--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কোটা মহানগৰত ছাত্র-ছাত্ৰীৰ আত্মহত্যা বৃদ্ধি পোৱাৰ ঘটনাক লৈ শুকুৰবাৰে ৰাজস্থান চৰকাৰ উচ্চতম ন্যায়ালয়ৰ তীব্র সমালোচনাৰ সন্মুখীন হয়। ন্যায়াধীশ জে বি পাদীৱালা আৰু আৰ মাধৱনৰ এখন পীঠে কয় যে এইবছৰ মহানগৰখনত ১৪টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। ৰাজস্থান চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাক ন্যায়াধীশ পাদীৱালাই প্রশ্ন কৰে, 'ৰাজ্য হিচাপে আপোনালোকে কি কৰি আছে? কিয় এই ল'ৰা-ছোৱালীবোৰৰ আত্মঘাতী হৈ মৃত্যু হৈছে আৰু কেৱল কোটাত? এখন ৰাজ্য হিচাপে আপোনালোকে চিন্তা কৰা নাই নেকি?' 

অধিবক্তাই ন্যায়ালয়ক জনায় যে আত্মহত্যাৰ ঘটনাবোৰ পৰীক্ষা কৰিবলৈ বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছে। ন্যায়ালয়ে খড়গপুৰ আই আই টিৰ ২২ বছৰীয়া এগৰাকী শিক্ষাৰ্থীৰ মৃত্যুৰ লগতে কোটাত নিজৰ অভিভাৱকৰ সৈতে থকা নীট পৰীক্ষা দিবলৈ বিচৰা এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ বিষয়ৰ ঘটনাৰ শুনানি গ্ৰহণৰ সময়ত ৰাজস্থান চৰকাৰক প্ৰশ্ন কৰে। অধিবক্তাই ন্যায়ালয়ক জনায় যে তদন্ত চলি আছে আৰু এইবছৰ ১৪গৰাকী শিক্ষার্থীয়ে কোটাত আত্মহত্যা কৰিছে। 

আনহাতে ৪ দিন পাছত এফ আই আৰ ৰুজু কৰাৰ বাবে ৰাজস্থান চৰকাৰক উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায় অৱমাননা কৰা বুলিও কয়। কোটাৰ ঘটনাত এফ আই আৰত পলম হোৱা বাবে ন্যায়ালয়ে পৰিস্থিতি ব্যাখ্যা কৰিবলৈ সংশ্লিষ্ট আৰক্ষী বিষয়ালৈ ১৪ জুলাইত ন্যায়ালয়ত হাজিৰ হ'বলৈ চমন জাৰি কৰে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ