--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতীয় দবা খেলৰ জগতখনত এক নৱ জ্যোতিষ্ক হিচাপে চমকি উঠা দবাৰু চাঞ্চল্য গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰাগনাানন্দে চীনৰ ৱেই য়িক .-. ব্যৱধানত পৰাস্ত কৰি মেল্টৱাটাৰ চেম্পিয়নছ চেছ ট্যুৰ চেচেবল মাষ্টাৰ্ছ, ২০২২ প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে 

 

ছেমিফাইনেলত ১৬ বছৰীয়া যুৱ গ্ৰেণ্ডমাষ্টাৰ প্ৰাগনানন্দই নেডাৰলেণ্ডৰ অনীশ গিৰিৰ সন্মুখীন 'ব। আনখন ছেমিফাইনেলত বিশ্বৰ শীৰ্ষ স্থানৰ দবাৰু মেগনাস কাৰ্লছেনে চীনৰ ডিং লিৰেনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব। 

 

সোমবাৰে য়িৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুৱ তাৰকাগৰাকীয়ে লা গুটিৰে খেলি ৯০ টা চালৰ অন্তত জয়লাভ কৰে। সুন্দৰ আৰম্ভণিৰে চাৰিটা গেমৰ মেচখনত প্ৰথম দুটা গেমত জয়েৰে - অগ্ৰগতি লাভ কৰে প্ৰাগনানন্দই

 

কিন্তু তৃতীয় গেমত সফল প্ৰত্যাৱৰ্তন ঘটাই চীনা তাৰকা ৱেইয়ে - লৈ ব্যৱধান হ্ৰাস কৰে। এনে অৱস্থাত চতুৰ্থ গেমত ড্ৰ খেলিলেই ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ প্ৰাগনানন্দই ছেমিফাইনেলত স্থান নিশ্চিত কৰিবলৈ যথেষ্ট আছিল

 

উল্লেখ্য যে প্ৰাগনানন্দে প্ৰাথমিক পৰ্যায়ৰ আৰম্ভণিতে ষষ্ঠ ৰাউণ্ডত বিশ্বৰ শীৰ্ষ স্থানৰ গ্ৰেণ্ডমাষ্টাৰ কাৰ্লচেনক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চলিত বছৰৰ ফেব্ৰুৱাৰীতো আন এখন খেলত কাৰ্লচেনক পৰাস্ত কৰি দবা জগতক হচকিত কৰি তুলিছিল প্ৰাগনানন্দই

 

ইয়াৰ পিছতে ভাৰতীয় দবা জগতত বিশ্বনাথন আনন্দৰ উত্তৰসূৰী হিচাপে চৰ্চিত হৈছিল ১৬ বৰ্ষীয় এই কিশোৰ তাৰকাগৰাকী

 

অৱশ্যে প্ৰাগনানন্দই ছেমিফাইনেলত স্থান নিশ্চিত কৰিলেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন দুজন ভাৰতীয় খেলুৱৈ- পি হৰিকৃষ্ণ আৰু গুজৰাথিয়ে শীৰ্ষ প্ৰৱেশত ব্যৰ্থ হয়




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ