--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বিশেষকৈ পুৰুষৰ তুলনাত মহিলাৰ শৰীৰত আইৰনৰ অভাৱ অধিক দেখা যায়। এই আইৰনৰ শৰীৰত যেতিয়া হিমোগ্লোবিনৰ পৰিমান কমি আহে তেতিয়াই দেখা দিয়াৰ লগতে দুৰ্বলতাৰ সন্মুখীন হয়। হিমোগ্লোবিন হৈছে লোহিত ৰক্ত কণিকাত থকা এক আইৰন সমৃদ্ধ প্ৰ'টিন। ই সমগ্ৰ শৰীৰত অক্সিজেন গ্ৰহণ কৰাৰ বাবে দায়বদ্ধ। নিম্ন হিমোগ্লোবিনৰ ফলত দুৰ্বলতা, ভাগৰ, মূৰৰ বিষ আৰু উশাহ-নিশাহৰ সমস্যাৰ দৰে সমস্যা হয়। এই নিম্ন হিমোগ্লোবিনৰ অভাৱতে সন্মুখীন হ'ব পাৰে ৰক্তহীনতাৰ সমস্যা৷ যাৰ বাবে আইৰন সমৃদ্ধ খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ। শীতকালৰ সময়চোৱাত আপোনাক আইৰনৰ অভাৱৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পৰা কিছু খাদ্য সামগ্ৰী হৈছে : শীতকালত পালেং শাক বৃহৎ পৰিমাণে উৎপাদন হয়। পালেং শাকত আইৰন আৰু কেলচিয়াম দুয়োটা উপাদানেই সমৃদ্ধ হৈ থাকে। আপুনি পালেং শাক আপোনাৰ স্বাস্থ্যকৰ স্মুদিতো মিহলি কৰিব পাৰে। ইয়াৰ উপৰি বা আপুনি ইয়াক চুপৰ জৰিয়তেও গ্ৰহণ কৰিব পাৰে৷ গুড়ত চেনীতকৈ বহুত কম কেলৰি থাকে। গুড়ত আইৰন, মেগনেছিয়াম আৰু পটাছিয়াম থাকে৷ লগতে গুড় খালে খাদ্য হজম কৰাত সহায় হয়। শীতকালৰ সময়ছোৱাত ব্ৰকলি প্ৰায়ে লোকৰ পাকঘৰত দেখা যায়৷ ব্ৰকলিয়ে শৰীৰত আইৰনৰ অভাৱৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। ইয়াত ভিটামিন চি আছে যি শৰীৰক অন্য ৰোগৰ পৰাও সুৰক্ষিত কৰে। শীতকালত আপোনাৰ আহাৰত অধিক সংখ্যক ভিটামিন চি সমৃদ্ধ ফল অন্তৰ্ভুক্ত কৰক। ই শৰীৰত আইৰন শোষণ উন্নত কৰাত সহায় কৰিব পাৰে। ই ৰোগ প্ৰতিৰোধ প্ৰণালীকো শক্তিশালী কৰে যাতে আপুনি ভাইৰেল সংক্ৰমণৰ পৰা আঁতৰি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত