--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতীয় দবা খেলৰ জগতখনত এক নৱ জ্যোতিষ্ক হিচাপে চমকি উঠা দবাৰু চাঞ্চল্য গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰাগনাানন্দে চীনৰ ৱেই য়িক ২.৫-১.৫ ব্যৱধানত পৰাস্ত কৰি মেল্টৱাটাৰ চেম্পিয়নছ চেছ ট্যুৰ চেচেবল মাষ্টাৰ্ছ, ২০২২ প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। 

 

ছেমিফাইনেলত ১৬ বছৰীয়া যুৱ গ্ৰেণ্ডমাষ্টাৰ প্ৰাগনানন্দই নেডাৰলেণ্ডৰ অনীশ গিৰিৰ সন্মুখীন হ'ব। আনখন ছেমিফাইনেলত বিশ্বৰ শীৰ্ষ স্থানৰ দবাৰু মেগনাস কাৰ্লছেনে চীনৰ ডিং লিৰেনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব। 

 

সোমবাৰে য়িৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুৱ তাৰকাগৰাকীয়ে ক’লা গুটিৰে খেলি ৯০ টা চালৰ অন্তত জয়লাভ কৰে। সুন্দৰ আৰম্ভণিৰে চাৰিটা গেমৰ মেচখনত প্ৰথম দুটা গেমত জয়েৰে ২-০ ৰ অগ্ৰগতি লাভ কৰে প্ৰাগনানন্দই।

 

কিন্তু তৃতীয় গেমত সফল প্ৰত্যাৱৰ্তন ঘটাই চীনা তাৰকা ৱেইয়ে ২-১ লৈ ব্যৱধান হ্ৰাস কৰে। এনে অৱস্থাত চতুৰ্থ গেমত ড্ৰ খেলিলেই ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ প্ৰাগনানন্দই ছেমিফাইনেলত স্থান নিশ্চিত কৰিবলৈ যথেষ্ট আছিল।

 

উল্লেখ্য যে প্ৰাগনানন্দে প্ৰাথমিক পৰ্যায়ৰ আৰম্ভণিতে ষষ্ঠ ৰাউণ্ডত বিশ্বৰ শীৰ্ষ স্থানৰ গ্ৰেণ্ডমাষ্টাৰ কাৰ্লচেনক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চলিত বছৰৰ ফেব্ৰুৱাৰীতো আন এখন খেলত কাৰ্লচেনক পৰাস্ত কৰি দবা জগতক হচকিত কৰি তুলিছিল প্ৰাগনানন্দই।

 

ইয়াৰ পিছতে ভাৰতীয় দবা জগতত বিশ্বনাথন আনন্দৰ উত্তৰসূৰী হিচাপে চৰ্চিত হৈছিল ১৬ বৰ্ষীয় এই কিশোৰ তাৰকাগৰাকী।

 

অৱশ্যে প্ৰাগনানন্দই ছেমিফাইনেলত স্থান নিশ্চিত কৰিলেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন দুজন ভাৰতীয় খেলুৱৈ- পি হৰিকৃষ্ণ আৰু গুজৰাথিয়ে শীৰ্ষ ৮ ত প্ৰৱেশত ব্যৰ্থ হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত