--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউড জগতৰ জনপ্ৰিয় যুটি সমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় দম্পতী হিচাপে নাম আছে অজয় দেৱগন-কাজলৰ। তেওঁলোকৰ মাজৰ সম্পৰ্ক সদায় ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰা দেখা যায়। বহুতে বলীউডৰ এই যুটিটোৰ নাম থৈছে 'পাৱাৰ কাপল'। পাছে ছ’চিয়েল মিডিয়াত কাজলৰ সৈতে সদায় চৰ্চা লাভ কৰা দেখা যায় আন এক প্ৰসংগই। কাজলৰ সৈতে শ্বাহৰূখৰ  সম্পৰ্কক কেন্দ্ৰ কৰি আজিও ওলায় নানা খবৰ। কাজল বৰ্তমান অজয়ৰ অৰ্ধাংগিনী হ’লেও বা তেওঁলোকৰ মাজত মধুৰ সম্পৰ্ক এটা থাকিলেও বৈবাহিক জীৱনৰ বিবাদৰ কিন্তু অন্ত নাই। তেওঁলোকৰ মাজত এই সম্পৰ্কৰ বিবাদৰ কাৰণো হৈছে শ্বাহৰূখ খান।

শ্বাহৰূখ খানৰ চলচ্চিত্ৰ কেৰিয়াৰ যথেষ্ট দৰ্শনীয়। বলীউডত কেইবাখনো ছুপাৰহিট ছবি উপহাৰ দিছে তেওঁ। কিন্তু একে সময়তে, তেওঁৰ ব্যক্তিগত জীৱনত ভূমুকি মাৰিলে  পোহৰলৈ আহে কেতবোৰ বিতৰ্ক। শেহতীয়াকৈ, বলীউডৰ বিখ্যাত অভিনেতা অজয় দেৱগনৰ পত্নী কাজলে এসময়ত শ্বাহৰূখ খানক খুব ভাল পাইছিল বুলি খবৰ ওলাইছে। পিছে কাজলে বিচাৰিলেও, তেওঁলোকৰ মাজৰ সম্পৰ্কই নাপালে শেষ পৰিণতি।কিন্তু কিয়? উল্লেখ্য যে, বলীউডৰ কিং শ্বাহৰূখক হেনো বৰ ভাল পাইছিল কাজলে। ইমান ভালপোৱাৰ পাছতো কিন্তু শ্বাহৰূখৰ অৰ্ধাংগিনী হ’ব নোৱাৰিলে কাজলে। শ্বাহৰূখ-কাজল কেৱল ভাল বন্ধু হিচাপে ৰৈ গ’ল চিৰদিনৰ বাবে। কিন্তু কাজলৰ প্ৰেমে কিয় পূৰ্ণতা নাপালে? শ্বাহৰূখে কাজলৰ প্ৰেমক স্বীকৃতি নিদিলে নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ? তাকে লৈ হৈছে চৰ্চা।

দৰাচলতে, যেতিয়া কাজল বলীউড অভিনেতা শ্বাহৰূখ খানক খুব ভাল পাইছিল তেতিয়া শ্বাহৰূখ আছিল বিবাহিত। সেইবাবে কাজলে শ্বাহৰূখক পছন্দ কৰাৰ পাছতো অভিনেতা শ্বাহৰূখ খান কেৱল এজন ভাল বন্ধু হৈ থাকিল কাজলৰ বাবে। অজয় দেৱগনৰ সৈতে কাজলৰ বৈবাহিক জীৱন অধিক সুসজ্জিত আৰু সুখময় হ’লেও হেনো আজিও শ্বাহৰূখৰ প্ৰতি যেন একেই অনুৰাগ, একেই ভালপোৱা কাজলৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ