--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী ছাৰা আলী খানৰ অন্য এক পৰিচয় হৈছে প্ৰকৃতিপ্ৰেমী হিচাপে। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সামান্য সকাহ পালেই তেওঁ প্ৰকৃতিৰ কাষলৈ লৱৰি যায়। প্ৰকৃতিৰ নিবিড় কোলাত শান্তিপূৰ্ণ সময় অতিবাহিত কৰাটো তেওঁৰ অভ্যাসত পৰিণত হৈছে। শেহতীয়াকৈ তেওঁৰ প্ৰকৃতিপ্ৰেমৰ আন এক বিতোপন নিদৰ্শন দাঙি ধৰিছে ছেইফ তনয়া ছাৰাই।

 

ইনষ্টাগ্ৰামত ছাৰা আলী খানে শ্বেয়াৰ কৰা ভালেমান আলোকচিত্ৰই এতিয়া ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ কোলাত নিৰলে সময় অতিবাহিত কৰাৰ এই আলোকচিত্ৰসমূহে তেওঁৰ সুশ্ৰী-সুষমাময় ৰূপটো তুলি ধৰিছে। পূৰ্ণিমাৰ জোনটোৰ সৈতে তেওঁ উঠা আলোকচিত্ৰসমূহে তেওঁৰ সৌন্দৰ্যকো যেন নতুন ৰূপত উদ্ভাসিত কৰি তুলিছে। তেওঁৰ শেহতীয়া পোষ্টসমূহত পূৰ্ণিমাৰ জোনটোৰ সৈতে তেওঁৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে ছাৰাই। পূৰ্ণিমাৰ জোনৰ পৰিপূৰ্ণ আৰু উজ্জ্বলতৰ ৰূপটো তুলি ধৰি ছাৰাই কৰিছে এই বিশেষ ফটোশ্বুট। পূৰ্ণিমাৰ দিনটোত জোন উঠি অহা বুৰ যোৱাৰ ক্ষণৰ ভালেমান আলোকচিত্ৰ প্ৰকাশ কৰি ছাৰা আলী খানে অনুৰাগীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ নিজৰ ইনষ্টা পোষ্টত এই ছবি পোষ্ট কৰি লিখিছে, ‘উদিত আৰু ডুব যোৱাৰ ক্ষণৰ পূৰ্ণজোন। শান্তিপূৰ্ণ পূৰ্ণিমা।’

 

ছাৰাই এই আলোকচিত্ৰ প্ৰকাশ কৰাৰ পাছতে তেওঁৰ অনুৰাগীসকলে তেওঁৰ এই পোষ্টত বিভিন্ন কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। ছাৰাৰ আলোকচিত্ৰসমূহক প্ৰশংসা কৰি অনুৰাগীসকলে তেওঁক প্ৰশংসাৰে ওপচাই পেলাইছে। একাংশই তেওঁৰ আলোকচিত্ৰৰ তলত ‘অতি সুন্দৰ’ বুলি কমেণ্ট দিয়াৰ লগতে একাংশই লিখিছে যে, ‘আপোনাৰ প্ৰকৃতিপ্ৰেম সঁচাকৈয়ে প্ৰশংসনীয়’। উল্লেখ্য যে, বলীউডৰ নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ব্যস্ত অভিনেত্ৰী ছাৰা এতিয়া ‘গেছলাইট’ ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ