--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পথাৰত বহু ৰাজনীতিকে তেওঁৰ পুত্ৰ-কন্যাক অতি সহজে প্ৰৱেশ কৰোৱাই আহিছে ৷ কিন্তু খেলৰ ক্ষেত্ৰত তাৰ ওলোটা ছবি এখনহে দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াকৈ সকলোৱে ভাবিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ পুত্ৰই অনায়াসে আইপিএলত স্থান পাব৷ কিন্তু সেয়া হৈ নুঠিল৷ 

শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে আই পি এল ২০২২ ৰ মেগা নিলামত তেওঁক ক্ৰয় কৰা মুম্বাই ইণ্ডিয়ানছৰ (এমআই) সৈতে একাত্ম হৈ থকাৰ পিছতো পোনপটীয়াকৈ দ্বিতীয় ছিজনৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) আত্মপ্ৰকাশ কৰিবলৈ সক্ষম নহ’ল।ফলত স্বাভাৱিকতে হতাশ হৈছে শচীন পুত্ৰ৷বাওঁহতীয়া বেটাৰ আৰু ফাষ্ট বলাৰ অৰ্জুনে কেইবাখনো আই পি এল খেল খেলাৰ পিছতো আইপিএলৰ দ্বিতীয় ছিজনত খেলাৰ সুবিধা নোপোৱাৰ কথাটোত বহু ক্ৰীড়াপ্ৰেমা আচৰিত হ’লেও পিছে আচৰিত হোৱা নাই অৰ্জুনৰ পিতৃ তথা বিশ্বৰ কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰ৷   

বহুতে আশা কৰিছিল যে অৰ্জুনে আই পি এল ২০২১ ত আত্মপ্ৰকাশ কৰিব, যিহেতু তেওঁৰ পিতৃ শচীন তেণ্ডুলকাৰ নিজেই ফ্ৰেঞ্চাইজিৰ পৰামৰ্শদাতা আৰু ফ্ৰেঞ্চাইজিৰ ভিতৰত প্ৰভাৱ থকা ব্যক্তি সেয়ে অৰ্জুনৰ বাবে আইপিএলৰ দ্বিতীয় ছিজনত অন্তৰ্ভূক্ত হোৱাটো মুঠেও টান কথা নহ’ব৷। কিন্তু সেয়া নহ’ল৷ পুত্ৰৰ বাবে শচীনে কোনো কথাতেই হস্তক্ষেপ নকৰিলে৷

পুত্ৰ আইপিএলৰ পৰা বাহিৰ হোৱাৰ পিছতে ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি হোৱা সন্দেহ দূৰ কৰি শচীনে কৈছে যে তেওঁ পুত্ৰৰ বাছনিত হস্তক্ষেপ নকৰে। শচীনে কয় ’মই কি ভাবি আছোঁ বা মই কি অনুভৱ কৰোঁ সেয়া গুৰুত্বপূৰ্ণ নহয়। চিজনটো ইতিমধ্যে শেষ হৈছে," ৷চাচইনচাইট' শীৰ্ষক এটা অনুষ্ঠানত তেণ্ডুলকাৰে কয় ’ক্ৰিকেটৰ পথ প্ৰত্যাহ্বানেৰে ভৰা৷ অৰ্জুনৰ সৈতে মোৰ সদায় এই বিষয়ত কথা হৈছিল৷মই কৈছিলো  যে পথটো প্ৰত্যাহ্বানপূৰ্ণ হ'ব, কঠিন হ'ব। অৰ্জুনে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব আৰু ভাল ফলাফলৰ বাবে অপেক্ষা কৰিব৷’ 

এতিয়ালৈকে ২২ বছৰীয়া অৰ্জুনে তেওঁৰ ঘৰুৱা দল মুম্বাইৰ হৈ মাত্ৰ দুখন টি-২০ খেল খেলিছে আৰু 'টি-২০ মুম্বাই' লীগত অংশগ্ৰহণ কৰিছে। তেণ্ডুলকাৰেও  ২০০৮-২০১২ বৰ্ষৰ পৰা দলটোৰ অধিনায়ক আছিল৷ পিছত ৰোহিত শৰ্মাৰ অধিনায়কত্বত এমআইয়ে প্ৰথম আই পি এল খিতাপ জয় কৰাৰ পিছত তেণ্ডুলকাৰে ২০১৩ চনত আই পি এলৰ পৰা অৱসৰ লয়, কিন্তু তেণ্ডুলকাৰ দলটোৰ সৈতে তেওঁলোকৰ পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে৷ তথাপি পুত্ৰ অন্তভূৰ্ক্তিৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ হস্তক্ষেপ নকৰিলে৷শচীন তেণ্ডুলকাৰৰ এনে স্বচ্ছ নীতিক বহুতে সেয়ে প্ৰশংসা কৰাও দেখা গৈছে৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ