--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চ ৰক্তচাপ এক জটিল সমস্যা। সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আমি দৈনিক ঔষধ ব্যৱহাৰ কৰো। কিন্তু কেৱল ঔষধ খালে নহয়, ইয়াৰ উপৰি খাদ্যৰ প্ৰতিও আমি সমানেই মনোযোগ দিব লাগিব। তেতিয়াহে সুস্থ হৈ থকাটো সম্ভৱ হৈ উঠে

 ভাৰতবৰ্ষত প্ৰতি বছৰে অগণন লোক এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হয়। ব্লাডপ্ৰেছাৰ ১৪০/৮০ৰ ওপৰত পোৱাৰ লগে লগে বুজা যায় যে ব্লাডপ্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। ব্লাডপ্ৰেছাৰ ১৮০/৯০ৰ ওপৰলৈ গলে সমস্যাটো বহুত বৃদ্ধি পাই বুলি কোৱা হয়। সাধাৰণতে উচ্চ ৰক্তচাপৰ কোনো লক্ষণ দেখা নাযায়। কিন্তু এইক্ষেত্ৰত ষ্ট্ৰোক, হাৰ্টএটেকৰ দৰে ৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। এইক্ষেত্ৰত ৰক্তবাহী নলীৰ আভ্যন্তৰীণ কোষত অত্যধিক চাপ বৃদ্ধি পায়। যাৰ ফলত উচ্চ ৰক্তচাপ সমস্যাটোৰ সৃষ্টি হয়।

 উল্লেখ্য যে, দৈনিক এই সমস্যাই জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰি আহিছে। এনে পৰিস্থিতিত প্ৰতিজন লোকে সাৱধান হোৱাৰ প্ৰয়োজন হৈ পৰে। এইক্ষেত্ৰত বিভিন্ন পুষ্টি বিশেষজ্ঞই কৈছে যে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ হলে খাদ্যাভ্যাস আৰু জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব।

 বিশ্বত ‘উচ্চ ৰক্তচাপ দিৱস’ উপলক্ষে পি এছ আৰ আই মাল্টি স্পেচিয়েলিটী হাস্পতালৰ পুষ্টিবিদ দেৱানী বন্দ্যোপাধ্যায়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ১০টা খাদ্যভ্যাসৰ বিষয়ে পৰামৰ্শ আগবঢ়া।

 জানো আহক কি কি-

১. টেঙাজাতীয় ফল-

 যদি আপোনাৰ উচ্চ ৰক্তচাপ বেছি হয়, তেন্তে টেঙা ফল খাব পাৰে। সহজে যিকোনো ধৰণৰ নেমু, মৌচুম্বী আদি টেঙাজাতীয় ফলে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। এই ফলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’ আৰু খনিজ পদাৰ্থ থাকে। আপুনি যিকোনো পদ্ধতিৰে এই ফলবোৰ খাব পাৰে। চালাড হিচাপেও বা জুছ হিচাপেও খাব পাৰে। ই আপোনাক সুস্থ হৈ থকাত সহায় কৰে।

 ২. ধনীয়া পাত-

পুষ্টিবিদ বেনাৰ্জীৰ মতে ধনীয়া পাত সকলোৰে অতি জনপ্ৰিয়। আনকি এই খাদ্যবোৰেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। গতিকে আপুনি ইচ্ছা কৰিলে এই খাদ্য অনায়াসে খাব পাৰে।

 ৩. তিচি বীজ-

তিচি গুটিবোৰ অতি সৰু। কিন্তু ইয়াৰ খাদ্যৰ পুষ্টিগুণ কম নহয়। ইয়াৰ ভিতৰত আছে পটাছিয়াম, মেগনেছিয়াম আৰু আঁহ। এই সকলোবোৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অতি উত্তম। ইয়াৰ উপৰি শাৰীৰিক ব্যায়াম কৰিলেও এই সমস্যা হ্ৰাস পায়।

 ৪. ব্ৰকলি-

ব্ৰকলিত বহু পৰিমাণে ফ্লেভনয়ড আৰু এন্টিঅক্সিডেন্ট থাকে। এই সকলোবোৰ উপাদানে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। এনেক্ষেত্ৰত ৰক্তবাহী নলী আৰু নাইট্ৰিক অক্সাইডৰ ফলপ্ৰসূতা বৃদ্ধি কৰে।

 ৫. গাজৰ-

গাজৰত ক্লজেনিক, পি-কুমেৰিক আৰু কেফেইক এচিডৰ দৰে ফেনলিক যৌগ অধিক পৰিমাণে থাকে। এই যৌগটোৱে ৰক্তবাহী নলীবোৰ শিথিল কৰাত সহায় কৰে ফলত উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

 ৬. পিষ্টা বাদাম-

পিষ্টা বাদাম হৈছে এবিধ ড্ৰাইফুট। এই বাদামবোৰে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াত বহুতো উপাদান পোৱা যায়। এনেক্ষেত্ৰত ব্লাডপ্ৰেছাৰত ভুগি থকা লোকসকলে সামৰ্থ্য অনুযায়ী পিষ্টা বাদাম খাব পাৰে।

 ৭. ৰঙলাও গুটি-

ৰঙলাও সকলোৰে ঘৰত ৰন্ধা হয়। আচলতে ইয়াৰ বীজবোৰত যথেষ্ট পৰিমাণে পুষ্টিকৰ উপাদান থাকে। এনেক্ষেত্ৰত উচ্চ ৰক্তচাপত ভোগা লোকসকলে ৰঙলাও বীজ খাব পাৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

 ৮. মাহজাতীয় দাইল-

মাহজাতীয় দাইল প্ৰটিন আৰু আঁহৰ অন্যতম উৎস। ইয়াৰ অন্যান্য পুষ্টিকৰ মূল্যও আছে। সেয়েহে বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাৰ থকা লোকসকলে মাহজাতীয় শস্য খাব পাৰে। এইক্ষেত্ৰত অতি কম সময়ৰ ভিতৰতে উচ্চ ৰক্তচাপ হ্ৰাস পায়।

 ৯. বিলাহী-

বিলাহীত যথেষ্ট পৰিমাণে পটাছিয়াম আৰু কেৰটিনয়ড পিগমেণ্ট লাইকোপিন থাকে। যি হৃদযন্ত্ৰৰ বাবে লাইকোপেন অতি উপকাৰী। এনেক্ষেত্ৰত উচ্চ ৰক্তচাপো হ্ৰাস কৰে।

 ১০. চৰ্বিযুক্ত মাছ-

বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপ হ্ৰাস কৰিবলৈ ছালমন আৰু চৰ্বিযুক্ত মাছ খাব লাগে। এনেক্ষেত্ৰত এই মাছত ওমেগা-৩, ফেটি এচিড (Omega 3 Fatty Acid) থাকে। হৃদৰোগৰ বাবেও ই অত্যন্ত উপকাৰী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ