--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'বিশ্বকাপ জিকিবলৈ কোহলী, বাবৰ আৰু ৯ টুকুৰা কাঠেই যথেষ্ট৷' ফুটবল বিশ্বৰ কিংবদন্তীস্বৰূপ মানচেষ্টাৰ ইউনাইটেডৰ মেনেজাৰ ছাৰ এলেক্স ফাৰ্গুচনে এবাৰ কৈছিল যে তেওঁ ফৰাচী ফুটবলাৰ জিনেদাই জিদান আৰু ১০ টুকুৰা কাঠৰ সৈতে চেম্পিয়নছ লীগ জিকিব পাৰে। তেওঁৰ এই মন্তব্যৰ প্ৰতিধ্বনি এতিয়া শুনা হৈছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰছিদ লতিফৰ মুখত। ছাৰ এলেক্সৰ সেই বিখ্যাত মন্তব্যৰ অনুপ্ৰেৰণাৰে তেওঁ এইবাৰ বিৰাট কোহলী আৰু বাবৰ আজমক লৈ অনুৰূপ মন্তব্য কৰিছে।

কোহলী আৰু বাবৰ বিশ্ব ক্ৰিকেটৰ দুজন জনপ্ৰিয় আৰু সফল বেটছমেন। যদিও কোহলীৰ নামত বিশ্বকাপৰ খিতাপ আছে। ২০১১ চনত এম এছ ধোনীৰ নেতৃত্বত ভাৰতে বিশ্বকাপ জয় কৰা দলৰ সদস্য আছিল বিৰাট। অৱশ্যে বাবৰে এতিয়াও বিশ্বকাপৰ ক্ষেত্ৰত সফলতাৰ লাভ কৰিব পৰা নাই। ভাৰত আৰু পাকিস্তান দুয়োটা দলেই 'বিশ্ব চেম্পিয়ন'ৰ খিতাপ অৰ্জন কৰিবলৈ কঠোৰ সংগ্ৰাম কৰি আহিছে। দুয়োটা দলৰ প্ৰশিক্ষকে সফলতাৰ বাবে নিৰন্তৰে চেষ্টা অব্যাহত ৰাখিছে যদিও লতিফে অনুভৱ কৰে যে তেওঁ কেৱল কোহলী আৰু বাবৰক দলত লৈ আন ৯ টুকুৰা কাঠৰে বিশ্বকাপ জিকিব পাৰে।

'মোক ১০ টুকুৰা কাঠ দিয়ক আৰু লগত জিনেদিন জিদানক আৰু তাৰ জৰিয়তেই মই চেম্পিয়নছ লীগ জিকিম,' ছাৰ এলেক্সে এবাৰ কৈছিল। এইবাৰ সেই উক্তিৰে প্ৰতিধ্বনি কৰি ৰছিদে কৈছে, 'মোক বাবৰ আজম, বিৰাট কোহলী আৰু ন টুকুৰা কাঠ দিয়ক আৰু মই আপোনাক বিশ্বকাপ জিকাই দিম৷'

বাবৰ আৰু বিৰাটে এতিয়ালৈকে তেওঁলোকৰ নিজ নিজ দেশৰ হকে যথেষ্ট সফলতা অৰ্জন কৰিছে। কোহলীয়ে এতিয়া তিনিওটা ফৰ্মেটতে ভাৰতীয় দলৰ অধিনায়কত্ব এৰিছে। তাৰ বিপৰীতে আজমক তিনিওটা ফৰ্মেটতে পাকিস্তানৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

বাবৰৰ অধিনায়কত্বত, দুটা দশকৰ পাছত এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক জয় অৰ্জন কৰিছিল। টি-২০ বিশ্বকাপ ২০২১ত বাবৰে পাকিস্তানক ছেমি ফাইনেললৈ লৈ গৈছিল। কোহলীৰ অধিনায়কত্বত, ভাৰতে ২০১৯ত এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হৈছিল আৰু ২০১৭ চনত আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো উপনীত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ