--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা আকাশত কিছুমান অদ্ভুত পৰিঘটনা সংঘটিত হয়। এইবাৰ হঠাতে তেজৰ দৰে ৰঙা হৈ পৰিল আকাশ। আকাশৰ এই ৰং দেখি আতংকিত হৈ পৰিছে জনতা। বহু লোকেই সন্দেহ কৰিছে এয়া কেনেবাকৈ মহাপ্ৰলয়ৰ আগজাননী নহয়তো? এই ঘটনা সংঘটিত হৈছে চীনৰ (China) ঝৌশান (Zhoushan ) চহৰত। 



আকাশৰ তেজৰঙা ৰং দেখি  মানুহৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি হয়। আকাশখন তেজৰ দৰে ৰঙা হোৱা দেখি মানুহে বেলেগ ধৰণে অনুমান কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ কিছুমানে বিশ্বাস কৰিছিল যে এয়া মহাপ্ৰলয়ৰ আগজাননী আৰু কিছুমানে কৈছিল যে কৰ'নাই ধ্বংস দেখুৱাবলৈ গৈ আছে। চীনৰ মানুহে আশংকা কৰিছিল যে এইটো  কৰ'না ভাইৰাছৰ সৈতে সম্পৰ্কিত এটা অশুভ লক্ষণ হ'ব পাৰে। 

ঝাউশানৰ বতৰ বিজ্ঞান ব্যুৰোৱে এই অনুমানবোৰৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ঘটনাটোত অতি প্ৰাকৃতিক একো নাই। তেওঁলোকে কৈছিল যে কুঁৱলী বহুত বেছি আছিল আৰু ডাৱৰবোৰ কম উচ্চতাত আছিল। এইটো পোহৰৰ প্ৰতিসৰণৰ ফলত হোৱা এটা ঘটনা। এটা স্থানীয় মাছ ধৰা কোম্পানীয়ে নিশ্চিত কৰিছে যে এই ঘটনা তেওঁলোকৰ মাছ ধৰা নাওৰ পৰা সংঘটিত হৈছিল। 



কোম্পানীৰ উপ প্ৰৱন্ধকে কৈছিল যে ''এই আকাশৰ ৰঙা পোহৰ আমাৰ মাছ ধৰা নাওবোৰৰ পৰা হৈছিল। মাছ ধৰাৰ সময়ত আমি ৰঙা লাইটবোৰ অন কৰিব লাগে। যেতিয়া এই লাইটবোৰ জ্বলোৱা হয়, সেইবোৰ পানীৰ সৈতে সংঘৰ্ষ হয় আৰু আকাশলৈ যায়। কিন্তু কুঁৱলীৰ বাবে, ইয়াক ৰঙা দেখা গৈছিল। উপকূলীয় অঞ্চলত এইটো সচৰাচৰ হয়।'' 

কিছুমানে এই কথা বিশ্বাস কৰিছে যদিও বহুলোকে কৰা নাই কাৰণ তেওঁলোকে কৈছে যে আগতেও মাছ ধৰা হয়, আগতেও কুঁৱলী পৰে কিন্তু সেইদিনাহে কিয় এনে ঘটনা সংঘটিত হ'ল!..এয়া নিশ্চয়কৈ প্ৰকৃতিৰ এক লীলাৰ বাহিৰে একো নহয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ