--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ফুটবলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুঁজৰ ভিতৰত অন্যতম হৈছে ব্ৰাজিল-আৰ্জেণ্টিনাৰ ছুপাৰ ক্লাছিকো মেচ। ব্ৰাজিল-আৰ্জেণ্টিনাৰ যুঁজ মানেই যেন অতিৰিক্ত ৰোমাঞ্চ। সমৰ্থকৰ মাজত তৰ্কৰ বৰ্ষা। সেইবাবে ফুটবল খেলপথাৰত এই দ্বৈৰথৰ যুঁজো হৈ পৰে দৃষ্টিনন্দন। 

কাটাৰ বিশ্বকাপৰ পূৰ্বেই ফুটবল প্ৰেমীয়ে ব্ৰাজিল-আৰ্জেণ্টিনাৰ মাজত আন এখন হাই-ভল্টেজ খেল চাবলৈ গৈ আছে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত  বিশ্বকাপৰ প্ৰস্তুতি মূলক এখন খেল খেলিব লেটিন আমেৰিকাৰ এই দুই পাৱাৰহাউছে।জুনৰ মাহৰ ১১তাৰিখে এই খেলখন অনুষ্ঠিত হোৱাৰ খবৰ ওলাইছে।

অষ্ট্ৰেলিয়াৰ ৰাজ্য ভিক্টোৰিয়াৰ চৰকাৰে বুধবাৰে এই বিষয়ে নিশ্চিত কৰিছে। খেলখন দেশৰ প্ৰতিষ্ঠিত মেলবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বুলিও জনাইছে কৰ্তৃপক্ষই। প্ৰায় পাঁচ বছৰ পাছত ৯৫,০০০ দৰ্শকৰ উপস্থিতিত ঐতিহাসিক মেলবৰ্ণ ষ্টেডিয়ামত এনে এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে।

ভিক্ট'ৰিয়ান ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰী মাৰ্টিন পাকুলাই কয়, ‘বিশ্বৰ দুখন সফল ফুটবল দেশ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত পুনৰ মিলিত হ'বলৈ গৈ আছে। আমি আকৌ এবাৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত দুয়োখন চিৰ প্ৰতিদ্বন্দী দেশৰ মাজত খেল আয়োজন কৰিবলৈ গৈ আছো। যাতে বিশ্ববাসীক দেখুৱাব পাৰো যে এইখন এখন গ্ৰেট স্পোৰ্টিং চিটী। '

তেওঁ লগতে কয়, ‘ফুটবলক সমগ্ৰ বিশ্বতে এক গোলকীয় খেল হিচাপে জনা যায়। সেইকাৰণে লক্ষ লক্ষ মানুহে এই খেলখন চাবলৈ মেলবৰ্ণত দৃষ্টি ৰাখিব। একে সময়তে, ভিক্টোৰিয়াত হাজাৰ হাজাৰ পৰ্যটকৰো সমাগম হ’ব।’ 

স্মৰ্তব্য যে, ইয়াৰপূৰ্বে বিগত বৰ্ষৰ ছেপ্টেম্বৰত ব্ৰাজিলৰ চাও পাওলোত মুখামুখি হৈছিল ব্ৰাজিল-আৰ্জেণ্টিনা। কৰ’না প্ৰট’কল ভংগ কৰাৰ অজুহাতত মাত্ৰ এক মিনিটৰ পাছতে খেলখন বাতিল কৰা হৈছিল। ইফালে, পাঁচ বছৰ পূৰ্বে ২০১৭ চনত, মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত মিলিত হৈছিল আৰ্জেণ্টিনা-ব্ৰাজিল। সেই খেলখনত মেছীৰ একমাত্ৰ গ'লটো লৈ আৰ্জেণ্টিনাই খেলপথাৰ এৰিছিল। ইয়াৰপূৰ্বে আৰ্জেণ্টিনাই আয়োজক দেশ অষ্ট্ৰেলিয়াকো ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ