচ আপেল চাইডাৰ ভিনেগাৰ এগিলাচ পানীত মিহলাই দিনে দুবাৰকৈ খাব লাগে। ইয়াৰ লগত এক চামুচ মৌ মিহলাই দিব পাৰে। বহুত আৰাম পাব।



৩)জামুঃ আমি গোটেই দিনটোত বহুত খাদ্য খাওঁ যিবোৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। জামুত ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ পৰিমাণ অতি বেছি হয়। এই এন্টিঅক্সিডেন্ট আৰু ভিটামিনবোৰে শৰীৰক সুস্থ কৰি ৰাখে। ইয়াৰ এন্টিঅক্সিডেন্টে পাইলছৰ সমস্যা হ্ৰাস কৰিব পাৰে। গতিকে পাইলছ থকা ৰোগীয়ে দিনটোত ২ৰ পৰা ৩ টা জামু খাই সমস্যাটো সমাধান কৰিব পাৰে।



৪)আদা আৰু নেমুৰ ৰসঃ শৰীৰত পানীৰ অভাৱ পাইলছৰ আন এটা কাৰণ। ইয়াৰ বাবে দিনটোত কমেও দুবাৰকৈ আদা, নেমু আৰু মৌৰ মিশ্ৰণ খাব লাগে। এই মিশ্ৰণটো নিয়মিতভাৱে খালে পাইলছ ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি দিনটোত কমেও ২-৩ লিটাৰ পানী খোৱাটো অতি উপকাৰী।



৫)অলিভ অইলঃ প্ৰতিদিনে এচামুচ অলিভ অইল দৈনিক খাদ্যত গ্ৰহণ কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে ই আমাৰ শৰীৰত প্ৰদাহ ক্ষিপ্ৰতাৰে হ্ৰাস কৰাত সহায় কৰে। অৰ্শ ৰোগ নিৰাময়ত ই অতি ফলপ্ৰসূ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ