--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ উত্তৰ কোৰিয়াত বিগত কেই সপ্তাহ মানৰ পৰা কমেও ১৭ লক্ষ লোক জ্বৰত আক্ৰান্ত হৈছে। এই জ্বৰক কৰ’না সংক্ৰমণ বুলি ধাৰণা কৰিছে সংশ্লিষ্ট মহলে। উত্তৰ কোৰিয়াৰ সাময়িক প্ৰেক্ষাপটে উদ্বিগ্ন কৰি তুলিছে চীনক। 

উত্তৰ কোৰিয়াৰ সীমান্তৰ পৰা মাত্ৰ ৩০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চীনৰ বন্দৰ চহৰ ডালিয়ানৰ প্ৰায় ৭৫ লাখ লোকক প্ৰতিদিনে ক’ৰ’না পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে চীনে। প্ৰশাসনে জনোৱা অনুসৰি, কৰ’না পৰীক্ষাৰ বাবে তেওঁলোকে অভিনৱ পদ্ধতি গ্ৰহণ কৰিছে। মঙলবাৰে কেৱল মহিলা, বৃহস্পতিবাৰে কেৱল পুৰুষ আৰু শনিবাৰে আৰ্তজনক সকলোকে পৰীক্ষা কৰা হ’ব বুলি জনাইছে। একেটা পৰিয়ালৰ পুৰুষ-মহিলা উভয়ে সংক্ৰমিত হ’লে, লিংগভিত্তিক পৰীক্ষা পদ্ধতিৰে নিবিড়ভাৱে নিৰীক্ষণ কৰা হ’ব বুলিও জনায় কৰ্তৃপক্ষই। কিন্তু এই পদ্ধতিৰ ফলত বাসিন্দাসকলৰ মাজত বিষয়টোৱে উদ্বেগ বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, প্ৰথমৰে পৰা চীনে কৰ'নাৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ ৬৯ জন লোক কৰ’নাক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাছত ৰাজধানী বেইজিঙৰ কৰ্তৃপক্ষই নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে। এনে অৱস্থাত চীনে উত্তৰ কোৰিয়াত এইদৰে সংক্ৰমণ বিয়পি পৰাক বিষয়টোক লৈ চিন্তিত হৈ পৰিছে। বিদেশৰ সংক্ৰমণ ৰোধ কৰিবলৈ উত্তৰ চীনৰ আন এটি বন্দৰ চহৰ টিয়ানজিনৰ ছাবমেট্ৰ’ আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে। একে সময়তে চীন প্ৰশাসনে সংক্ৰমণ প্ৰতিৰোধৰ বাবে অতিৰিক্ত ৰাসায়নিক বীজাণুনাশক ব্যৱহাৰ কৰাৰ কথাও উত্থাপন হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ