--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত এক নাভূত-নাশ্ৰুত ঘটনা। খেলৰ মাজতেই হঠাৎ মৃত্যু হ’ল এজন ৩৫ বছৰীয়া ক্ৰিকেটাৰ। এই মৃত্যুৰ কাৰণ জানি সকলোৱে আচৰিত । আচলতে বুধবাৰে নিশা এখন খেলৰ সময়ত ৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰাণ পেটেলৰ মৃত্যু হয়। ইমৰাণ পেটেলৰ মৃত্যুৰ কাৰণ হৃদৰোগ বুলি জানিব পৰা গৈছে।

ইমৰাণ পেটেল নামৰ এই ক্ৰিকেটাৰজনে অ’পেনাৰ হিচাপে বেটিং কৰিবলৈ আহিছিল আৰু খেলপথাৰত কিছু সময় কটোৱাৰ পিছত তেওঁৰ বুকু আৰু বাহুত বিষ হ’বলৈ আৰম্ভ হয়। ইমৰাণ পেটেলে এই বিষয়ে অন-ফিল্ড আম্পায়াৰসকলক অৱগত কৰে আৰু তেওঁক খেলপথাৰৰ পৰা ওলাই যাবলৈ দিয়া হয়। অৱশ্যে পেভেলিয়ান উভতি আহোঁতে ইমৰাণ পেটেল মূৰ্চা যায়।

এই সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী হৈছিল মেচখনৰ লাইভ টেলিকাষ্টৰ সময়ত। ইমৰাণ অচেতন হোৱাৰ লগে লগে খেলপথাৰত উপস্থিত থকা আন খেলুৱৈসকল তেওঁৰ ফালে দৌৰি গ’ল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰীক্ষাৰ অন্তত চিকিৎসকে ইমৰানক মৃত বুলি ঘোষণা কৰে।

শাৰীৰিকভাৱে তেওঁ সুস্থ আছিল, তথাপিও তেওঁৰ হাৰ্ট এটেক আহিল। অল ৰাউণ্ডাৰ হোৱাৰ বাবে ইমৰাণ আছিল এনে এজন খেলুৱৈ যিয়ে গোটেই মেচখন সক্ৰিয় হৈ থাকিব লগা হৈছিল। সেয়েহে তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ জানি সকলোৱে আচৰিত হৈছে ৷খেলখনৰ অংশ হিচাপে থকা আন এজন ক্ৰিকেটাৰ নাছিৰ খানে সংবাদ মাধ্যমত জনায়, ‘তেওঁৰ পূৰ্বতে কোনো স্বাস্থ্যজনিত সমস্যা নাছিল। তেওঁৰ শাৰীৰিক অৱস্থা ভাল আছিল। আচলতে তেওঁ আছিল খেলৰ অল ৰাউণ্ডাৰ। আমি সকলোৱে এতিয়াও স্তম্ভিত হৈ আছো।’

প্ৰয়াত ইমৰাণ পেটেলৰ এগৰাকী পত্নী আৰু তিনিগৰাকী কন্যা সন্তান আছিল, ইয়াৰে সৰুজনীৰ বয়স মাত্ৰ চাৰি মাহ। ইমৰাণ পেটেল অঞ্চলটোৰ এজন পৰিচিত ব্যক্তি, ক্ৰিকেট খেলুৱৈ মালিক আৰু ৰিয়েল এষ্টেট ব্যৱসায়ো আছিল। ৰসৰ দোকান এখনো চলাইছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পুনেত এখন মেচ খেলি থকাৰ সময়তে হাবিব শ্বেখ নামৰ আন এজন ক্ৰিকেটাৰো একেধৰণে মৃত্যুবৰণ কৰিছিল। অৱশ্যে হাবিবৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত আছিল ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ