--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত এক নাভূত-নাশ্ৰুত ঘটনা। খেলৰ মাজতেই হঠাৎ মৃত্যু হ’ল এজন ৩৫ বছৰীয়া ক্ৰিকেটাৰ। এই মৃত্যুৰ কাৰণ জানি সকলোৱে আচৰিত । আচলতে বুধবাৰে নিশা এখন খেলৰ সময়ত ৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰাণ পেটেলৰ মৃত্যু হয়। ইমৰাণ পেটেলৰ মৃত্যুৰ কাৰণ হৃদৰোগ বুলি জানিব পৰা গৈছে।

ইমৰাণ পেটেল নামৰ এই ক্ৰিকেটাৰজনে অ’পেনাৰ হিচাপে বেটিং কৰিবলৈ আহিছিল আৰু খেলপথাৰত কিছু সময় কটোৱাৰ পিছত তেওঁৰ বুকু আৰু বাহুত বিষ হ’বলৈ আৰম্ভ হয়। ইমৰাণ পেটেলে এই বিষয়ে অন-ফিল্ড আম্পায়াৰসকলক অৱগত কৰে আৰু তেওঁক খেলপথাৰৰ পৰা ওলাই যাবলৈ দিয়া হয়। অৱশ্যে পেভেলিয়ান উভতি আহোঁতে ইমৰাণ পেটেল মূৰ্চা যায়।

এই সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী হৈছিল মেচখনৰ লাইভ টেলিকাষ্টৰ সময়ত। ইমৰাণ অচেতন হোৱাৰ লগে লগে খেলপথাৰত উপস্থিত থকা আন খেলুৱৈসকল তেওঁৰ ফালে দৌৰি গ’ল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰীক্ষাৰ অন্তত চিকিৎসকে ইমৰানক মৃত বুলি ঘোষণা কৰে।

শাৰীৰিকভাৱে তেওঁ সুস্থ আছিল, তথাপিও তেওঁৰ হাৰ্ট এটেক আহিল। অল ৰাউণ্ডাৰ হোৱাৰ বাবে ইমৰাণ আছিল এনে এজন খেলুৱৈ যিয়ে গোটেই মেচখন সক্ৰিয় হৈ থাকিব লগা হৈছিল। সেয়েহে তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ জানি সকলোৱে আচৰিত হৈছে ৷খেলখনৰ অংশ হিচাপে থকা আন এজন ক্ৰিকেটাৰ নাছিৰ খানে সংবাদ মাধ্যমত জনায়, ‘তেওঁৰ পূৰ্বতে কোনো স্বাস্থ্যজনিত সমস্যা নাছিল। তেওঁৰ শাৰীৰিক অৱস্থা ভাল আছিল। আচলতে তেওঁ আছিল খেলৰ অল ৰাউণ্ডাৰ। আমি সকলোৱে এতিয়াও স্তম্ভিত হৈ আছো।’

প্ৰয়াত ইমৰাণ পেটেলৰ এগৰাকী পত্নী আৰু তিনিগৰাকী কন্যা সন্তান আছিল, ইয়াৰে সৰুজনীৰ বয়স মাত্ৰ চাৰি মাহ। ইমৰাণ পেটেল অঞ্চলটোৰ এজন পৰিচিত ব্যক্তি, ক্ৰিকেট খেলুৱৈ মালিক আৰু ৰিয়েল এষ্টেট ব্যৱসায়ো আছিল। ৰসৰ দোকান এখনো চলাইছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পুনেত এখন মেচ খেলি থকাৰ সময়তে হাবিব শ্বেখ নামৰ আন এজন ক্ৰিকেটাৰো একেধৰণে মৃত্যুবৰণ কৰিছিল। অৱশ্যে হাবিবৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত আছিল ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ