--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খং উঠিল ৰোহিত শৰ্মাৰ। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়েও দেওবাৰে ধৰ্মশালাত সংঘটিত এক ঘটনাত অসন্তুষ্টি প্ৰকাশ কৰে। সতীৰ্থৰ ওপৰত নহয়। এইবাৰ নিজৰ কামতে নিৰাশ হ’ল ৰোহিত। খেলখনৰ প্ৰথমটো বলত সংঘটিত হয় এই ঘটনা। নিউজিলেণ্ডৰ অ’পেনাৰ ডেভন কনৱেৰ ভৰিত খুন্দা মাৰিলে যশপ্ৰীত বুমৰাহ। ভাৰতীয় ফিল্ডাৰ কিছুমানে এল বি ডব্লিউৰ বাবে আবেদন জনোৱাৰ পিছতো বুমৰাহ নিজেই কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল। আম্পায়াৰে আউট নিদিলে।

ৰোহিতে ৰাহুলক ৰিভিউৰ বাবে আবেদন কৰিব নেকি বুলি সুধিছে। ৰাহুলে মান্তি নহ’ল। ওচৰতে থকা বিৰাট কোহলীয়ে কয় যে বলটো লেগ ষ্টাম্পৰ বাহিৰত আছিল। অৱশ্যে কাৰো পৰামৰ্শ নুশুনি ৰোহিতে পুনৰীক্ষণৰ বাবে আবেদন কৰিলে।

সকলো পৰীক্ষা কৰাৰ পিছত তৃতীয় আম্পায়াৰে ঘোষণা কৰে যে কনৱে আউট নহয়। বুমৰাহৰ বলটো লেগ ষ্টাম্পৰ বাহিৰত পৰিল। ফলত খেলখনৰ প্ৰথমটো বলত ৰিভিউ হেৰুৱালে ভাৰত। যাৰ বাবে সম্পূৰ্ণ দায়ী নিজেই অধিনায়ক ৰোহিত। তৃতীয় আম্পায়াৰৰ সিদ্ধান্ত নিউজিলেণ্ডৰ বেটছমেনগৰাকীৰ সপক্ষে যোৱাত ৰোহিতে হতাশা প্ৰকাশ কৰা দেখা গ’ল। সেই সময়ত তেওঁক নিজৰ ওপৰত অলপ বিৰক্ত যেন লাগিছিল।

খেলৰ সময়ত কেতিয়াবা ৰোহিতৰ খং হেৰুৱাই থকা দেখা যায়। মুকলিকৈ বকাবকি কৰিছিল দলৰ সতীৰ্থক। এইবাৰ ভাৰতীয় দলৰ অধিনায়কে নিজৰ এটা কামত খং হেৰুৱাই পেলালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ