--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'বিশ্বকাপ জিকিবলৈ কোহলী, বাবৰ আৰু ৯ টুকুৰা কাঠেই যথেষ্ট৷' ফুটবল বিশ্বৰ কিংবদন্তীস্বৰূপ মানচেষ্টাৰ ইউনাইটেডৰ মেনেজাৰ ছাৰ এলেক্স ফাৰ্গুচনে এবাৰ কৈছিল যে তেওঁ ফৰাচী ফুটবলাৰ জিনেদাই জিদান আৰু ১০ টুকুৰা কাঠৰ সৈতে চেম্পিয়নছ লীগ জিকিব পাৰে। তেওঁৰ এই মন্তব্যৰ প্ৰতিধ্বনি এতিয়া শুনা হৈছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰছিদ লতিফৰ মুখত। ছাৰ এলেক্সৰ সেই বিখ্যাত মন্তব্যৰ অনুপ্ৰেৰণাৰে তেওঁ এইবাৰ বিৰাট কোহলী আৰু বাবৰ আজমক লৈ অনুৰূপ মন্তব্য কৰিছে।

কোহলী আৰু বাবৰ বিশ্ব ক্ৰিকেটৰ দুজন জনপ্ৰিয় আৰু সফল বেটছমেন। যদিও কোহলীৰ নামত বিশ্বকাপৰ খিতাপ আছে। ২০১১ চনত এম এছ ধোনীৰ নেতৃত্বত ভাৰতে বিশ্বকাপ জয় কৰা দলৰ সদস্য আছিল বিৰাট। অৱশ্যে বাবৰে এতিয়াও বিশ্বকাপৰ ক্ষেত্ৰত সফলতাৰ লাভ কৰিব পৰা নাই। ভাৰত আৰু পাকিস্তান দুয়োটা দলেই 'বিশ্ব চেম্পিয়ন'ৰ খিতাপ অৰ্জন কৰিবলৈ কঠোৰ সংগ্ৰাম কৰি আহিছে। দুয়োটা দলৰ প্ৰশিক্ষকে সফলতাৰ বাবে নিৰন্তৰে চেষ্টা অব্যাহত ৰাখিছে যদিও লতিফে অনুভৱ কৰে যে তেওঁ কেৱল কোহলী আৰু বাবৰক দলত লৈ আন ৯ টুকুৰা কাঠৰে বিশ্বকাপ জিকিব পাৰে।

'মোক ১০ টুকুৰা কাঠ দিয়ক আৰু লগত জিনেদিন জিদানক আৰু তাৰ জৰিয়তেই মই চেম্পিয়নছ লীগ জিকিম,' ছাৰ এলেক্সে এবাৰ কৈছিল। এইবাৰ সেই উক্তিৰে প্ৰতিধ্বনি কৰি ৰছিদে কৈছে, 'মোক বাবৰ আজম, বিৰাট কোহলী আৰু ন টুকুৰা কাঠ দিয়ক আৰু মই আপোনাক বিশ্বকাপ জিকাই দিম৷'

বাবৰ আৰু বিৰাটে এতিয়ালৈকে তেওঁলোকৰ নিজ নিজ দেশৰ হকে যথেষ্ট সফলতা অৰ্জন কৰিছে। কোহলীয়ে এতিয়া তিনিওটা ফৰ্মেটতে ভাৰতীয় দলৰ অধিনায়কত্ব এৰিছে। তাৰ বিপৰীতে আজমক তিনিওটা ফৰ্মেটতে পাকিস্তানৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

বাবৰৰ অধিনায়কত্বত, দুটা দশকৰ পাছত এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক জয় অৰ্জন কৰিছিল। টি-২০ বিশ্বকাপ ২০২১ত বাবৰে পাকিস্তানক ছেমি ফাইনেললৈ লৈ গৈছিল। কোহলীৰ অধিনায়কত্বত, ভাৰতে ২০১৯ত এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হৈছিল আৰু ২০১৭ চনত আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো উপনীত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?