--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত দুবছৰ ধৰি, বিভিন্ন দেশে কৰ’না মহামাৰীৰ ভয়াবহতাৰ সন্মুখীন হৈছে। চলিত বৰ্ষতো, চীনকে ধৰি বিভিন্ন দেশত ক’ভিডৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কিন্তু তাৰ মাজতে উত্তৰ কোৰিয়াত প্ৰথমবাৰৰ বাবে ক’ভিড সংক্ৰমণ ধৰা পৰাৰ খবৰে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। কিম জং উনৰ দেশত প্ৰথমবাৰৰ বাবে এজন ক’ভিড সংক্ৰমিত চিনাক্ত হোৱাৰ পাছতে ব্যাপক চৰ্চা চলিছে। তাৰ পাছতে লগে লগে সেই দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। সমগ্ৰ দেশতে জৰি কৰা হৈছে কঠোৰ লকডাউন।

লক্ষণীয় যে, ২০১৯ চনত চীনত প্ৰথম কৰ’না ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হৈছিল। তাৰ পাছত ২০২০ চনত ই পৃথিৱীৰ প্ৰায় আটাইবোৰ দেশলৈ বিয়পি পৰিছিল যদিও দাবী কৰা হৈছিল যে ক’ভিড সংক্ৰমণ উত্তৰ কোৰিয়াত চিনাক্ত হোৱা নাছিল। সমগ্ৰ বিশ্বতে ক’ভিডৰ সংক্ৰমণ চলি থকাৰ সময়ত কিম জং উন প্ৰশাসনে সীমান্ত অঞ্চলবোৰ প্ৰায় অৱৰোধ কৰি ৰাখিছিল।

শেহতীয়াকৈ প্ৰকাশ পোৱা অনুসৰি পিয়ংইয়ঙত জ্বৰত ভুগি থকা কিছুমান লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল। তাৰ পাছতে, ক’ভিড সংক্ৰমণ চিনাক্ত হয়। কোৰিয়ান সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, কৰ’নাৰ অমিক্ৰন প্ৰকাৰটোৰ সংক্ৰমণ চিনাক্ত কৰা হৈছে। অৱশ্যে, উত্তৰ কোৰিয়াই কিমানজন লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে তাৰ পৰিসংখ্যা প্ৰকাশ কৰা নাই। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকখনত কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰাৰ বাৰ্তা দিছিল। কিমে বৈঠকৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। তেওঁ কৈছে যে, ‘লক্ষ্য হৈছে কম সময়ৰ ভিতৰত ভাইৰাছটো আঁতৰ কৰা।’

পৰ্যবেক্ষকসকলে দাবী কৰে যে, দেশখনত দীৰ্ঘদিন ধৰি কৰ’নাৰ সংক্ৰমণ চলি আছে। অৱশ্যে, ইয়াক কেতিয়াও স্বীকাৰ কৰা হোৱা নাছিল। দেশত এতিয়াও ক’ভিড টিকাকৰণ আৰম্ভ হোৱা নাই। কিম প্ৰশাসনে ক’ভিড ভেকছিন আৰু এষ্ট্ৰাজেনেকা ভেকছিন লোৱাৰ চীনৰ প্ৰস্তাৱ নাকচ কৰিছে। বিশেষজ্ঞসকলৰ মতে, কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাত টিকাকৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেনে ক্ষেত্ৰত, উত্তৰ কোৰিয়াত টিকাকৰণ আৰম্ভ নোহোৱাৰ বাবে সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ