--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউড জগতৰ জনপ্ৰিয় যুটি সমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় দম্পতী হিচাপে নাম আছে অজয় দেৱগন-কাজলৰ। তেওঁলোকৰ মাজৰ সম্পৰ্ক সদায় ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰা দেখা যায়। বহুতে বলীউডৰ এই যুটিটোৰ নাম থৈছে 'পাৱাৰ কাপল'। পাছে ছ’চিয়েল মিডিয়াত কাজলৰ সৈতে সদায় চৰ্চা লাভ কৰা দেখা যায় আন এক প্ৰসংগই। কাজলৰ সৈতে শ্বাহৰূখৰ  সম্পৰ্কক কেন্দ্ৰ কৰি আজিও ওলায় নানা খবৰ। কাজল বৰ্তমান অজয়ৰ অৰ্ধাংগিনী হ’লেও বা তেওঁলোকৰ মাজত মধুৰ সম্পৰ্ক এটা থাকিলেও বৈবাহিক জীৱনৰ বিবাদৰ কিন্তু অন্ত নাই। তেওঁলোকৰ মাজত এই সম্পৰ্কৰ বিবাদৰ কাৰণো হৈছে শ্বাহৰূখ খান।

শ্বাহৰূখ খানৰ চলচ্চিত্ৰ কেৰিয়াৰ যথেষ্ট দৰ্শনীয়। বলীউডত কেইবাখনো ছুপাৰহিট ছবি উপহাৰ দিছে তেওঁ। কিন্তু একে সময়তে, তেওঁৰ ব্যক্তিগত জীৱনত ভূমুকি মাৰিলে  পোহৰলৈ আহে কেতবোৰ বিতৰ্ক। শেহতীয়াকৈ, বলীউডৰ বিখ্যাত অভিনেতা অজয় দেৱগনৰ পত্নী কাজলে এসময়ত শ্বাহৰূখ খানক খুব ভাল পাইছিল বুলি খবৰ ওলাইছে। পিছে কাজলে বিচাৰিলেও, তেওঁলোকৰ মাজৰ সম্পৰ্কই নাপালে শেষ পৰিণতি।কিন্তু কিয়? উল্লেখ্য যে, বলীউডৰ কিং শ্বাহৰূখক হেনো বৰ ভাল পাইছিল কাজলে। ইমান ভালপোৱাৰ পাছতো কিন্তু শ্বাহৰূখৰ অৰ্ধাংগিনী হ’ব নোৱাৰিলে কাজলে। শ্বাহৰূখ-কাজল কেৱল ভাল বন্ধু হিচাপে ৰৈ গ’ল চিৰদিনৰ বাবে। কিন্তু কাজলৰ প্ৰেমে কিয় পূৰ্ণতা নাপালে? শ্বাহৰূখে কাজলৰ প্ৰেমক স্বীকৃতি নিদিলে নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ? তাকে লৈ হৈছে চৰ্চা।

দৰাচলতে, যেতিয়া কাজল বলীউড অভিনেতা শ্বাহৰূখ খানক খুব ভাল পাইছিল তেতিয়া শ্বাহৰূখ আছিল বিবাহিত। সেইবাবে কাজলে শ্বাহৰূখক পছন্দ কৰাৰ পাছতো অভিনেতা শ্বাহৰূখ খান কেৱল এজন ভাল বন্ধু হৈ থাকিল কাজলৰ বাবে। অজয় দেৱগনৰ সৈতে কাজলৰ বৈবাহিক জীৱন অধিক সুসজ্জিত আৰু সুখময় হ’লেও হেনো আজিও শ্বাহৰূখৰ প্ৰতি যেন একেই অনুৰাগ, একেই ভালপোৱা কাজলৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত