--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী ছাৰা আলী খানৰ অন্য এক পৰিচয় হৈছে প্ৰকৃতিপ্ৰেমী হিচাপে। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সামান্য সকাহ পালেই তেওঁ প্ৰকৃতিৰ কাষলৈ লৱৰি যায়। প্ৰকৃতিৰ নিবিড় কোলাত শান্তিপূৰ্ণ সময় অতিবাহিত কৰাটো তেওঁৰ অভ্যাসত পৰিণত হৈছে। শেহতীয়াকৈ তেওঁৰ প্ৰকৃতিপ্ৰেমৰ আন এক বিতোপন নিদৰ্শন দাঙি ধৰিছে ছেইফ তনয়া ছাৰাই।

 

ইনষ্টাগ্ৰামত ছাৰা আলী খানে শ্বেয়াৰ কৰা ভালেমান আলোকচিত্ৰই এতিয়া ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ কোলাত নিৰলে সময় অতিবাহিত কৰাৰ এই আলোকচিত্ৰসমূহে তেওঁৰ সুশ্ৰী-সুষমাময় ৰূপটো তুলি ধৰিছে। পূৰ্ণিমাৰ জোনটোৰ সৈতে তেওঁ উঠা আলোকচিত্ৰসমূহে তেওঁৰ সৌন্দৰ্যকো যেন নতুন ৰূপত উদ্ভাসিত কৰি তুলিছে। তেওঁৰ শেহতীয়া পোষ্টসমূহত পূৰ্ণিমাৰ জোনটোৰ সৈতে তেওঁৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে ছাৰাই। পূৰ্ণিমাৰ জোনৰ পৰিপূৰ্ণ আৰু উজ্জ্বলতৰ ৰূপটো তুলি ধৰি ছাৰাই কৰিছে এই বিশেষ ফটোশ্বুট। পূৰ্ণিমাৰ দিনটোত জোন উঠি অহা বুৰ যোৱাৰ ক্ষণৰ ভালেমান আলোকচিত্ৰ প্ৰকাশ কৰি ছাৰা আলী খানে অনুৰাগীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ নিজৰ ইনষ্টা পোষ্টত এই ছবি পোষ্ট কৰি লিখিছে, ‘উদিত আৰু ডুব যোৱাৰ ক্ষণৰ পূৰ্ণজোন। শান্তিপূৰ্ণ পূৰ্ণিমা।’

 

ছাৰাই এই আলোকচিত্ৰ প্ৰকাশ কৰাৰ পাছতে তেওঁৰ অনুৰাগীসকলে তেওঁৰ এই পোষ্টত বিভিন্ন কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। ছাৰাৰ আলোকচিত্ৰসমূহক প্ৰশংসা কৰি অনুৰাগীসকলে তেওঁক প্ৰশংসাৰে ওপচাই পেলাইছে। একাংশই তেওঁৰ আলোকচিত্ৰৰ তলত ‘অতি সুন্দৰ’ বুলি কমেণ্ট দিয়াৰ লগতে একাংশই লিখিছে যে, ‘আপোনাৰ প্ৰকৃতিপ্ৰেম সঁচাকৈয়ে প্ৰশংসনীয়’। উল্লেখ্য যে, বলীউডৰ নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ব্যস্ত অভিনেত্ৰী ছাৰা এতিয়া ‘গেছলাইট’ ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত