--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ উত্তৰ কোৰিয়াত বিগত কেই সপ্তাহ মানৰ পৰা কমেও ১৭ লক্ষ লোক জ্বৰত আক্ৰান্ত হৈছে। এই জ্বৰক কৰ’না সংক্ৰমণ বুলি ধাৰণা কৰিছে সংশ্লিষ্ট মহলে। উত্তৰ কোৰিয়াৰ সাময়িক প্ৰেক্ষাপটে উদ্বিগ্ন কৰি তুলিছে চীনক। 

উত্তৰ কোৰিয়াৰ সীমান্তৰ পৰা মাত্ৰ ৩০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চীনৰ বন্দৰ চহৰ ডালিয়ানৰ প্ৰায় ৭৫ লাখ লোকক প্ৰতিদিনে ক’ৰ’না পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে চীনে। প্ৰশাসনে জনোৱা অনুসৰি, কৰ’না পৰীক্ষাৰ বাবে তেওঁলোকে অভিনৱ পদ্ধতি গ্ৰহণ কৰিছে। মঙলবাৰে কেৱল মহিলা, বৃহস্পতিবাৰে কেৱল পুৰুষ আৰু শনিবাৰে আৰ্তজনক সকলোকে পৰীক্ষা কৰা হ’ব বুলি জনাইছে। একেটা পৰিয়ালৰ পুৰুষ-মহিলা উভয়ে সংক্ৰমিত হ’লে, লিংগভিত্তিক পৰীক্ষা পদ্ধতিৰে নিবিড়ভাৱে নিৰীক্ষণ কৰা হ’ব বুলিও জনায় কৰ্তৃপক্ষই। কিন্তু এই পদ্ধতিৰ ফলত বাসিন্দাসকলৰ মাজত বিষয়টোৱে উদ্বেগ বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, প্ৰথমৰে পৰা চীনে কৰ'নাৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ ৬৯ জন লোক কৰ’নাক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাছত ৰাজধানী বেইজিঙৰ কৰ্তৃপক্ষই নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে। এনে অৱস্থাত চীনে উত্তৰ কোৰিয়াত এইদৰে সংক্ৰমণ বিয়পি পৰাক বিষয়টোক লৈ চিন্তিত হৈ পৰিছে। বিদেশৰ সংক্ৰমণ ৰোধ কৰিবলৈ উত্তৰ চীনৰ আন এটি বন্দৰ চহৰ টিয়ানজিনৰ ছাবমেট্ৰ’ আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে। একে সময়তে চীন প্ৰশাসনে সংক্ৰমণ প্ৰতিৰোধৰ বাবে অতিৰিক্ত ৰাসায়নিক বীজাণুনাশক ব্যৱহাৰ কৰাৰ কথাও উত্থাপন হৈছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ