--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খং উঠিল ৰোহিত শৰ্মাৰ। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়েও দেওবাৰে ধৰ্মশালাত সংঘটিত এক ঘটনাত অসন্তুষ্টি প্ৰকাশ কৰে। সতীৰ্থৰ ওপৰত নহয়। এইবাৰ নিজৰ কামতে নিৰাশ হ’ল ৰোহিত। খেলখনৰ প্ৰথমটো বলত সংঘটিত হয় এই ঘটনা। নিউজিলেণ্ডৰ অ’পেনাৰ ডেভন কনৱেৰ ভৰিত খুন্দা মাৰিলে যশপ্ৰীত বুমৰাহ। ভাৰতীয় ফিল্ডাৰ কিছুমানে এল বি ডব্লিউৰ বাবে আবেদন জনোৱাৰ পিছতো বুমৰাহ নিজেই কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল। আম্পায়াৰে আউট নিদিলে।

ৰোহিতে ৰাহুলক ৰিভিউৰ বাবে আবেদন কৰিব নেকি বুলি সুধিছে। ৰাহুলে মান্তি নহ’ল। ওচৰতে থকা বিৰাট কোহলীয়ে কয় যে বলটো লেগ ষ্টাম্পৰ বাহিৰত আছিল। অৱশ্যে কাৰো পৰামৰ্শ নুশুনি ৰোহিতে পুনৰীক্ষণৰ বাবে আবেদন কৰিলে।

সকলো পৰীক্ষা কৰাৰ পিছত তৃতীয় আম্পায়াৰে ঘোষণা কৰে যে কনৱে আউট নহয়। বুমৰাহৰ বলটো লেগ ষ্টাম্পৰ বাহিৰত পৰিল। ফলত খেলখনৰ প্ৰথমটো বলত ৰিভিউ হেৰুৱালে ভাৰত। যাৰ বাবে সম্পূৰ্ণ দায়ী নিজেই অধিনায়ক ৰোহিত। তৃতীয় আম্পায়াৰৰ সিদ্ধান্ত নিউজিলেণ্ডৰ বেটছমেনগৰাকীৰ সপক্ষে যোৱাত ৰোহিতে হতাশা প্ৰকাশ কৰা দেখা গ’ল। সেই সময়ত তেওঁক নিজৰ ওপৰত অলপ বিৰক্ত যেন লাগিছিল।

খেলৰ সময়ত কেতিয়াবা ৰোহিতৰ খং হেৰুৱাই থকা দেখা যায়। মুকলিকৈ বকাবকি কৰিছিল দলৰ সতীৰ্থক। এইবাৰ ভাৰতীয় দলৰ অধিনায়কে নিজৰ এটা কামত খং হেৰুৱাই পেলালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত