--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ নৱ-বিবাহিতা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। দুয়ো ১৪ এপ্ৰিলত বান্দ্ৰাৰ 'বাস্তু' বাসগৃহত এক পাৰিবাৰিক পৰিৱেশত পাঞ্জাৱী শৈলীত বিবাহ পাশত আৱদ্ধ হয়। এই বিশেষ দিনটোত, কইনাৰ হাতৰ ‘কলি’ কাপুৰ পৰিয়ালৰ জ্যেষ্ঠ কন্যা কৰিশ্মা কাপুৰৰ হাতত পৰিছিল।

পঞ্জাৱীসকলৰ বিয়াত কইনাৰ হাতৰ খাৰুৰ লগত সংলগ্ন সোণৰ ঝুমকা সদৃশ গহনাই হৈছে ‘কলিৰা’। কইনাই আলিয়াই তেওঁৰ ভগ্নী আৰু বান্ধৱীসকলৰ মূৰৰ ওপৰত হাত জোকাৰিছিল। যাৰ মূৰত এই ‘কলিৰা’বোৰ সৰি পৰে তেওঁৰে বিয়া হোৱাৰ পালা পৰে বুলি ধাৰণা কৰি লোৱা হয়। সেই ধাৰণাকে মান্যতা দিয়াই এইবাৰ কৰিশ্মা কাপুৰৰ বিবাহ সমাগত বুলি ছ’চিয়েল মিডিয়াত চৰ্চা হৈছে।

ইনষ্টাগ্ৰামত ‘কলিৰা’ৰ সৈতে এখন ফটো পোষ্ট কৰি কৰিশ্মাই লিখিছে, ‘ইনষ্টাগ্ৰাম বনাম ৰিয়েলিটী।‘কলিৰা’ আহি মোৰ ওপৰতে পৰিছিল! একে সময়তে, কৰিশ্মা কিমান উচ্ছসিত সেয়া তেওঁৰ হেছটেগে প্ৰমাণ। কৰিশ্মাই ব্যৱহাৰ কৰা হেছটেগ কেইটা হৈছে  #couldibemoreexcited #merebhaikishaadihai
 
মন কৰিবলগীয়া যে, ৰণবীৰ-কৰিশ্মা সম্পৰ্কত সম্পৰ্কীয় ভাই-ভনী। কৰিশ্মা এসময়ত বলীউডৰ এক নম্বৰ নায়িকা আছিল। ব্যক্তিগত জীৱনত একাধিক প্ৰেমিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পৰিছিল এইগৰাকী সুন্দৰী অভিনেত্ৰী।  একাধিকবাৰ বিচ্ছেদৰ অভিজ্ঞতাৰো সন্মুখীন হ’বলগীয়া হৈছিল কৰিশ্মা। বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতো সুখকৰ নহ’ল কৰিশ্মাৰ সংসাৰ। ঘৰুৱা অশান্তিৰ বাবে ২০১৬ চনত কৰিশ্মা-সঞ্জয়ৰ বিবাহ বিচ্ছেদ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ