--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজনৈতিক মতাদৰ্শ পৃথক৷ সেই মতাদৰ্শৰে বিপৰীত মেৰুত অৱস্থান তেওঁলোকৰ৷ কিন্তু, ক্ৰীড়াই ওচৰ চপাই আনিলে তেওঁলোকক৷ মতাদৰ্শগত পাৰ্থক্য পাহৰি তেওঁলোক মিলিত হ’ল এখন খেল চাবলৈ৷ হয়, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাক আঁতৰাই কংগ্ৰেছ আৰু বিজেপিৰ একাংশ নেতাই দেওবাৰে মনোৰম ধৰমশালা ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ক্ৰিকেট বিশ্বকাপৰ এখন খেল উপভোগ কৰা দেখা গ’ল৷

বিজেপি নেতা তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে কংগ্ৰেছ নেতা তথা মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখু, ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী হৰ্ষবৰ্ধন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু হিমাচল প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা জয়ৰাম ঠাকুৰে উপভোগ কৰে ভাৰত-নিউজিলেণ্ডৰ খেল৷

হিমাচল প্ৰদেশ বিজেপিৰ সভাপতি ড° ৰাজীৱ বিন্দাল আৰু আন কেইবাজনো কংগ্ৰেছ বিধায়কেও খেলখন ষ্টেডিয়ামত পোনপটীয়াকৈ উপভোগ কৰে৷

সুখুক জে পি নড্ডা আৰু অনুৰাগ ঠাকুৰৰ মাজত বহি থকা দেখা গৈছিল।

বিচিচিআইৰ সচিব জয় শ্বাহ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ অৰুণ ধুমল আৰু হিমাচল প্ৰদেশ ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ ৰঘুবীৰ সিং বালিও তাত উপস্থিত আছিল। ষ্টেডিয়ামৰ শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই অনুষ্ঠানটো আমাৰ দেশৰ ক্ৰীড়াৰ প্ৰতি থকা উৎসাহৰ প্ৰমাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ