--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চেলিব্ৰেটি মানেই অনুৰাগীৰ মোহ। কোনো খেলুৱৈয়ে হওক বা অভিনেতাই হওক বা আন কোনো ক্ষেত্ৰত জড়িত ব্যক্তিয়েই হওক, নিজ ব্যক্তিত্ব আৰু প্ৰদৰ্শনৰ সুবাদত কিছুমান লোক তাৰকাৰ শাৰীলৈ উন্নীত হয়। লগে লগে স্বাভাৱিকতেই তেওঁলোকৰ অজস্ৰ অনুৰাগীৰো সৃষ্টি হয়। সাধাৰণতেই ভাৰতত খেলুৱৈ, বিশেষকৈ ক্ৰিকেটাৰ আৰু অভিনেতা সকলে অত্যধিক জনপ্ৰিয় চেলিব্ৰেটিৰ আখ্যা পায়।

অনুৰাগীৰ মৰম আৰু সন্মানে এই চেলিব্ৰিটিসকলক আগুৰি থাকে। তাতে যদি সেয়া বিৰাট কোহলীৰ দৰে তাৰকা ক্ৰিকেটাৰ হয়, তেতিয়া কথাই নাই। সমগ্ৰ বিশ্বজুৰি কোহলীৰ আছে অসংখ্য অনুৰাগী। আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত পৰ্দাপনৰ পিছৰে পৰা কোহলীয়ে নিজৰ প্ৰদৰ্শনেৰে মোহিত কৰিছে ক্ৰিকেট অনুৰাগীক। 

স্বাভাৱিকতেই নিজ অনুৰাগীক লৈ গৌৰৱবোধ কৰে চেলিব্ৰেটিসকলে। কিন্তু কেতিয়াবা যে অনুৰাগীৰ কিছু কৰ্মকাণ্ডক লৈ তেওঁলোক সমস্যাত নপৰে এনে নহয়। সাধাৰণতেই সকলো লোকৰে কিছু ব্যক্তিগত গোপনীয়তা থাকে। এনে গোপনীয়তা ভংগ কৰিলে স্বাভাৱিকতেই ক্ষুদ্ধ হয় সকলো ব্যক্তি।

এনে এক ঘটনাই সংঘটিত হৈছে বিৰাট কোহলীৰ ক্ষেত্ৰত। চলিত আই পি এলৰ এলিমিনেটৰ মেচৰ বাবে অনুশীলন কৰি থকা অৱস্থাতে অনুৰাগীৰ কাণ্ডজ্ঞানহীন ব্যৱহাৰত অপ্ৰস্তুত হৈ পৰে কোহলী। উল্লেখ্য যে আজি কলকাতাৰ ইডেন গাৰ্ডেনত এলিমিনেটৰ মেচখনত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। মেচখনৰ বাবে সাজু হৈছে দুয়োটা দল। 

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ গুৰুত্বপূৰ্ণ সদস্য তথা পূৰ্ব অধিনায়ক বিৰাট কোহলীয়ে মেচখনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে অনুৰাগীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হয়। ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে কোহলীয়ে অনুশীলনৰ পূৰ্বে গাৰ্ড পিন্ধিবলৈ লোৱাৰ সময়তে গেলাৰীৰ পৰা এগৰাকী অনুৰাগীয়ে এই দৃশ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰে। এই দৃশ্য দেখা পাই কোহলীয়ে অনুৰাগীজনক সতৰ্ক কৰি দিয়ে যে তেওঁ এল-গাৰ্ড পিন্ধিবলৈ লৈছে। সেয়ে তেওঁ ভিডিঅ' শ্বুট নকৰিবলৈ অনুৰাগীজনক আহ্বান জনায় কোহলীয়ে। 

কিন্তু কোহলীৰ আহ্বানৰ পাছতো ব্যক্তিজনে ভিডিঅ' শ্বুট অব্যাহত ৰাখে। উপায়ন্তৰ হৈ কোহলীয়ে বিপৰীত ফালে ঘূৰি গাৰ্ড পৰিধান কৰে। সম্প্ৰতি এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ শ্বুটিং কৰা ব্যক্তিজনক সমালোচনাৰে থকা-সৰকা কৰিছে বিভিন্নজনে।

উল্লেখ্য যে, সম্প্ৰতি বিৰাট কোহলী নিজৰ সৰ্বশ্ৰেষ্ঠ ফৰ্মত নাই। বিগত দুটা বছৰে ফৰ্মহীনতাত ভুগি আছে তাৰকা ক্ৰিকেটাৰগৰাকী। চলিত আই পি এলতো কোহলীৰ এই দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে। তথাপি কোহলীৰ অনুৰাগীসকল আশাহত হোৱা নাই। সকলোৱে বিশ্বাস কৰে, সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে পৰিগণিত কোহলী শীঘ্ৰেই ফৰ্মলৈ উভটিব। 

অৱশ্যে কোহলীয়েও ইতিমধ্যে ফৰ্ম ঘূৰাই পোৱাৰ ঈঙ্গিত দিছে। লীগৰ অন্তিমখন মেচত অৰ্ধশতক অৰ্জনেৰে আৰ চি বিৰ জয়ত মূখ্য ভূমিকা লৈছিল কোহলীয়ে। কোহলীৰ এই ইনিংছৰ বলতে বাংগালোৰৰ শীৰ্ষ চাৰিত উপনীত হোৱাৰ পথ মুকলি হৈছিল। এতিয়া সকলোৰে আশা, বাকী মেচতো কোহলীয়ে নিজৰ বেটিং বিক্ৰমেৰে প্ৰথমবাৰৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ আই পি এল জয়ত সহায় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ