--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চ ৰক্তচাপ এক জটিল সমস্যা। সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আমি দৈনিক ঔষধ ব্যৱহাৰ কৰো। কিন্তু কেৱল ঔষধ খালে নহয়, ইয়াৰ উপৰি খাদ্যৰ প্ৰতিও আমি সমানেই মনোযোগ দিব লাগিব। তেতিয়াহে সুস্থ হৈ থকাটো সম্ভৱ হৈ উঠে

 ভাৰতবৰ্ষত প্ৰতি বছৰে অগণন লোক এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হয়। ব্লাডপ্ৰেছাৰ ১৪০/৮০ৰ ওপৰত পোৱাৰ লগে লগে বুজা যায় যে ব্লাডপ্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। ব্লাডপ্ৰেছাৰ ১৮০/৯০ৰ ওপৰলৈ গলে সমস্যাটো বহুত বৃদ্ধি পাই বুলি কোৱা হয়। সাধাৰণতে উচ্চ ৰক্তচাপৰ কোনো লক্ষণ দেখা নাযায়। কিন্তু এইক্ষেত্ৰত ষ্ট্ৰোক, হাৰ্টএটেকৰ দৰে ৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। এইক্ষেত্ৰত ৰক্তবাহী নলীৰ আভ্যন্তৰীণ কোষত অত্যধিক চাপ বৃদ্ধি পায়। যাৰ ফলত উচ্চ ৰক্তচাপ সমস্যাটোৰ সৃষ্টি হয়।

 উল্লেখ্য যে, দৈনিক এই সমস্যাই জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰি আহিছে। এনে পৰিস্থিতিত প্ৰতিজন লোকে সাৱধান হোৱাৰ প্ৰয়োজন হৈ পৰে। এইক্ষেত্ৰত বিভিন্ন পুষ্টি বিশেষজ্ঞই কৈছে যে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ হলে খাদ্যাভ্যাস আৰু জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব।

 বিশ্বত ‘উচ্চ ৰক্তচাপ দিৱস’ উপলক্ষে পি এছ আৰ আই মাল্টি স্পেচিয়েলিটী হাস্পতালৰ পুষ্টিবিদ দেৱানী বন্দ্যোপাধ্যায়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ১০টা খাদ্যভ্যাসৰ বিষয়ে পৰামৰ্শ আগবঢ়া।

 জানো আহক কি কি-

১. টেঙাজাতীয় ফল-

 যদি আপোনাৰ উচ্চ ৰক্তচাপ বেছি হয়, তেন্তে টেঙা ফল খাব পাৰে। সহজে যিকোনো ধৰণৰ নেমু, মৌচুম্বী আদি টেঙাজাতীয় ফলে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। এই ফলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’ আৰু খনিজ পদাৰ্থ থাকে। আপুনি যিকোনো পদ্ধতিৰে এই ফলবোৰ খাব পাৰে। চালাড হিচাপেও বা জুছ হিচাপেও খাব পাৰে। ই আপোনাক সুস্থ হৈ থকাত সহায় কৰে।

 ২. ধনীয়া পাত-

পুষ্টিবিদ বেনাৰ্জীৰ মতে ধনীয়া পাত সকলোৰে অতি জনপ্ৰিয়। আনকি এই খাদ্যবোৰেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। গতিকে আপুনি ইচ্ছা কৰিলে এই খাদ্য অনায়াসে খাব পাৰে।

 ৩. তিচি বীজ-

তিচি গুটিবোৰ অতি সৰু। কিন্তু ইয়াৰ খাদ্যৰ পুষ্টিগুণ কম নহয়। ইয়াৰ ভিতৰত আছে পটাছিয়াম, মেগনেছিয়াম আৰু আঁহ। এই সকলোবোৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অতি উত্তম। ইয়াৰ উপৰি শাৰীৰিক ব্যায়াম কৰিলেও এই সমস্যা হ্ৰাস পায়।

 ৪. ব্ৰকলি-

ব্ৰকলিত বহু পৰিমাণে ফ্লেভনয়ড আৰু এন্টিঅক্সিডেন্ট থাকে। এই সকলোবোৰ উপাদানে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। এনেক্ষেত্ৰত ৰক্তবাহী নলী আৰু নাইট্ৰিক অক্সাইডৰ ফলপ্ৰসূতা বৃদ্ধি কৰে।

 ৫. গাজৰ-

গাজৰত ক্লজেনিক, পি-কুমেৰিক আৰু কেফেইক এচিডৰ দৰে ফেনলিক যৌগ অধিক পৰিমাণে থাকে। এই যৌগটোৱে ৰক্তবাহী নলীবোৰ শিথিল কৰাত সহায় কৰে ফলত উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

 ৬. পিষ্টা বাদাম-

পিষ্টা বাদাম হৈছে এবিধ ড্ৰাইফুট। এই বাদামবোৰে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াত বহুতো উপাদান পোৱা যায়। এনেক্ষেত্ৰত ব্লাডপ্ৰেছাৰত ভুগি থকা লোকসকলে সামৰ্থ্য অনুযায়ী পিষ্টা বাদাম খাব পাৰে।

 ৭. ৰঙলাও গুটি-

ৰঙলাও সকলোৰে ঘৰত ৰন্ধা হয়। আচলতে ইয়াৰ বীজবোৰত যথেষ্ট পৰিমাণে পুষ্টিকৰ উপাদান থাকে। এনেক্ষেত্ৰত উচ্চ ৰক্তচাপত ভোগা লোকসকলে ৰঙলাও বীজ খাব পাৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

 ৮. মাহজাতীয় দাইল-

মাহজাতীয় দাইল প্ৰটিন আৰু আঁহৰ অন্যতম উৎস। ইয়াৰ অন্যান্য পুষ্টিকৰ মূল্যও আছে। সেয়েহে বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাৰ থকা লোকসকলে মাহজাতীয় শস্য খাব পাৰে। এইক্ষেত্ৰত অতি কম সময়ৰ ভিতৰতে উচ্চ ৰক্তচাপ হ্ৰাস পায়।

 ৯. বিলাহী-

বিলাহীত যথেষ্ট পৰিমাণে পটাছিয়াম আৰু কেৰটিনয়ড পিগমেণ্ট লাইকোপিন থাকে। যি হৃদযন্ত্ৰৰ বাবে লাইকোপেন অতি উপকাৰী। এনেক্ষেত্ৰত উচ্চ ৰক্তচাপো হ্ৰাস কৰে।

 ১০. চৰ্বিযুক্ত মাছ-

বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপ হ্ৰাস কৰিবলৈ ছালমন আৰু চৰ্বিযুক্ত মাছ খাব লাগে। এনেক্ষেত্ৰত এই মাছত ওমেগা-৩, ফেটি এচিড (Omega 3 Fatty Acid) থাকে। হৃদৰোগৰ বাবেও ই অত্যন্ত উপকাৰী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী