--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজনৈতিক মতাদৰ্শ পৃথক৷ সেই মতাদৰ্শৰে বিপৰীত মেৰুত অৱস্থান তেওঁলোকৰ৷ কিন্তু, ক্ৰীড়াই ওচৰ চপাই আনিলে তেওঁলোকক৷ মতাদৰ্শগত পাৰ্থক্য পাহৰি তেওঁলোক মিলিত হ’ল এখন খেল চাবলৈ৷ হয়, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাক আঁতৰাই কংগ্ৰেছ আৰু বিজেপিৰ একাংশ নেতাই দেওবাৰে মনোৰম ধৰমশালা ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ক্ৰিকেট বিশ্বকাপৰ এখন খেল উপভোগ কৰা দেখা গ’ল৷

বিজেপি নেতা তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে কংগ্ৰেছ নেতা তথা মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখু, ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী হৰ্ষবৰ্ধন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু হিমাচল প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা জয়ৰাম ঠাকুৰে উপভোগ কৰে ভাৰত-নিউজিলেণ্ডৰ খেল৷

হিমাচল প্ৰদেশ বিজেপিৰ সভাপতি ড° ৰাজীৱ বিন্দাল আৰু আন কেইবাজনো কংগ্ৰেছ বিধায়কেও খেলখন ষ্টেডিয়ামত পোনপটীয়াকৈ উপভোগ কৰে৷

সুখুক জে পি নড্ডা আৰু অনুৰাগ ঠাকুৰৰ মাজত বহি থকা দেখা গৈছিল।

বিচিচিআইৰ সচিব জয় শ্বাহ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ অৰুণ ধুমল আৰু হিমাচল প্ৰদেশ ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ ৰঘুবীৰ সিং বালিও তাত উপস্থিত আছিল। ষ্টেডিয়ামৰ শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই অনুষ্ঠানটো আমাৰ দেশৰ ক্ৰীড়াৰ প্ৰতি থকা উৎসাহৰ প্ৰমাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত