--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ নৱ-বিবাহিতা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। দুয়ো ১৪ এপ্ৰিলত বান্দ্ৰাৰ 'বাস্তু' বাসগৃহত এক পাৰিবাৰিক পৰিৱেশত পাঞ্জাৱী শৈলীত বিবাহ পাশত আৱদ্ধ হয়। এই বিশেষ দিনটোত, কইনাৰ হাতৰ ‘কলি’ কাপুৰ পৰিয়ালৰ জ্যেষ্ঠ কন্যা কৰিশ্মা কাপুৰৰ হাতত পৰিছিল।

পঞ্জাৱীসকলৰ বিয়াত কইনাৰ হাতৰ খাৰুৰ লগত সংলগ্ন সোণৰ ঝুমকা সদৃশ গহনাই হৈছে ‘কলিৰা’। কইনাই আলিয়াই তেওঁৰ ভগ্নী আৰু বান্ধৱীসকলৰ মূৰৰ ওপৰত হাত জোকাৰিছিল। যাৰ মূৰত এই ‘কলিৰা’বোৰ সৰি পৰে তেওঁৰে বিয়া হোৱাৰ পালা পৰে বুলি ধাৰণা কৰি লোৱা হয়। সেই ধাৰণাকে মান্যতা দিয়াই এইবাৰ কৰিশ্মা কাপুৰৰ বিবাহ সমাগত বুলি ছ’চিয়েল মিডিয়াত চৰ্চা হৈছে।

ইনষ্টাগ্ৰামত ‘কলিৰা’ৰ সৈতে এখন ফটো পোষ্ট কৰি কৰিশ্মাই লিখিছে, ‘ইনষ্টাগ্ৰাম বনাম ৰিয়েলিটী।‘কলিৰা’ আহি মোৰ ওপৰতে পৰিছিল! একে সময়তে, কৰিশ্মা কিমান উচ্ছসিত সেয়া তেওঁৰ হেছটেগে প্ৰমাণ। কৰিশ্মাই ব্যৱহাৰ কৰা হেছটেগ কেইটা হৈছে  #couldibemoreexcited #merebhaikishaadihai
 
মন কৰিবলগীয়া যে, ৰণবীৰ-কৰিশ্মা সম্পৰ্কত সম্পৰ্কীয় ভাই-ভনী। কৰিশ্মা এসময়ত বলীউডৰ এক নম্বৰ নায়িকা আছিল। ব্যক্তিগত জীৱনত একাধিক প্ৰেমিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পৰিছিল এইগৰাকী সুন্দৰী অভিনেত্ৰী।  একাধিকবাৰ বিচ্ছেদৰ অভিজ্ঞতাৰো সন্মুখীন হ’বলগীয়া হৈছিল কৰিশ্মা। বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতো সুখকৰ নহ’ল কৰিশ্মাৰ সংসাৰ। ঘৰুৱা অশান্তিৰ বাবে ২০১৬ চনত কৰিশ্মা-সঞ্জয়ৰ বিবাহ বিচ্ছেদ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ