--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত দুবছৰ ধৰি, বিভিন্ন দেশে কৰ’না মহামাৰীৰ ভয়াবহতাৰ সন্মুখীন হৈছে। চলিত বৰ্ষতো, চীনকে ধৰি বিভিন্ন দেশত ক’ভিডৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কিন্তু তাৰ মাজতে উত্তৰ কোৰিয়াত প্ৰথমবাৰৰ বাবে ক’ভিড সংক্ৰমণ ধৰা পৰাৰ খবৰে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। কিম জং উনৰ দেশত প্ৰথমবাৰৰ বাবে এজন ক’ভিড সংক্ৰমিত চিনাক্ত হোৱাৰ পাছতে ব্যাপক চৰ্চা চলিছে। তাৰ পাছতে লগে লগে সেই দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। সমগ্ৰ দেশতে জৰি কৰা হৈছে কঠোৰ লকডাউন।

লক্ষণীয় যে, ২০১৯ চনত চীনত প্ৰথম কৰ’না ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হৈছিল। তাৰ পাছত ২০২০ চনত ই পৃথিৱীৰ প্ৰায় আটাইবোৰ দেশলৈ বিয়পি পৰিছিল যদিও দাবী কৰা হৈছিল যে ক’ভিড সংক্ৰমণ উত্তৰ কোৰিয়াত চিনাক্ত হোৱা নাছিল। সমগ্ৰ বিশ্বতে ক’ভিডৰ সংক্ৰমণ চলি থকাৰ সময়ত কিম জং উন প্ৰশাসনে সীমান্ত অঞ্চলবোৰ প্ৰায় অৱৰোধ কৰি ৰাখিছিল।

শেহতীয়াকৈ প্ৰকাশ পোৱা অনুসৰি পিয়ংইয়ঙত জ্বৰত ভুগি থকা কিছুমান লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল। তাৰ পাছতে, ক’ভিড সংক্ৰমণ চিনাক্ত হয়। কোৰিয়ান সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, কৰ’নাৰ অমিক্ৰন প্ৰকাৰটোৰ সংক্ৰমণ চিনাক্ত কৰা হৈছে। অৱশ্যে, উত্তৰ কোৰিয়াই কিমানজন লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে তাৰ পৰিসংখ্যা প্ৰকাশ কৰা নাই। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকখনত কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰাৰ বাৰ্তা দিছিল। কিমে বৈঠকৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। তেওঁ কৈছে যে, ‘লক্ষ্য হৈছে কম সময়ৰ ভিতৰত ভাইৰাছটো আঁতৰ কৰা।’

পৰ্যবেক্ষকসকলে দাবী কৰে যে, দেশখনত দীৰ্ঘদিন ধৰি কৰ’নাৰ সংক্ৰমণ চলি আছে। অৱশ্যে, ইয়াক কেতিয়াও স্বীকাৰ কৰা হোৱা নাছিল। দেশত এতিয়াও ক’ভিড টিকাকৰণ আৰম্ভ হোৱা নাই। কিম প্ৰশাসনে ক’ভিড ভেকছিন আৰু এষ্ট্ৰাজেনেকা ভেকছিন লোৱাৰ চীনৰ প্ৰস্তাৱ নাকচ কৰিছে। বিশেষজ্ঞসকলৰ মতে, কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাত টিকাকৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেনে ক্ষেত্ৰত, উত্তৰ কোৰিয়াত টিকাকৰণ আৰম্ভ নোহোৱাৰ বাবে সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন